প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ কচ্ছত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 15 DEC 2020 7:05PM by PIB Guwahati

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী নিতিন পেটেল জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, সাংসদসকল, আৰু মোৰ মৰমৰ ভাই-ভনীসকল, की अयो कच्छी माडुओ? शी केड़ो आय? शियारो अने कोरोना, बोय मे ध्यान रखजा ! अज कच्छ अची, मुके, बेवडी खुशी थई रही आय, बेवड़ी ऐटले आय,के कच्छड़ों मुझे धिल जे बोरो वटे आय, ब्यो एतरे के, अज, कच्छ गुजरात , पण, देश जी ओड़ख मे पण, हकड़ो तारो, जोडेलाय वेने तो

বন্ধুসকল,

আজি গুজৰাট আৰু দেশৰ মহান সুপুত্ৰ, চৰদাৰ বল্লভভাই পেটেল জীৰ পূণ্য তিথিও। মা নৰ্মদাৰ পানীৰে গুজৰাটৰ কায়াকল্প কৰাৰ সপোন দেখা চৰদাৰ চাহেবৰ সপোন দ্ৰুত গতিত সম্পূৰ্ণ হৈ আছে। কেৱডিয়াত তেওঁৰ পৃথিৱীৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তিয়ে আমাক দিনে-নিশাই একগোট হৈ দেশৰ বাবে কাম কৰাৰ প্ৰেৰণা দিয়ে। চৰদাৰ চাহেবৰ স্মৰণ কৰি আমি এনেকৈ দেশ আৰু গুজৰাটৰ গৌৰৱ বঢ়াই থাকিব লাগিব।

 

বন্ধুসকল,

আজি কচ্ছতো নতুন শক্তিৰ সঞ্চাৰ হৈছে। ভাবক, আমাৰ কচ্ছত, পৃথিৱীৰ সবাতোকৈ ডাঙৰ Hybrid Renewable Energy পাৰ্ক। আৰু ই কিমান ডাঙৰ? যিমান ডাঙৰ ছিংগাপুৰ দেশ, বাহৰেইন দেশ, প্ৰায় সিমানেই ডাঙৰ ক্ষেত্ৰত কচ্ছৰ এই Renewable Energy Park হ'ব। এতিয়া হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান বিশাল হ'ব। ৭০ হাজাৰ হেক্টৰ, অৰ্থাৎ ভাৰতৰ ডাঙৰ ডাঙৰ চহৰতকৈও ডাঙৰ এই কচ্ছৰ Renewable Energy পাৰ্ক। এই কথা যেতিয়াই শুনো, এই শব্দ কাণত পৰে এই কথা শুনিয়েই কিমান ভাল লাগে! এনেকুৱা লাগেনে নালাগে কচ্ছবাসীৰ! মন কিমান গৌৰৱেৰে ভৰি পৰে!

 

বন্ধুসকল,

আজি কচ্ছে New Age Technology আৰু New Age Economy, দুয়োটা দিশতে বহুত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। খাৱৰাত Renewable Energy পাৰ্ক হওক, মাণ্ডৱীত ডি-ছেলিনেচন plant হওক, আৰু অঞ্জাৰত মৌ ডেইৰীৰ নতুন অটোমেটিক প্লাণ্টৰ শিলান্যাস, তিনিওটাই কচ্ছৰ বিকাশ যাত্ৰাত নতুন ইতিহাস লিখিব। আৰু ইয়াৰ বহুত ডাঙৰ লাভ ইয়াৰ মোৰ কৃষক ভাই-ভনীৰ, পশুপালক ভাই-ভনীৰ, ইয়াৰ সাধাৰণ নাগৰিক আৰু বিশেষকৈ আমাৰ মাতৃসকল, বাই-ভনীসকলৰ হ'ব।

 

