যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

স্পেকট্ৰাম নিলামত কেবিনেটৰ অনুমোদন

Posted On: 16 DEC 2020 3:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট স্পেকট্ৰাম নিলাম সম্পন্নৰ বাবে টেলিকমিউনিকেশ্যন বিভাগৰ এটা প্ৰস্তাৱত অনুমোদন জনালে। ইয়াৰ জৰিয়তে বাণিজ্যিক ম’বাইল সেৱা আগবঢ়াবলৈ স্পেকট্ৰাম সফল বিডাৰলৈ আগবঢ়োৱা যাব।

এই নিলামৰ স্পেকট্ৰাম হৈছে ৭০০ মেগাহাৰ্জ, ৮০০ মেগাহাৰ্জ, ৯০০ মেগাহাৰ্জ, ১৮০০ মেগাহাৰ্জ, ২১০০ মেগাহাৰ্জ, ২৩০০ মেগাহাৰ্জ আৰু ২৫০০ মেগাহাৰ্জ ফ্ৰিকুয়েন্সী বেণ্ড। ২০ বছৰ ভেলিডিটি পিৰিয়ডৰ বাবে এছাইনমেন্টৰ অৰ্থে স্পেকট্ৰাম আগবঢ়োৱা যাব। ৩,৯২,৩৩২.৭০ কোটি টকা (সংৰক্ষিত মূল্যত)ৰ মুঠ নিৰ্ধাৰিত মূল্যৰ জৰিয়তে মুঠ ২২৫১.২৫ মেগাহাৰ্জ আগবঢ়োৱা হৈছে।

এই নিলামৰ জৰিয়কে স্পেকট্ৰাম ব্যৱহাৰৰ অধিকাৰ লাভ কৰাৰ জৰিয়তে, আৰোপিত টেলিকম সেৱা প্ৰদানকাৰীসকলে তেওঁলোকৰ নেটৱৰ্ক ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব য’ত নতুন প্লেয়াৰে তেওঁলোকৰ সেৱা আৰম্ভ কৰিবলৈ সক্ষম হ’ব।

এই নিলামত, বিডাৰে পেৰামিটাৰ/চৰ্ত মানি চলিব লাগিব। উদাহৰণস্বৰূপেঃ ব্লক চাইজ যাৰ জৰিয়তে বিডাৰে তেওঁলোকৰ বিড দাখিল কৰিবলৈ সক্ষম হ’ব, স্পেকট্ৰাম কেপ অৰ্থাৎ স্পেকট্ৰামৰ সৰ্বাধিক পৰিমাণ যি নিলাম সম্পূৰ্ণ, বাধ্যবাধকতাৰ ৰুল-আউট, পৰিশোধৰ চৰ্ত ইত্যাদিৰ পাছত প্ৰতিজন বিডাৰৰ বাবে অনুষ্ঠিত কৰিব পাৰি।

সফল বিদাৰে একেবাৰতে (আপফ্ৰন্ট) সমগ্ৰ বিড পৰিমাণ পৰিশোধ কৰিব পাৰে বা এটা নিৰ্দিষ্ট পৰিমাণ পৰিশোধৰ বিকল্প আপফ্ৰন্টৰ সুবিধা গ্ৰহণ কৰিব পাৰে (৭০০ মেগাহাৰ্জ, ৮০০ মেগাহাৰ্জ, ৯০০ মেগাহাৰ্জ বেণ্ডত লাভ কৰা স্পেকট্ৰামৰ বাবে ২৫% বা ১৮০০ মেগাহাৰ্জ, ২১০০ মেগাহাৰ্জ, ২৩০০ মেগাহাৰ্জ, ২৫০০ মেগাহাৰ্জ বেণ্ডত লাভ কৰা স্পেকট্ৰামৰ বাবে ৫০%) আৰু বাকী থকা পৰিমাণ দুই বছৰৰ মৰেটৰিয়ামৰ পাছত সৰ্বাধিক ১৬ সমান বাৰ্ষিক কিস্তিত পৰিশোধ কৰিব পাৰে।

বিড পৰিমাণৰ অতিৰিক্তভাৱে, সফল বিদাৰে ৱাইৰলেছ সেৱাক বাদ দি এডজাষ্টেড গ্ৰছ ৰেভিনিউ (AGR)ৰ ৩% পৰিশোধ কৰিব লাগিব কিয়নো এই নিলামৰ জৰিয়তে স্পেকট্ৰাম লাভৰ বাবে স্পেকট্ৰাম ব্যৱহাৰৰ মাচুল আৰোপিত কৰা হৈছে।

সফল বিডাৰলৈ স্পেকট্ৰাম আৰোপৰ স্পেকট্ৰাম নিলাম হৈছে এটা স্বচ্ছ প্ৰক্ৰিয়া। যথোচিত স্পেকট্ৰামৰ উপলব্ধতাই উপভোক্তালৈ আগবঢ়োৱা টেলিকম সেৱাৰ মান বৃদ্ধি কৰে।

এটা কথা প্ৰাসংগিক যে আজি টেলিকম খণ্ড হৈছে মূল আন্তঃগাঁথনি আগবঢ়াওঁতা। যাৰ অৰ্থনৈতিক বিকাশ, প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি আৰু ডিজিটেল ইণ্ডিয়াৰ সম্প্ৰসাৰণৰ সৈতে শক্তিশালী সংযোগ আছে। সেয়েহে কেবিনেটৰ ওপৰোক্ত সিদ্ধান্তই সকলো প্ৰত্যাশাত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে।

******

DS/SB



(Release ID: 1681358) Visitor Counter : 157