উপ-ৰাষ্ট্ৰপতি সচিবালয়

উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰচুৰ পৰ্যটন সম্ভাৱনাৰ উপযোগিতা গ্ৰহণৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

উপ ৰাষ্ট্ৰপতিয়ে কয়, বিমান সংযোগ বৰ্ধন হৈছে উত্তৰ- পূবলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ মূল

উত্তৰ- পূৰ্বাঞ্চললৈ ভ্ৰমণক উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহক আহ্বান উপ ৰাষ্ট্ৰপতিৰ

মিজোৰামৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইৰ ইংৰাজী কবিতাৰ সংকলন ‘অ’হ মিজোৰাম’ উন্মোচন উপ ৰাষ্ট্ৰপতিৰ

Posted On: 18 DEC 2020 5:57PM by PIB Guwahati

ভাৰতৰ উপ- ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে আজি উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰচুৰ পৰ্যটন সম্ভাৱনাৰ উপযোগিতা সম্পূৰ্ণৰূপে গ্ৰহণৰ আহ্বান জনাই আৰু এই অঞ্চলটোলৈ বিমান যোগাযোগ উন্নত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যক্ত কৰে।

তেওঁ কয় যে যদিহে পৰ্যটনৰ সম্ভাৱনাৰ উপযোগিতা সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হয়, তেতিয়া ইক’- টুৰিজিম আৰু কালচাৰেল টুৰিজিম উত্তৰ- পূবৰ উন্নয়নৰ আধাৰ হৈ পৰিব পাৰিব।

যোগাযোগ আৰু পৰ্যটন আন্তঃগাঁথনিৰ বৰ্ধনৰ অৰ্থে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ উল্লেখ কৰি, শ্ৰী নাইডুৱে কয় যে অঞ্চলটোৰ বিমান সংযোগৰ উন্নয়ন সাধনে পৰ্যটকৰ আগমণত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব।

ভাৰতলৈ প্ৰতিবছৰে বিদেশৰপৰা ২৬ নিযুত পৰ্যটকৰ আগমণ হোৱাৰ কথা উল্লেখ কৰি, উপ ৰাষ্ট্ৰপতিজনে কয় যে ক’ভিড- ১৯ পৰৱৰ্তী পৰ্যায়ত এওঁলোকৰ বহুতেই ‘ট্ৰেভেল লোকেল’ক পচ্ছন্দ কৰিব। ই উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ বৃহৎ সুযোগ আগবঢ়াইছে, যাৰ জৰিয়তে এই ৰাজ্যসমূহে এই ঘৰুৱা পৰ্যটকসকলৰ অৰ্থে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰক প্ৰোৎসাহিত কৰিব পাৰিব বুলি তেওঁ লগতে কয়।

এই অঞ্চলটোৰ পৰ্যটন সম্ভাৱনা পূৰ্ণৰূপে গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই, তেওঁ উত্তৰ- পূৰ্বাঞ্চললৈ ভ্ৰমণক প্ৰোৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

মিজোৰামৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লায়ে ৰচনা কৰা ‘অ’হ মিজোৰাম’ শীৰ্ষক গ্ৰন্থখনি ভাৰ্চুৱেলী উন্মোচন কৰি, উপ ৰাষ্ট্ৰপতিজনে অঞ্চলটোক ইয়াৰ অসামান্য প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে প্ৰশংসা কৰে আৰু কয় যে মিজোৰামৰ বৰ্ণাঢ্য উৎসৱ, লোক সংগীত আৰু তেজোময় নৃত্যই মিজো সমাজক প্ৰকৃতপক্ষে অনন্য কৰি তুলিছে। “চংবাৰ্ড অৱ দ্য ইষ্ট” হিচাপে প্ৰায়েই অভিহিত হোৱা মিজোসকলে সংগীতৰ বাবে সহজাত প্ৰতিভাৰে ধন্য হৈছে বুলি তেওঁ লগতে কয়।

উপ- ৰাষ্ট্ৰপতিজনে কয়, সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলে ২২০ ৰোধিক জাতিগত গোষ্ঠী আৰু সম পৰিমাণৰ স্থানীয় ভাষাৰে বৈচিত্ৰ্যময় ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰিছে।