বন্ধুসকল,

মই যেতিয়া কচ্ছৰ বিকাশৰ কথা কওঁ, তেতিয়া মনলৈ বহুতো পুৰণি স্মৃতিৰ সকলো ছবি একেলগে আহিবলৈ ধৰে। এটা সময়ত কোৱা হৈছিল যে কচ্ছ ইমান দূৰৈত, বিকাশৰ নাম-গোন্ধ নাই, কানেক্টিভিটি নাই। বিজুলি-পানী-পথ, প্ৰত্যাহ্বানৰ এক প্ৰকাৰৰ অন্য নাম আছিল। চৰকাৰতো এনেকুৱা কথা কোৱা হৈছিল। যদি কাৰোবাক Punishment posting দিবলগীয়া হয় তেন্তে কচ্ছলৈ পঠিয়াই দিয়া আৰু মানুহেও কৈছিল যে কলীয়াপানীৰ শাস্তি হৈ গ'ল। আজি স্থিতি এনেকুৱা যে মানুহে ইচ্ছা প্ৰকাশ কৰে, মই কিছু সময় কচ্ছত সুযোগ পোৱা হ'লে কাম কৰাৰ। কিছু লোকে তো এনেকৈও কৈছিল যে এই ঠাইত বিকাশ কেতিয়াও হ'বই নোৱাৰে। এনেকুৱা অৱস্থাত কচ্ছত ভূমিকম্পৰ দুৰ্যোগো আহে। যিওবা বাচি আছিল, ভূমিকম্পই সেয়াও ধ্বংস কৰি পেলালে। কিন্তু এফালে যদি মাতা আশাপূৰা দেৱী আৰু ককোটেশ্বৰ মহাদেৱৰ আশীৰ্বাদ, তেন্তে আনফালে কচ্ছত মোৰ সাহসী লোকসকলৰ উদ্যম, তেওঁলোকৰ পৰিশ্ৰম, তেওঁলোকৰ ইচ্ছা শক্তি। মাত্ৰ কেইটামান বছৰতে এই অঞ্চলৰ মানুহে সেয়া কৰি দেখুৱালে, যাৰ কথা কোনেও কল্পনাই কৰা নাছিল। কচ্ছৰ মানুহে নিৰাশাক আশাত পৰিণত কৰিলে। মই ভাবো এয়াই তো মাতা আশাপূৰা দেৱীৰ আশীৰ্বাদ। ইয়াত নিৰাশাৰ কাম নাই, আশাই আশা। ভূমিকম্পই যদিও তেওঁলোকৰ ঘৰ ভাঙি পেলাইছিল তথাপি ইমান ডাঙৰ ভূমিকম্পয়ো কচ্ছৰ মানুহৰ মনোবল ভাঙিব নোৱাৰিলে। কচ্ছৰ মোৰ ভাই-ভনীসকল পুনৰ থিয় হ'ল। আৰু আজি চাওক, এই ঠাইখনক তেওঁলোকে ক'ৰ পৰা ক'লৈ লৈ গ'ল।

 

বন্ধুসকল,

আজি কচ্ছৰ পৰিচয় সলনি হৈ গ'ল, আজি কচ্ছৰ জেউতি আৰু দ্ৰুত গতিত বাঢ়ি আছে। আজি কচ্ছ দেশৰ দ্ৰুতগতিত বিকশিত হোৱা ক্ষেত্ৰৰ মাজৰ এখন বিশেষ ক্ষেত্ৰ হৈ পৰিল। আনকি কানেক্টিভিটি দিনে দিনে উন্নত হৈ আছে। এই সীমান্তৱৰ্তী এলেকাত ধাৰাবাহিক পলায়ন, আৰু প্ৰথমতে তো জনসংখ্যাৰ হিচাব চাই লওক, Minus Growth হৈছিল। আৰু ঠাইখনত জনসংখ্যা বৃদ্ধিও কম হৈছিল কিয়নো মানুহ গুছি গৈছিল আৰু বেছিভাগ সীমান্তৱৰ্তী অঞ্চলৰ পৰা মানুহে পলায়ন কৰি গৈছিল, আৰু সেই কাৰণে সুৰক্ষাৰ বাবেও জটিলতা সৃষ্টি হোৱাটো স্বাভাৱিক আছিল। এতিয়া যিহেতু পলায়ন বন্ধ হ'ল, সেয়ে যি গাঁও কেতিয়াবা খালী আছিল, তাত থাকিবলৈ মানুহ উভতি আহি আছে। ইয়াৰ বহুত ডাঙৰ সকাৰাত্মক প্ৰভাৱ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰতো পৰিছে।

 

বন্ধুসকল,

যি কচ্ছ কেতিয়াবা নিমাওমাও আছিল, সেই কচ্ছ দেশ আৰু পৃথিৱীৰ পৰ্যটকসকলৰ প্ৰধান কেন্দ্ৰ হৈ আছে। কৰোণাই নিশ্চিতভাৱে বিপদ সৃষ্টি কৰিছে, কিন্তু কচ্ছৰ শুভ্ৰ ৰণ, কচ্ছৰ ৰণোৎসৱে পৃথিৱীক আকৰ্ষণ কৰে। গড়ে ৪ৰ পৰা ৫ লাখ টুৰিষ্ট ৰণ-উৎসৱৰ সময়ত ইয়ালৈ আহে, শুভ্ৰ ৰেগিস্তান আৰু নীলা আকাশৰ আনন্দ উপভোগ কৰে। এনেকুৱা বৃহৎ ৰূপত সাংস্কৃতিক কাৰ্যসূচী, কচ্ছৰ স্থানীয় সামগ্ৰী ইমান বৃহৎ পৰিমাণত বিক্ৰী, ইয়াত পৰম্পৰাগত খোৱা-লোৱাৰ জনপ্ৰিয়তা, এসময়ত কোনেও ভাবিবই পৰা নাছিল। আজি মই কেইবাজনো পুৰণি চিনাকী লোকৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰো। এনেয়েই মোক কৈ আছিল। কৈছে এতিয়া তো আমাৰ সন্তানে ইংৰাজী ক'বলৈ শিকি গ'ল। মই ক'লো কেনেকৈ, ক'লে এতিয়া তো আমি Home Stay কৰো। আমি ঘৰ সাজিলো যেতিয়া Home Stayৰ বাবে মানুহ থাকে। সেয়ে আমাৰ সন্তানে কওঁতে কওঁতে বহুত কথা শিকি পেলালে। কচ্ছে সমগ্ৰ দেশকে দেখুৱাইছে যে নিজৰ সম্পদৰ ওপৰত, নিজৰ সামৰ্থ্যৰ ওপৰত ভৰষা কৰি কেনেকৈ আত্মনিৰ্ভৰতাৰ দিশত আগবাঢ়িব পাৰি। মই পৃথিৱীৰ ডাবল পেমেণ্টছ এক্সপ'ৰ্টছ, ইউনিভাৰছিটীজ, ৰিছাৰ্চাৰছ ইয়াৰ সৈতে জড়িত মানুহক ক'ম যে ভূমিকম্পৰ পিছত যেনেদৰে কচ্ছৰ চৌপাশে বিকাশ হৈছে, মোৰ ভাব হয় এয়া কেছ ষ্টাডী, ইয়াৰ ষ্টাডী কৰা উচিত, ৰিছাৰ্চ কৰা উচিত আৰু ইয়াত কেনেকুৱা মডেলে কাম কৰি আছে। ইমান ডাঙৰ ভূমিকম্পৰ দুৰ্যোগৰ দুটা দশকৰ ভিতৰত ইমান ডাঙৰ সৰ্বাংগীন বিকাশ সকলো ঠাইতে, তাকো যি ভূমি কেৱল -কেৱল ৰেগিস্তান। এয়া অধ্যয়নৰ বিষয়।

 

