বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

২০২৫ চনৰ ভিতৰত ৫ত্ৰিলিয়ন মাৰ্কিন ডলাৰ-ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰৰে জোঁট বান্ধিছে উদ্যোগখণ্ডই, ‘আইচিচি’-ৰ পূৰ্ণংগ অধিৱেশনত শ্ৰী পীয়ুষ গোৱেলৰ মন্তব্য

Posted On: 15 DEC 2020 5:50PM by PIB Guwahati

বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চ(আইচিচি)-ৰ বাৰ্ষিক পূৰ্ণংগ অধিৱেশন সম্বোধন কৰে।

ভাষণ প্ৰসংগত শ্ৰী গোৱেলে কভিড মহামাৰীৰ সময়ছোৱাত সন্মুখীন হোৱা সংকট চম্ভালাৰ লগতে মহামাৰীয়ে সৃষ্টি কৰা সমস্যাৱলী প্ৰশমণৰ ক্ষেত্ৰত আইচিচি-য়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। ২০২৫ চনৰ ভিতৰত ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি সম্ভৱ কৰাৰ বাবে দেশে ইতমধ্যে গ্ৰহণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো আইচিচি-য়ে একেই ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

তেওঁ কয় যে আমাৰ ব্যৱসায়-বাণিজ্য, সামগ্ৰিক প্ৰক্ৰিয়া, আমাৰ কাম কৰাৰ ধৰণ-কৰণ, আমাৰ মান আৰু উত্পাদনশীলতাৰ পৰ্যায় আদি পুনৰীক্ষণ কৰাৰ বাবে কভিডক এক সুযোগ বুলি গণ্য কৰা উচিতআপোনালোক প্ৰত্যেকক লৈ এইখন দেশ গৌৰৱান্বিত। এই পৰিস্থিতি চম্ভালাৰ বাবে, আৰু পিপিই, মাস্ক, ভেণ্টিলেটৰ আদিৰ দৰে সামগ্ৰী ভাৰতত উত্পাদন কৰাৰ ক্ষেত্ৰত ভাৰতীয় উদ্যোগখণ্ডই যেনেকৈ ইয়াৰ সামৰ্থ্য বৰ্দ্ধন কৰিলে, এইখন ৰাষ্ট্ৰই সেয়া সদায়ে মনত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে।

আজি সমগ্ৰ পৃথিৱীয়েই ভাৰতক এক বিশ্বাসী সতীৰ্থ গণ্য কৰিছে। এইখন পৃথিৱীয়ে পৰিস্থিতি চম্ভালিব পৰা এক গোলকীয় যোগান শৃংখল স্থাপন হোৱাটো কামনা কৰে আৰু এই সুযোগ গ্ৰহণ কৰাটো আমাৰ কৰ্তব্য, আত্মনিৰ্ভৰ ভাৰত আমাৰ মন্ত্ৰ, অনুপ্ৰেৰণা আৰু লক্ষ্য বুলিও তেওঁ অভিমত ব্যক্ত কৰে। যেনেকৈ আজিৰ তাৰিখত আমাক পৃথিৱীৰ ফাৰ্মাচী বুলি চিহ্নিত কৰা হৈছে, ঠিক তেনেকৈ পৃথিৱীৰ কাৰখানা ৰূপে পৰিগণিত হোৱাৰ বাবে  আমি আমাৰ লক্ষ লক্ষ যুৱক-যুৱতীৰ দক্ষতাৰ সদ্ব্যৱহাৰ কৰিব লাগিব২০২৫ চনৰ ভিতৰত ৫ত্ৰিলিয়ন-ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰৰে উদ্যোগখণ্ডই জোঁট বান্ধিছে বুলিও শ্ৰী গোৱেলে মন্তব্য কৰে।

শ্ৰী গোৱেলে ২০৪৭ চনত দেশৰ স্বতন্ত্ৰতাৰ ১০০ সংখ্যক উদযাপনৰ সময়ত দেশক বিশ্বৰ ১নং অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে পণ লব নোৱাৰোনে বাৰু বুলি ঔদ্যোগিক খণ্ডৰ দিগগজসকলক আহ্বান জনায়।

ভাষণ প্ৰসংগত তেওঁ ১৩৫ কোটি ভাৰতীয়ৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি এক উন্নত মানৰ স্বাস্থ্য সুৰক্ষা, সু-শিক্ষা আৰু উন্নত জীৱনশৈলী প্ৰদান কৰাৰ বাবে সকলোৱে অহোপুৰুষাৰ্থ কৰিবলৈ সাজু হোৱৰো আহ্বান জনায়।

 

****

YB/AP/KB



(Release ID: 1680986) Visitor Counter : 96