হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে শুভাৰম্ভ কৰিলে পিএম স্বনিধি হিতাধিকাৰীসকলৰ আৰ্থ-সামাজিক প্ৰফাইল প্ৰস্তুতৰ কাম

সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ লাভালাভ সমূহ সম্প্ৰসাৰণ কৰা হ'ব

গয়া, ইন্দোৰ, কাকচিং, নিজামাবাদ, ৰাজকোট আৰু বাৰাণসীত আৰম্ভ কৰিব পাইলট কাৰ্য্যসূচী

प्रविष्टि तिथि: 11 DEC 2020 1:33PM by PIB Guwahati

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই আজি প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অতিৰিক্ত উপাদান হিচাপে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় প্ৰতিনিধি আৰু ৰাজ্যিক বিষয়াসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰী স্বনিধি হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থ-সামাজিক প্ৰফাইলিং কাৰ্য্যসূচী শুভাৰম্ভ কৰে ইয়াৰ অধীনত, প্ৰতিজন পিএম স্বনিধি হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ এক সম্পূৰ্ণ প্ৰ'ফাইল প্ৰস্তুত কৰা ' প্ৰফাইল কৰা তথ্যৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়ন বাবে বিভিন্ন যোগ্য কেন্দ্ৰীয় আঁচনিৰ লাভালাভ  তেওঁলোকলৈ সম্প্ৰসাৰিত কৰা '

 

এই আৰম্ভণি মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰ পৰিপ্ৰেক্ষিতত হৈছে যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখন কেৱল পথ বিক্ৰেতাসকলক ঋণ প্ৰদান কৰা দৃষ্টিকোণৰ পৰাই দেখা যাব নালাগে, ইয়াক তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ সামগ্ৰিক বিকাশ আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে লৈ যোৱাৰ এক সঁজুলি হিচাপেও দেখা উচিত

 

প্ৰথম পৰ্যায়ত, কাৰ্যসূচীটোৰ বাবে ১২৫ খন চহৰ বাছনি কৰা হৈছে প্ৰ'ফাইলটোৱে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বাছনিৰ বাবে হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সম্ভাৱ্য যোগ্যতা চিনাক্ত কৰিব আৰু সংযোগৰ সুবিধা প্ৰদান কৰিব ইয়াৰ উপৰিও, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দিষ্ট কল্যাণ আঁচনিবোৰ সম্প্ৰসাৰিত কৰাৰ বিকল্প সুবিধা থাকিব এই কাৰ্য্যসূচীৰ বাবে মেচাৰ্ছ কোৱালিটী কাউন্সিল অৱ ইণ্ডিয়া (কিউচিআই)ক ৰূপায়ণ সহযোগী হিচাপে নিযুক্তি দিয়া হৈছে

 

সম্পূৰ্ণৰূপে আৰম্ভ কৰাৰ আগতে, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ছয়খন চহৰ ক্ৰমে গয়া, ইন্দোৰ, কাকচিং, নিজামাবাদ, ৰাজকোট, আৰু বাৰাণসীত এক পাইলট কাৰ্য্যসূচী চলাব

 

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (এমঅএইচইউএ) ১ জুন, ২০২০ ৰ পৰা প্ৰধান মন্ত্ৰী পথ বিক্ৰেতা আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনি ৰূপায়ণ কৰি আছে, যাৰ উদ্দেশ্য হৈছে কভিড-১৯ মহামাৰীৰ দ্বাৰা বিৰূপভাৱে প্ৰভাৱিত তেওঁলোকৰ জীৱিকা পুনৰ উদ্ধাৰ কৰাৰ বাবে পথ বিক্ৰেতাসকলক ১০,০০০ টকালৈকে সুলভ কাৰ্যকৰী পুঁজি ঋণ প্ৰদান কৰা

 

 *************

RJ/KG


(रिलीज़ आईडी: 1680177) आगंतुक पटल : 268
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu