গৃহ মন্ত্ৰালয়

মাদক দ্ৰব্য নিয়ন্ত্ৰণত সহযোগিতাক লৈ পঞ্চম ম্যানমাৰ দ্বিপাক্ষিক ভাৰ্চুৱেল বৈঠক সম্পন্ন

দুয়োখন দেশেই মাদক দ্ৰব্য জব্দ কৰা ঘটনা, নতুন ছাইক’ট্ৰ’পিক সামগ্ৰী ধৰা পেলোৱা আৰু মাদক সৰবৰাহকাৰী ধৰা পেলোৱাৰ ক্ষেত্ৰত উচিত তদন্ত কৰিবৰ বাবে সময়মতে চোৰাংচোৱা তথ্য বিনিময়ত সন্মত হৈছে

Posted On: 11 DEC 2020 1:19PM by PIB Guwahati

মাদক নিয়ন্ত্ৰণ সহযোগিতাক লৈ ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন হ’ল পঞ্চম ম্যানমাৰ দ্বিপাক্ষিক বৈঠক। ভাৰতৰ নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰ’ আৰু ম্যানমাৰৰ চেন্ট্ৰেল কমিটি অন ড্ৰাগ এবিউজ কন্ট্ৰ’লৰ মাজত সম্পন্ন হয় এই বৈঠক। ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰ’ৰ মহানিৰ্দেশক শ্ৰী ৰাকেশ আস্থানাই, আনফালে ম্যানমাৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে ড্ৰাগ এনফোৰ্ছমেন্ট ডিভিজনৰ (ডিইডি) কামাণ্ডাৰ তথা চেন্ট্ৰেল কমিটি ফৰ ড্ৰাগ এবিউজ কন্ট্ৰ’লৰ যুটীয়া সচিব ব্ৰিগেডিয়েৰ জেনেৰেল ইউন নেইং।

এনচিবিৰ মহানিৰ্দেশক শ্ৰী ৰাকেশ আস্থানাই বিশেষকৈ দেশত হেৰোইন আৰু এম্ফিটামাইন টাইপ ষ্টিমুলেন্টছ (এটিএছ)  প্ৰসাৰৰ কথা উত্থাপন কৰে। তেওঁ কয়, ম্যানমাৰ সীমান্তত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত মাদক ব্যৱহাৰ বৃদ্ধি পোৱাটো ভাৰতৰ বাবে বৃহৎ উদ্বেগৰ কাৰণ। ভাৰত-ম্যানমাৰ সীমান্তত বৃহৎ সুৰুঙা থকাৰ উপৰিও বঙ্গোপসাগৰত জলপথেৰে মাদক দ্ৰব্যৰ প্ৰসাৰ দুয়োখন দেশৰ বাবেই নতুন সমস্যা হৈ উঠিছে। এই অঞ্চলত মাদক দ্ৰব্যৰ সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত ম্যানমাৰৰ সৈতে তথ্য যোগান বিনিময় কৰাৰ বাবে সামগ্ৰিক প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ লক্ষ্যৰে এনচিবি দায়বদ্ধ থাকিব।

ডিইডিৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইউন নেইং-এ য়াবা টেবলেটৰ উৎপাদন বৃদ্ধিৰ সমস্যা বিস্তাৰিতভাৱে জনায়, যিয়ে এই অঞ্চলত গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে যদিও ম্যানমাৰ আৰু ভাৰতৰ মাজত সহযোগিতা ব্যৱস্থাপনা বিগত কেইটামান বছৰত বৃদ্ধি পাইছে। তেওঁ ভাৰতক আৰ্জি জনায় যে প্ৰতিটো স্তৰতে মাদক দ্ৰব্যৰ প্ৰসাৰ আৰু চোৰাং কাৰুকাৰ্যৰ বিষয়ে দ্ৰুত তথ্য আদান-প্ৰদান যাতে সুচলভাৱে সম্ভৱ হয়। ডিইডিৰ কামাণ্ডাৰে মাদক সমস্যা বৃদ্ধি পোৱাৰ আশংকাৰ মোকাবিলাৰ বাবে ভাৰত চৰকাৰ আৰু এনচিবিৰ দীৰ্ঘ প্ৰয়াসক অভিনন্দন জনায়।

মাদক সামগ্ৰী বাজেয়াপ্ত কৰা, নতুন ধৰণৰ ছাইক্ৰোট্ৰ’পিক সামগ্ৰী আৰু সেইবোৰৰ ব্যৱসায়ী তথা সৰবৰাহকাৰীৰ বিষয়ে তদন্ত চলাবলৈ সঠিক সময়ত চোৰাংচোৱা তথ্য আদান-প্ৰদানত সন্মত হৈছে দুই দেশ। মাদক আইন বলবৎ কৰিবলৈ ধাৰাবাহিক সহযোগিতা জোৰদাৰ কৰাৰ বাবে শীৰ্ষ বিষয়াসকল আৰু সীমান্ত স্তৰৰ বিষয়া/ক্ষেত্ৰ স্তৰৰ বিষয়াসকলৰ মাজত নিয়মিত বৈঠকতো ৰাজী হৈছে দুই পক্ষ। ম্যানমাৰ-ভাৰত সীমান্তত মাদক দ্ৰব্য প্ৰসাৰৰ বাবে বেআইনী প্ৰৱেশ আৰু প্ৰস্থানৰ পথক লৈ তথ্য বিনিময়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মাদক দ্ৰব্যৰ প্ৰসাৰ ৰোধ কৰিবলৈ ব্যৱহৃত প্ৰযুক্তি সংক্ৰান্তীয় তথ্য বিনিময়ৰো সিদ্ধান্ত হৈছে।

ধন্যবাদ জ্ঞাপন আৰু সৌহাৰ্দ্য বিনিময়ৰ মাধ্যমে গঠনমূলক আৰু অৰ্থবহ আলোচনাৰ বাবে আৰু ভৱিষ্যতেও সহযোগিতাৰ বাবে দায়বদ্ধতা প্ৰকাশেৰে বৈঠক সমাপ্ত হয়। তাৰ লগতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ২০২১ চনত ভাৰতত মাদক নিয়ন্ত্ৰণ সহযোগিতাৰ বাবে ষষ্ঠ ভাৰত- ম্যানমাৰ দ্বিপাক্ষিক বৈঠক হ’ব।

 

*****

NW/RK/PK/AD/DD/RD



(Release ID: 1680171) Visitor Counter : 197