বন্ধুসকল,

মই সদায় বিশ্বাস কৰো যে ঈশ্বৰৰ মোৰ ওপৰত বহু কৃপা আছে আৰু ঈশ্বৰৰ কৃপাৰ বাবেই হয়তো ময়ো সেই ভূমিকম্পৰ সময়ত বিশেষ ৰূপত কচ্ছৰ মানুহৰ সেৱা কৰাৰ ঈশ্বৰে সুযোগ দিলে। ইয়াক সংযোগ বুলিয়েই ক'ম যে ভূমিকম্পৰ পৰৱৰ্তী বছৰত পিছত যেতিয়া ৰাজ্যত নিৰ্বাচন হয়, যিদিনা ফলাফল আহে, সেইদিনা তাৰিখ আছিল ১৫ ডিচেম্বৰ আৰু আজি ১৫ ডিচেম্বৰ। কোনেও কল্পনা কৰিব পৰা নাছিল যে ইমান ডাঙৰ ভূমিকম্পৰ পিছত ইয়াত আমাৰ পাৰ্টীক মানুহে আশীৰ্বাদ দিব। বৰ নকাৰাত্মক চৰ্চা চলি আছিল। সেই নিৰ্বাচনত যেতিয়া ১৫ ডিচেম্বৰত ৰিজাল্ট আহে তেতিয়া দেখা গ'ল কচ্ছে যি মৰম বৰষিলে, আশীৰ্বাদ দিলে, আজিও সেই পৰম্পৰা চলি আছে। আজিও চাওক আপোনালোকৰ আশীৰ্বাদ। লগতে বন্ধুসকল, আজি ১৫ ডিচেম্বৰ তাৰিখৰ লগতে আৰু এটা সংযোগ লগলাগি আছে। হয়তো বহুতেই এই কথা জানি আনন্দ পাব। চাওক আমাৰ পূৰ্ব পুৰুষসকলেও কিমান দীঘলীয়াকৈ ভাবি থৈছিল। কিমান দূৰৰ কথা ভাবিছিল। আজিকালি কেতিয়াবা কেতিয়াবা নতুন প্ৰজন্মৰ চিন্তাশীল মানুহে, পুৰণি সকলো নিকম্মা, বেকাৰ এনেকুৱা কথা কয় নহয়, মই এটা ঘটনা শুনাওঁ। আজিৰ পৰা ১১৮ বছৰ আগতে, আজিৰ দিনটোতে ১৫ ডিচেম্বৰত আহমদাবাদত এখন Industrial Exhibition উদ্বোধন কৰিবলৈ গৈছিলো। এই Exhibitionৰ প্ৰধান উদ্দেশ্য আছিল- ভানুতাপ যাত্ৰা। অৰ্থাৎ ১১৮ বছৰৰ আগতে ইয়াৰ আমাৰ এণ্ট্ৰাপ্ৰেনিয়ৰৰ চিন্তা মন কৰক। ভানুতাপ যন্ত্ৰ, অৰ্থাৎ সৌৰতাপ যন্ত্ৰ, ই সবাতোকৈ ডাঙৰ আকৰ্ষণৰ কাৰণ আছিল। ভানুতাপ যন্ত্ৰ সূৰ্যৰ গৰমৰ পৰা চলা যন্ত্ৰ। আৰু একধৰণৰ ছ'লাৰ কুকাৰৰ দৰে তেওঁলোকে বিকশিত কৰে। আজি ১১৮ বছৰৰ পিছত এতিয়া আজি ১৫ ডিচেম্বৰতে সূৰ্যৰ তাপেৰে চলা ইমান ডাঙৰ Renewable Energy পাৰ্কৰ উদ্বোধন কৰা হৈছে। এই পাৰ্কত ছ'লাৰৰ লগতে বায়ু শক্তি, দুয়োটাৰে পৰা প্ৰায় ৩০ হাজাৰ মেগাৱট বিদ্যুৎ উৎপন্ন কৰাৰ ক্ষমতা হ'ব। এই Renewable Energy পাৰ্কত প্ৰায় দেৰলাখ কোটি টকাৰ বিনিয়োগ হ'ব। ভাবক, ৰেগিস্তানৰ কিমান ডাঙৰ ভূমিকা সদ্ব্যৱহাৰ হ'ব। সীমান্তৰ সৈতে বায়ু চক্ৰ সংযোগ হ'লে সীমান্ত সুৰক্ষাও আৰু অধিক উন্নত হ'ব। সাধাৰণ মানুহৰ বিদ্যুতৰ বিল কম কৰিবলৈ যি লক্ষ্যক লৈ দেশ চলি আছে, তাৰো সহায় হ'ব। এই প্ৰজেক্টৰ জৰিয়তে কৃষক আৰু উদ্যোগ উভয়ৰে বহুত ডাঙৰ লাভ হ'ব। আৰু সবাতোকৈ ডাঙৰ কথা, ইয়াৰ পৰা প্ৰদূষণ কম হ'ব, আমাৰ পৰিৱেশৰো লাভ হ'ব। এই Renewable Energy পাৰ্কত যি বিদ্যুৎ উৎপন্ন হ'ব, সি বছৰি ৫ কোটি টন কাৰ্বনডাই অক্সাইড এমিছনক ৰোধ কৰাত সহায় কৰিব আৰু এয়া যি কাম হ'ব, যদি তাক পৰিৱেশৰ হিচাপেৰে চোৱা যায় তেন্তে এই কামে প্ৰায় ৯ কোটি গছ ৰোপন কৰাৰ সমান হ'ব। এই Energy Park, ভাৰতত Per Capita কাৰ্বনডাই অক্সাইড emission কম কৰাতো বহুত ডাঙৰ বৰঙণি আগবঢ়াব। ইয়াৰ ফলত প্ৰায় এক লাখ মানুহে সংস্থাপনৰ নতুন সুযোগো পাব। ইয়াৰ বহুত ডাঙৰ লাভ কচ্ছৰ মোৰ যুৱক-যুৱতীসকলৰ হ'ব।

 

