তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰত-বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে মোকাবিলা কৰাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ শ্ৰী শ্ৰীপদ নাইক

Posted On: 10 DEC 2020 4:55PM by PIB Guwahati

ভাৰত-বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে মোকাবিলা কৰাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সংবাদ মাধ্যমৰ লোককে ধৰি আমাৰ সকলোৰে এয়া দায়িত্ব যে কোনো ভাৰত-বিৰোধী শক্তিয়ে যাতে আমাৰ সংবাদ মাধ্যমক নিজৰ দেশ বিৰুদ্ধে ব্যৱহাৰ কৰি থাকিব নোৱাৰে। কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইকে এইদৰে কয়। প্ৰতিৰক্ষা কৰ্মীৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন(আইআইএমচি)এ আয়োজন কৰা মিডিয়া কমিউনিকেচন পাঠ্যক্ৰমৰ বিদায়ী অনুষ্ঠানত বৃহস্পতিবাৰে তেওঁ এই কথা উল্লেখ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰী নাইকে কয় যে বৰ্তমান ভুৱা বাতৰি আৰু ঘৃণাৰ বাতৰিৰ প্ৰচাৰ বৃদ্ধি পোৱাৰ সময়ত সকলোকে সংবাদ সাক্ষৰতা(মিডিয়া লিটাৰেচী)ৰ প্ৰয়োজন হৈ পৰিছে। নতুন মিডিয়াৰ এই যুগত সংবাদ সাক্ষৰতা কেৱল গণসংযোগকাৰীসকলৰ বাবেই নহয়, সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে আৱশ্যক হৈ পৰিছে। তেওঁ লগতে কয় যে আজি প্ৰায় সকলোৰে হাতে হাতে স্মাৰ্টফোন আছে, সেয়ে বাতৰিৰ অপব্যৱহাৰ বৃদ্ধি পাইছে। সংবাদ সাক্ষৰতাৰ জৰিয়তেহে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হব।

কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মতে, সংবাদ সাক্ষৰতাই আজি সমগ্ৰ বিশ্বত দেখি থকা মনোবৈজ্ঞানিক যুদ্ধৰ মোকাবিলা কৰাৰ ক্ষেত্ৰতো আমাক সহায় কৰিব। ভাৰত-বিৰোধী শক্তিৰদ্বাৰা পৰিচালিত এই মনোবৈজ্ঞানিক যুঁজৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগিব। তদুপৰি, আমি সংবাদ মাধ্যমৰ শক্তিক দেশ আৰু দেশবাসীৰ কল্যাণৰ স্বাৰ্থত ব্যৱহাৰ কৰিব শিকিব লাগিব।

শ্ৰী নাইকে কয় যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সাহস, ত্যাগ, দৃঢ়তা আৰু সমৰ্পণ অতুলনীয়। আমি আমাৰ প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে চলি থকা বিভিন্ন চক্ৰান্তকাৰী প্ৰচাৰ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ বাবে আমি সঠিক মিডিয়া দৃষ্টিকোণ গ্ৰহণ কৰিব লাগিব আৰু বিভিন্ন মিডিয়া প্লেটফৰ্মক এক সুসংগঠিত ৰূপত ব্যৱহাৰ কৰিব লাগিব।

উল্লেখ্য যে, আইআইএমচি-এ প্ৰতিৰক্ষা বাহিনীৰ বাবে প্ৰতি বছৰে মিডিয়া আৰু কমিউনিকেচন সম্পৰ্কীয় হ্ৰস্বকালীন পাঠ্যক্ৰম আয়োজন কৰে। কেপ্তেইন পৰ্যায়ৰ পৰা ব্ৰিগেডিয়াৰ পৰ্যায়ৰ বিষয়াসকলে এই পাঠ্যক্ৰম গ্ৰহণ কৰে। কৰোনাৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচী অনলাইনত আয়োজন কৰা হয়।

 

********

 Saurabh Singh/MS 



(Release ID: 1679889) Visitor Counter : 88