মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ দ্বাৰা ৰচিত "মানৱতা কে প্ৰণেতা: মহাঋষি অৰবিন্দ" গ্ৰন্থখন ৰাষ্ট্ৰপতিয়ে মুকলি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত সংশোধনী

পোষ্ট কৰা হৈছে: 09 DEC 2020 2:23PM by PIB Guwahati

একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে বিগত ৫ ডিচেম্বৰ, ২০২০ ত শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল 'নিশাঙ্ক'ৰ দ্বাৰা ৰচিত 'মানৱতা কে প্ৰণেতা:মহাঋষি অৰবিন্দ' গ্ৰন্থখনি উন্মোচন কৰিছে।

এই বিষয়ে সকলোকে অৱগত কৰা হৈছে যে ওপৰত উল্লেখিত গ্ৰন্থখন ৰাষ্ট্ৰপতি মহোদয়ে প্ৰকাশ কৰা নাই। গ্ৰন্থখনৰ প্ৰথমটো কপি সেইদিনা ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ হাতত শিক্ষামন্ত্ৰীয়ে উপহাৰ স্বৰূপে অৰ্পনহে কৰিছিল।

*****

MC\KP\AK/RD


(ৰিলিজ আই ডি : 1679638) অতিথি কক্ষ : 147