বন্ধুসকল,

এটা সময় আছিল যেতিয়া গুজৰাটৰ মানুহৰ দাবী আছিল যে কমছেকম ৰাতি খাদ্য খোৱাৰ সময়ত বিদ্যুৎ পাব লাগে। আজি গুজৰাট, দেশৰ সেই ৰাজ্যসমূহৰ এখন য'ত চহৰ হওক বা গাঁও, ২৪ ঘণ্টা বিজুলী সুনিশ্চিত কৰা হয়। আজি যি ২০ বছৰৰ নজোৱান হ'ব তেওঁ হয়তো নাজানে যে আগতে কি অৱস্থা আছিল। তেওঁৰ তো আন্দাজো নহ'ব চাগে যে ইমান ডাঙৰ পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তন গুজৰাটৰ মানুহৰ ক্লান্তিহীন প্ৰয়াসৰ বাবেই সম্ভৱ হৈছে। এতিয়া তো কৃষকৰ বাবে কিষান সূৰ্যোদয় যোজনাৰ জৰিয়তে সুকীয়াকৈ সম্পূৰ্ণ নেটৱৰ্কো প্ৰস্তুত কৰি থকা হৈছে। কৃষকৰ ৰাতি জলসিঞ্চনৰ মজবুৰি নহওক, ইয়াৰ বাবে বিশেষ লাইন বহুওৱা হৈছে।

 

ভাই-ভনীসকল,

গুজৰাট দেশৰ প্ৰথম ৰাজ্য যি সৌৰশক্তিৰ কথা মনত ৰাখি নীতি প্ৰস্তুত কৰিছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি লহৰ পৰ্যন্ত ছ'লাৰ পেনেল লগাই দিছো যাৰ চৰ্চা বিদেশলৈকে হৈছে। মোৰ মনত আছে যেতিয়া গুজৰাটে ছ'লাৰ পাৱাৰক উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া এই কথাও উত্থাপিত হৈছিল যে ইমান খৰচী বিদ্যুৎ কি কৰিম? কিয়নো যেতিয়া গুজৰাটে ইমান ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছিল তেতিয়া ছ'লাৰ পাৱাৰ তাৰ পৰা যি বিদ্যুৎ আছিল সেয়া ১৬ টকা বা ১৭ টকাত প্ৰতি ইউনিট বিদ্যুৎ পোৱাৰ কথা আছিল। কিন্তু ভৱিষ্যতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটে ইয়াৰ ওপৰত কাম অব্যাহত ৰাখে। আজি সেই বিদ্যুতেই কেৱল গুজৰাটতে নহয়, সমগ্ৰ দেশতে ২ টকা, ৩ টকা প্ৰতি ইউনিটত বিক্ৰী হৈ আছে। গুজৰাটে তেতিয়া যি কাম কৰিছিল, তাৰ তেতিয়াৰ অনুভৱে আজি দেশক দিশ দৰ্শন কৰি আছে। আজি ভাৰত Renewable Energyৰ উৎপাদনৰ বিষয়ত বিশ্বৰ চতুৰ্থ বৃহৎ শক্তি। প্ৰত্যেক হিন্দুস্তানীৰ গৌৰৱ হ'ব বন্ধুসকল, যোৱা ৬ বছৰত আমাৰ সৌৰশক্তি, তাত আমাৰ ক্ষমতা ১৬গুণ বাঢ়ি গ'ল। সম্প্ৰতি এক ক্লীন এনাৰ্জি ইনভেষ্টমেণ্ট ৰেংকিং আহিছে। এই ক্লীন এনাৰ্জি ইনভেষ্টমেণ্ট ৰেংকিং হৈছে ১০৪ দেশৰ মূল্যাংকন হৈছে, আৰু পৰিণতিত দেখা গৈছে যে পৃথিৱীৰ ১০৪ দেশৰ ভিতৰত প্ৰথম তিনিটা স্থানৰ ভিতৰত ভাৰতে নিজৰ স্থান নিশ্চিত কৰিছে। ক্লাইমেট চেঞ্জৰ বিৰুদ্ধে যুঁজত এতিয়া ভাৰতে সমগ্ৰ পৃথিৱীক পথ প্ৰদৰ্শন কৰিছে, নেতৃত্ব কৰি আছে।

 