‘ডায়েবেটিছ’ ৰ ওপৰত এটা কবিতাৰ উদ্ধৃতি আগবঢ়াই, শ্ৰী নাইডুৱে উল্লেখ কৰে যে বহু সংখ্যক ভাৰতীয়ই ডায়েবেটিছ, হাইপাৰটেনশ্যন আৰু মেদবহুলতাত আক্ৰান্ত হৈছে। জীৱন- প্ৰণালীৰ অনিয়মানুৱৰ্তিতা আৰু অস্বাস্থ্যকৰ খাদ্যাভাসৰ বাবে এনে হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত, প্ৰকৃতিৰ সৈতে সহবাস কৰা আৰু প্ৰকৃতিৰপৰা আহৰণ কৰা খাদ্য গ্ৰহণ কৰা উত্তৰ- পূৰ্বাঞ্চলৰ লোকসকলে এটা সুস্থ জীৱন- প্ৰণালীৰে সমগ্ৰ ভাৰতৰ বাবে দৃষ্টান্ত দাঙি ধৰিব পাৰে। তেওঁ সন্তোষ প্ৰকাশ কৰি কয় যে উত্তৰ- পূবে জৈৱিক কৃষিকাৰ্য্যৰ পথ দেখুৱাইছে আৰু ছিকিমৰ উদাহৰণ দাঙি ধৰি কয় যে ২০১৬ তে ই ভাৰতৰ প্ৰথমখনি জৈৱিক ৰাজ্য হিচাপে পৰিগণিত হয়।

উপ- ৰাষ্ট্ৰপতিজনে তদুপৰি মিজোৰামৰ জনসাধাৰণক প্ৰশংসা কৰি কয় যে সাক্ষৰতা (৯১ শতাংশৰো অধিক) আৰু শিশুৰ লিংগ অনুপাতৰে ইয়াৰ জনসাধাৰণে বিশিষ্ট সামাজিক সূচক দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০১১ ৰ পিয়ল অনুসৰি, ১০০০ ল’ৰাৰ বিপৰীতে ৯৭১ কন্যাৰে সৰ্বোচ্চ শিশুৰ লিংগ অনুপাত মিজোৰামে দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে।

এই কাৰ্যসূচীত মিজোৰামৰ মাননীয় ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাই, উত্তৰ- পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং প্ৰমুখ্য আন- আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ভাষণৰ পূৰ্ণ পাঠ তলত আগবঢ়োৱা হৈছেঃ

“প্ৰিয় বন্ধুসকল,

মিজোৰামৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লায়ে ৰচনা কৰা ‘অ’হ মিজোৰাম’ শীৰ্ষক গ্ৰন্থখনি উন্মোচনৰ অৰ্থে আজি আপোনালোকক লগ পাই মই ধন্য হৈছো।

শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাই হৈছে এজন বহু- মুখী প্ৰতিভাৰ লোক – তেওঁ একেধাৰে এজন সফল আইনজীৱী, এজন প্ৰাক্তন ৰাজনীতিক, এজন বক্তা, এজন সফল লেখক, এজন পৰোপকাৰী লোক আৰু এজন চিন্তক।

মই বিস্মিত যে তেওঁৰ ব্যস্ত জীৱন সত্বেও, তেওঁ মালয়ালম আৰু ইংৰাজীত ৰাজনীতি, সামাজিক আৰু আইনী প্ৰসংগ আৰু কবিতাকে ধৰি ভিন্ন বিষয়ত ১২৫ খন গ্ৰন্থ ৰচনা কৰি উলিয়াইছে। আজি উন্মোচন হ’বলগীয়া গ্ৰন্থখনি, ‘অ’হ, মিজোৰাম’ হৈছে তেওঁৰ ইংৰাজীত প্ৰথম কবিতা সংকলন।

প্ৰকৃতিৰ প্ৰতি তেওঁৰ ভালপোৱাৰ নিদৰ্শন স্বৰূপে, কবিতাসমূহে মিজোৰামৰ গৌৰৱক উদ্বুদ্ধ কৰিছে আৰু শ্ৰী পি.এছ. শ্ৰীধৰণ পিল্লায়ে সঠিকভাৱেই কৈছে

“অ’হ, মিজোৰাম, তুমি ইমান অপৰূপা!”

প্ৰতৃতপক্ষেই, মিজোৰাম ধুনীয়া!

কেৱল অসামান্য প্ৰাকৃতিক সৌন্দৰ্য্যৰই বাবে ৰাজ্যখন সমৃদ্ধ হোৱাই নহয় মিজোৰামৰ বৰ্ণাঢ্য উৎসৱ, লোক সংগীত আৰু তেজোময় নৃত্যই মিজো সমাজক প্ৰকৃতপক্ষে অনন্য কৰি তুলিছে। “চংবাৰ্ড অৱ দ্য ইষ্ট” হিচাপে প্ৰায়েই অভিহিত হোৱা মিজোসকলে সংগীতৰ বাবে সহজাত প্ৰতিভাৰে ধন্য হৈছে।

এই গ্ৰন্থখনিৰ এটি কবিতা ‘নৰ্থ- ইষ্ট কলছ’এ মেট্ৰ’ চিটিৰ জীৱন আৰু মিজোৰামৰ সোনসেৰীয়া পৰিবেশৰ বৰ্ণনা কৰিছে। কবিজনে লিখিছে -

“স্ম’গ শ্ৰাউডছ দ্য কেপিটেল,

এয়াৰ পলুশ্যন ইনডেক্স চ্যুট আপ,

….

কাম টু দ্য ৰেভিচিং নৰ্থ- ইষ্ট

এণ্ড ৰিয়েলাইজ ইয়’ৰ ড্ৰিম অৱ এ ছিলভাৰ ডউন!”

মই নিশ্চিত এই শাৰী কেইটাই জনসাধাৰণক অপৰূপ উত্তৰ- পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

মই ক’বলৈ পাই সন্তোষ পাইছো যে শ্ৰী পি এছ শ্ৰীধৰণ পিল্লায়ে দৈনন্দিন জীৱনৰ ভিন্ন প্ৰসংগ তেওঁৰ কবিতাত উল্লেখ কৰিছে, ইয়াৰ প্ৰকাশ ভংগী হৈছে অন্যন্য। এই সংকলনত তেওঁৰ ‘ডায়েবেটিছ’ শীৰ্ষক এটি কবিতা অন্তৰ্ভুক্ত হৈছে। ইয়াত এজন লোকৰ আৱেগ ধৰি ৰখা হৈছে। যিয়ে এটি আমৰ পুলি ৰোপণ কৰিছিল বহু বছৰ পূৰ্বে। কিন্তু যেতিয়া গছজোপাত ফল ধৰিলে, তেওঁ ইয়াৰ ফল ছিঙি আনিলে কিন্তু … তেওঁৰ ইনচুলিনৰ অভাৱৰ কথা মনে ধৰে আৰু ভগ্ন- হৃদয়েৰে খিৰিকিখন জপাই দিয়ে।

এয়া আজি আমাৰ বহুতৰে মনৰ কথা। বহু সংখ্যক ভাৰতীয়ই ডায়েবেটিছ, হাইপাৰটেনশ্যন আৰু মেদবহুলতাত আক্ৰান্ত হৈছে। জীৱন- প্ৰণালীৰ অনিয়মনুৱৰ্তিতা আৰু অস্বাস্থ্যকৰ খাদ্যাভাসৰ বাবে এনে হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত, প্ৰকৃতিৰ সৈতে সহবাস কৰা আৰু প্ৰকৃতিৰপৰা আহৰণ কৰা খাদ্য গ্ৰহণ কৰা উত্তৰ- পূৰ্বাঞ্চলৰ লোকসকলে এটা সুস্থ জীৱন-প্ৰণালীৰে সমগ্ৰ ভাৰতৰ বাবে দৃষ্টান্ত দাঙি ধৰিব পাৰে। ইয়ে সুস্থ জীৱন- যাপন কৰিবলৈ বাকী থকা লোকসকলক অনুপ্ৰাণিত কৰিব। ক’ভিড- ১৯ মহামাৰীটোৱেও প্ৰকৃতিৰে সৈতে সহবাস কৰাৰ প্ৰয়োজনীয়তাৰ কথাকেই কৈছে তথা আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ পূৰ্বপুৰুষে প্ৰদান কৰা পৰামৰ্শ অনুসৰি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে।

মই সুখী যে উত্তৰ- পূবে জৈৱিক কৃষিকাৰ্য্যৰ পথ দেখুৱাইছে আৰু ছিকিম, ২০১৬ তে ভাৰতৰ প্ৰথমখনি জৈৱিক ৰাজ্য হিচাপে পৰিগণিত হয়। জৈৱিক কৃষিকাৰ্য্য আৰম্ভ কৰাটো হৈছে সময়ৰ আহ্বান আৰু আন ৰাজ্যসমূহেও ইয়াত গুৰুত্ব আৰোপ কৰাটো আৱশ্যকীয়।

শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইৰ বাকী কবিতাসমূহে মাতৃ, মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ ভালপোৱা প্ৰদৰ্শন কৰিছে। মিজোৰামৰ ৰাজভৱনত বহি, তেওঁ ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছে।

