গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ দেশৰ কৃষকৰ মংগলৰ বাবে নিৰন্তৰ সমৰ্পিত মনোভাবেৰে কাম কৰি আছে

আজি কুহিয়াঁৰ কৃষকৰ বাবে মোদী চৰকাৰে আৰু এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ৩৫০০ কোটি টকাৰ সাহায্যত মঞ্জুৰী দিয়ে

পাঁচ কোটি কুহিয়াঁৰ কৃষক, তেওঁলোকৰ পৰিয়াল আৰু এই ক্ষেত্ৰৰে জড়িত পাঁচ লাখ কামিলাক লাভবান কৰা এই সিদ্ধান্তৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীক সহৃদয়তাৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো

Posted On: 16 DEC 2020 7:23PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ দেশৰ কৃষকৰ মংগলৰ বাবে নিৰন্তৰ সমৰ্পিত মনোভাবেৰে কাম কৰি আছে। নিজৰ টুইটত শ্ৰী অমিত শ্বাহে কয় যে আজি কুহিয়াঁৰ কৃষকৰ বাবে মোদী চৰকাৰে এটা আৰু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ৩৫০০ কোটি টকাৰ সাহায্যক মঞ্জুৰী দিয়ে। পাঁচ কোটি কুহিয়াঁৰ কৃষক, তেওঁলোকৰ পৰিয়াল আৰু এই ক্ষেত্ৰৰ সৈতে জড়িত পাঁচ লাখ কামিলাক লাভবান কৰা এই সিদ্ধান্তৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ সহৃদয়তাৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই সাহায্যৰ ধন পোনপটীয়াকৈ কৃষকৰ খাতাত জমা হ'ব।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলীয় সমিতিয়ে আজি কুহিয়াঁৰ কৃষকক ৩,৫০০ কোটি টকাৰ সাহায্য দিয়াত মঞ্জুৰী দিয়ে।

 

এই সময়ত দেশত প্ৰায় পাঁচ কোটি কুহিয়াঁৰ কৃষক আৰু তেওঁলোকৰ পৰিয়াল আছে। ইয়াৰ উপৰিও, চেনী মিলত আৰু তাৰ সহায়ক গতিবিধিত কাম কৰা প্ৰায় পাঁচ লাখ কামিলা আৰু এওঁলোক সকলোৰে জীৱিকা চেনী উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰে। এই ছাবছিডিৰ উদ্দেশ্য চেনী মিলৰ দ্বাৰা চেনী সত্ৰ ২০২০-২১ৰ সময়ত অধিকতম স্বীকৃত ৰপ্তানি কোটা (এমএইকিউ)ৰ জৰিয়তে ৬০ লাখ মেট্ৰিক টনৰ মাত্ৰা পৰ্যন্ত চেনীৰ ৰপ্তানি কৰাত তাৰ ব্যৱস্থা, সংশোধন তথা অন্য প্ৰসংস্কৰণ লগ্নি আৰু আন্তৰাষ্ট্ৰীয় তথা দেশীয় পৰিবহন আৰু মাল ভাড়া শুল্কসহ তাৰ ওপৰত আহিবলগীয়া মুঠ বজাৰ মূল্য সম্পূৰ্ণ কৰিব লাগিব।

*****

NW/RK/PK/AY



(Release ID: 1681361) Visitor Counter : 117