বন্ধুসকল,

২১শ শতিকাৰ ভাৰতৰ বাবে যেনেকৈ Energy Security জৰুৰী, সেইদৰে Water Securityও গুৰুত্বপূৰ্ণ আৰু মোৰ আৰম্ভণিৰে পৰা এই কমিটমেণ্ট আছে যে পানীৰ নাটনিৰ বাবে মানুহৰ বিকাশ ৰুদ্ধ হ'ব নালাগে আৰু কোনো অঞ্চলৰ বিকাশ ৰুদ্ধ হ'ব নালাগে। পানীক লৈও গুজৰাটে যি কাম কৰিছে, সেয়া আজি দেশৰ বাবে দিশ দৰ্শনকাৰী হৈছে। এটা সময় আছিল যেতিয়া কচ্ছত মা নৰ্মদাৰ পানী যোগানৰ কথা কোৱা হৈছিল, তেতিয়া কিছুমান মানুহে উপলুঙা কৰিছিল। তেওঁলোকে ইয়াকে কৈছিল যে এয়া তো ৰাজনৈতিক কথা, হ'বলৈ একো নাই। কেতিয়াবা কেতিয়াবা মানুহে কৈছিল ৬০০-৭০০ কিলোমিটাৰ দূৰত মা নৰ্মদা, তাৰ পৰা পানী ইয়ালৈ কেনেকৈ পাবহি। ই কেতিয়াও নহ'ব। আজি কচ্ছত নৰ্মদাৰ পানীও পাইছে আৰু মা নৰ্মদাৰ আশীৰ্বাদো পাই আছে। কচ্ছৰ কৃষক হওক অথবা সীমান্তত থিয় হৈ থকা জোৱান উভয়ৰে পানীৰ চিন্তা আঁতৰ হৈছে। মই ইয়াৰ মানুহক বিশেষ প্ৰশংসা কৰিম যি জল সংৰক্ষণক এটা জন আন্দোলনৰ ৰূপ দিলে। গাঁৱে গাঁৱে মানুহ আগবাঢ়ি আহিল, পানী সমিতিসমূহ গঠন হ'ল, মহিলাসকলো একজোঁট হ'ল, চেক ডেমছ বনালে, পানীৰ টেংকিবিলাক বনালে, লহৰ বনোৱাত সহায় কৰিলে। মই সেই দিন কেতিয়াও পাহৰিব নোৱাৰো, যেতিয়া নৰ্মদাৰ পানী ইয়ালৈ আহিছিল, সেই দিনটো মোৰ সুন্দৰকৈ মনত আছে, যিদিনা মা নৰ্মদাৰ পানী আহি পাইছিল, হয়তো পৃথিৱীত ক'ৰবাত কচ্ছেই হ'ব যেতিয়া নৰ্মদা মাই ইয়াৰ কচ্ছৰ মাটিত পাইছিলহি সকলোৰে চকুত আনন্দৰ চকুলো বৈছিল। সেই দৃশ্য মই দেখিছিলো। পানী কি, এই কথা কচ্ছৰ মানুহে যিমান বুজি পায়, হয়তো সিমান কমেহে বুজি পায়। গুজৰাটত পানীৰ বাবে যি বিশেষ গ্ৰিড বনোৱা হ'ল, লহৰৰ জাল প্ৰসাৰিত কৰা হ'ল, তাৰ লাভ এতিয়া কোটি কোটি মানুহৰ হৈ আছে। ইয়াৰ মানুহৰ প্ৰয়াস, ৰাষ্ট্ৰীয় স্তৰত জলজীৱন মিছনৰো আধাৰ হৈছে। দেশত প্ৰতি ঘৰত পাইপেৰে পানীৰ যোগান ধৰাৰ অভিযান দ্ৰুতগতিত চলি আছে। কেৱল দেৰবছৰৰ ভিতৰত এই অভিযানৰ জৰিয়তে প্ৰায় ৩ কোটি ঘৰত পানীৰ যোগান ধৰা হৈছে। ইয়াত গুজৰাটতো ৮০%তকৈ অধিক ঘৰত নলীৰে পানীৰ সুবিধা কৰা হৈছে। মোক কোৱা হৈছে যে অহা কিছু সময়ৰ ভিতৰতে গুজৰাটৰ প্ৰতিখন জিলাত পাইপেৰে পানীৰ সুবিধা উপলব্ধ হৈ যাব।

 