এটা কথা উল্লেখ কৰিব লাগিব যে সংগ্ৰ উত্তৰ- পূব ভাৰতেই হৈছে মনোমোহা হ্ৰদ, লানি- লানি সেউজীয়া পাহাৰ, অপৰূপা নৈ আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰে পৰিপূৰ্ণ। য’ত বিস্তৃত জৈৱ্য বৈচিত্ৰ্য বিৰাজমান। সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলে ২২০ ৰোধিক জাতিগত গোষ্ঠী আৰু সম পৰিমাণৰ স্থানীয় ভাষাৰে বৈচিত্ৰ্যময় ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰিছে। এইসমূহৰ ওপৰিও, ইয়াৰ বৃহৎ সংখ্যক ঐতিহাসিক আৰু ধৰ্মীয় ক্ষেত্ৰই অঞ্চলটোৰ সম্ভ্ৰান্ত সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যকে প্ৰদৰ্শন কৰে।

এই বৈশিষ্ট্যৰাজিয়ে উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সকলোৰে বাবে অনন্য পৰ্যটন ক্ষেত্ৰ কৰি তুলিছে। তথাপিতো পৰ্যটনৰ সম্ভাৱনাৰ পূৰ্ণ উপযোগিতা অদ্যপি গ্ৰহণ কৰা হোৱা নাই।

উত্তৰ- পূৰ্বাঞ্চলত পৰ্যটনৰ অপাৰ সম্ভাৱনা আছে আৰু যদিহে ইয়াৰ উপযোগিতা সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হয়, তেতিয়া ইক’- টুৰিজিম আৰু কালচাৰেল টুৰিজিম উত্তৰ- পূবৰ উন্নয়নৰ আধাৰ হৈ পৰিব পাৰিব।

যোগাযোগ আৰু পৰ্যটন আন্তঃগাঁথনিৰ বৰ্ধনৰ অৰ্থে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে প্ৰচেষ্টা গ্ৰহণ কৰিছে। অঞ্চলটোৰ বিমান সংযোগৰ উন্নয়ন সাধনে পৰ্যটকৰ আগমণত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব।

ভাৰতলৈ প্ৰতিবছৰে বিদেশৰপৰা ২৬ নিযুত পৰ্যটকৰ আগমণ হয়। মই নিশ্চিত যে ক’ভিড- ১৯ পৰৱৰ্তী পৰ্যায়ত এওঁলোকৰ বহুতেই ‘ট্ৰেভেল লোকেল’ক পচ্ছন্দ কৰিব। ই উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ বৃহৎ সুযোগ আগবঢ়াইছে, যাৰ জৰিয়তে এই ৰাজ্যসমূহে এই ঘৰুৱা পৰ্যটকসকলৰ অৰ্থে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰক প্ৰোৎসাহিত কৰিব পাৰিব। মই অঞ্চলটোৰ পৰ্যটন সম্ভাৱনা পূৰ্ণৰূপে গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো তথা উত্তৰ- পূৰ্বাঞ্চললৈ ভ্ৰমণক প্ৰোৎসাহিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছো।

সামৰণিৰ পূৰ্বে, মই মিজোৰামৰ জনসাধাৰণক অভিনন্দন জনাব খুজিছো যে ৯১ শতাংশ সাক্ষৰতাৰ হাৰেৰে, দেশখনৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰাম অন্যতম হৈ পৰিছে। ২০১১ ৰ পিয়ল অনুসৰি, ১০০০ ল’ৰাৰ বিপৰীতে ৯৭১ কন্যাৰে সৰ্বোচ্চ শিশুৰ লিংগ অনুপাত মিজোৰামে দাঙি ধৰিবলৈ সক্ষম হয়। এয়া হৈছে এক অভূতপূৰ্ব সফলতা।

মই ৰাজ্যখনৰ সুখ আৰু ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলো।

মই এনে এখনি সৰ্বাংগ- সুন্দৰ কবিতা সংকলন প্ৰণয়ন কৰাৰ বাবে ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইক অভিনন্দন জনাইছো।

তেওঁৰ এটি কবিতাৰ কেইটামান শাৰীৰে মই সামৰণি মাৰিব খুজিছো –

“বি প্ৰাউড এজ ইণ্ডিয়ানছ উইডাউট হেট টু এনিব’ডি

কাম ৱৰ্ক ফৰ দ্য ৰিছাৰেকশ্যন অৱ মাদাৰ- লেণ্ড

ফ’ল’ দ্য শ্ল’গান নেশ্যন ফাৰ্ষ্ট এণ্ড ছেল্ফ নেক্সট

মেক চিঅ’ৰ ডেট ডিছ চেন্সুৰী ইজ ডেট অৱ ইণ্ডিয়া”

ধন্যবাদ।

জয় হিন্দ!”

*****

MS/RK/DP/SB



(Release ID: 1681916) Visitor Counter : 1434