ভাই-ভনীসকল,

পানী ঘৰলৈকে পোৱাই দিয়াৰ সমান্তৰালকৈ পানীৰ নতুন স্ৰোত বনোৱাটোও অত্যন্ত আৱশ্যকীয়। এই লক্ষ্যৰেই সমুদ্ৰৰ নিমখীয়া পানী বিশুদ্ধ কৰি ব্যৱহাৰৰ ব্যাপক যোজনাৰ ওপৰতো কাম হৈ আছে। মাণ্ডৱীত তৈয়াৰ হ'বলগীয়া Desalination plant, নৰ্মদা গ্ৰিড, ছ'নি নেটৱৰ্ক আৰু ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্টৰ দৰে প্ৰয়াসক আৰু প্ৰসাৰ দিব। পানী পৰিষ্কাৰৰ এই প্লাণ্ট যেতিয়া তৈয়াৰ হৈ যাব তেতিয়া ইয়াৰ ফলত মাণ্ডৱীৰ উপৰিও মুন্দ্ৰা, নাখাটৰাণা, লখপট আৰু আবদাসাৰ কেইবালাখ পৰিয়ালৰ লাভ হ'ব। এই প্লাণ্টৰ জৰিয়তে এই ক্ষেত্ৰৰ প্ৰায় ৮ লাখ মানুহে দৈনিক মুঠ ১০ কোটি লিটাৰ পৰিষ্কাৰ পানীৰ যোগান লাভ কৰিব। আৰু এটা লাভ হ'ব যে বহু কিলোমিটাৰ দূৰৰ পৰা ইয়ালৈ আহি থকা নৰ্মদাৰ পানী, তাৰো আমি বেছি সদ্ব্যৱহাৰ কৰিব পাৰিম। এই পানী কচ্ছৰ অন্য তালুক যেনে ৰাপৰ, ভচাও, গান্ধীধাম আৰু অঞ্জাৰে সুচাৰুৰূপে পাব।

 

বন্ধুসকল,

কচ্ছৰ উপৰিও দহেজ, দ্বাৰকা, ঘোঘা ভাবনগৰ, গিৰ সোমনাথ তাতো এনেকুৱা প্ৰজেক্ট অনাগত সময়ত আৰম্ভ হ'বলৈ গৈ আছে। মই বিশ্বাস কৰো যে সাগৰৰ পাৰত থকা অন্য ৰাজ্যয়ো মাণ্ডৱীৰ এই প্লাণ্টে নতুন প্ৰেৰণা দিব, তেওঁলোকক উৎসাহিত কৰিব।

 

ভাই-ভনীসকল,

সময় আৰু প্ৰয়োজনীয়তাৰ সৈতে পৰিৱৰ্তন কৰা, এয়াই কচ্ছৰ, গুজৰাটৰ শক্তি। আজি গুজৰাটৰ কৃষক, ইয়াৰ পশুপালক, ইয়াৰ আমাৰ মাছমৰীয়া বন্ধুসকল, আগতকৈ বহু উন্নত অৱস্থাত আছে। ইয়াৰ এটা কাৰণ এইটোও যে ইয়াত খেতিৰ পৰম্পৰাক আধুনিকতাৰে সংলগ্ন কৰা হৈছে, ফচলৰ বিবিধতাৰ ওপৰত ফ'কাছ কৰা হৈছে, কচ্ছ সহ গুজৰাটত কৃষকে বেছি ডিমাণ্ড আৰু বেছি দামৰ ফচল, সেইবিলাকৰ ফালে ঢাল ল'লে আৰু আজি সেই দিশত আগবাঢ়ি আছে। এতিয়া আমাৰ কচ্ছৰ পৰা, ইয়াৰ খেতি বিদেশলৈকে এক্সপ'ৰ্ট হ'ব বুলি কোনোবাই কেতিয়াবা ভাবিছিলনে, আজি হৈ থকা ইয়াৰ খেজুৰ, কমলম আৰু ড্ৰেগন ফ্ৰুটৰ দৰে উৎপাদনৰ খেতি বেছি হ'বলৈ লৈছে। কেৱল দেৰদশকত গুজৰাটত কৃষি উৎপাদনত দেৰগুণতকৈ অধিক বৃদ্ধি নথিভুক্ত কৰা হৈছে।

 

ভাই-ভনীসকল,

গুজৰাটত কৃষি ছেক্টৰ শক্তিশালী হোৱাৰ আৰু এটা ডাঙৰ কাৰণ হৈছে যে ইয়াত বাকী উদ্যোগবিলাকৰ দৰেই খেতিৰে জড়িত বেপাৰতো চৰকাৰে দখল নিদিয়ে। চৰকাৰে নিজৰ দখল বহুত সীমিত ৰাখে, মুকলিকৈ এৰি দিছে। আজি আমি দেখিছো যে ডেইৰী আৰু ফিছাৰী ইয়াৰ সৈতে জড়িত দুটা ছেক্টৰ এনেকুৱা, যি দেশত সবাতোকৈ দ্ৰুতগতিত বিকশিত হৈ আছে। বহুত কম মানুহে ইয়াৰ ষ্টাডী কৰিছে, বহুত কম মানুহে ইয়াৰ বিষয়ে লিখে। গুজৰাটতো দুগ্ধ আধাৰিত উদ্যোগৰ ব্যাপক প্ৰচাৰ এই কাৰণেই হৈছে কিয়নো ইয়াত চৰকাৰৰ তৰফৰ পৰা বাধা আৰোপ অতি কম। চৰকাৰে প্ৰয়োজনীয় সহযোগিতা কৰে, বাকী কাম Co-operatives ছেক্টৰৰ লোকে কৰে, বা আমাৰ কৃষক ভাই-ভনীসকলে কৰে।

 

বন্ধুসকল,

অলপতে হোৱা কৃষি সংস্কাৰসমূহৰ দাবী বছৰ বছৰ ধৰি কৰি অহা হৈছিল। বহু কৃষক সংগঠনে আগতেই দাবী কৰিছিল যে শস্য যিকোনো ঠাইতে বিক্ৰী কৰাৰ বিকল্প দিব লাগে। আজি যিসকল লোকে বিপক্ষত বহি কৃষকক ভ্ৰমিত কৰি আছে, তেওঁলোকো নিজৰ চৰকাৰৰ সময়ত, এই কৃষি সংস্কাৰৰ সমৰ্থনত আছিল। কিন্তু নিজৰ চৰকাৰ থাকোতে তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰিলে, কৃষকক মিছা আশ্বাস দি থাকিল। আজি যেতিয়া দেশে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, তেতিয়া এইসকল লোকেই কৃষকক ভ্ৰমিত কৰিবলৈ লগ লাগিছে। মই নিজৰ কৃষক ভাই-ভনীসকলক আকৌ এবাৰ কৈ আছো, বাৰে বাৰে দোহাৰি আছো যে তেওঁলোকৰ প্ৰতিটো আশংকাৰ সমাধানৰ বাবে চৰকাৰ চৌবিশ ঘণ্টাই সাজু। কৃষকৰ হিত, প্ৰথম দিনাৰে পৰা আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ অন্যতম। খেতিত কৃষকৰ খৰচ কম হওক, তেওঁলোকে নতুন নতুন বিকল্প লাভ কৰক, তেওঁলোকৰ আয় বাঢ়ক, কৃষকৰ বিপদ কমক, ইয়াৰ বাবে আমি নিৰন্তৰ কাম কৰি আছো। মোৰ বিশ্বাস আছে, আমাৰ চৰকাৰৰ সততা, আমাৰ চৰকাৰৰ সৎ প্ৰয়াস আৰু যাক প্ৰায় সমগ্ৰ দেশেই আশীৰ্বাদ দিছে, দেশৰ প্ৰতিটো কোণৰ কৃষকে আশীৰ্বাদ দিছে, মোৰ বিশ্বাস আছে, দশজুৰি কৃষকৰ আশীৰ্বাদৰ এই শক্তি, যি ভ্ৰম বিয়পোৱা লোক, যি ৰাজনীতি কৰাৰ বাবে উঠাই অনা লোক, যি কৃষকৰ কান্ধত বন্দুক ফুটাই আছে, দেশৰ সকলো সজাগ কৃষকে তেওঁলোককো পৰাস্ত কৰিব।

 

ভাই-ভনীসকল,

ইয়াৰ লগতে মই আকৌ এবাৰ কচ্ছক অনেক-অনেক শুভ কামনা জনাইছো। এতিয়া কিছু সময়ৰ পিছত, যেতিয়া মই ইয়ালৈ আহিছো, সেয়ে প্ৰলোৎসৱৰ প্ৰতি মোৰ আকৰ্ষণ তো আছেই, কচ্ছৰ ঐতিহ্য, ইয়াৰ সংস্কৃতিক নমন কৰি থকা আৰু এটা কাৰ্যক্ৰম প্ৰলোৎসৱতো ভাগ ল'ম। আকৌ এবাৰ সেই পলবিলাক জীয়াৰ প্ৰয়াস কৰিম। কচ্ছৰ বিশ্বপ্ৰসিদ্ধ White Desertৰ স্মৃতিও নিজৰ সৈতে আকৌ এবাৰ দিল্লীলৈ লৈ যাম। কচ্ছে বিকাশৰ নতুন উচ্চতা স্পৰ্শ কৰি থাকক, মোৰ সদায় এয়াই কামনা থাকিব। মই আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। বহুত বহুত শুভকামনা জনাইছো।

 

বহুত-বহুত কৃতজ্ঞতা!!!

 

*****

DS/SH/DK



(Release ID: 1681714) Visitor Counter : 211