গৃহ মন্ত্ৰালয়

২০২০ চনৰ ভাৰতৰ শীৰ্ষ ১০ খন আৰক্ষী থানাৰ নাম ঘোষণা

Posted On: 03 DEC 2020 10:30AM by PIB Guwahati

ভাৰত চৰকাৰে প্ৰতি বছৰে শ্ৰেষ্ঠতম কাম-কাজ সম্পাদনৰ নিৰিখেৰে আৰক্ষী থানাবোৰ চিহ্নিত কৰি আহিছে। আৰক্ষী থানাবোৰৰ কাম-কাজত আৰু উৎসাহ প্ৰদান তথা পাৰস্পৰিক সুস্থ প্ৰতিযোগিতাৰ লক্ষ্যৰে শ্ৰেষ্ঠ থানাবোৰক চিহ্নিত কৰা হয়।


২০২০ বৰ্ষৰ দেশৰ শীৰ্ষ ১০ খন আৰক্ষী থানা তলত দিয়া হৈছে -

ক্রমতালিকা

ৰাজ্য

জিলা

আৰক্ষীথানা

মণিপুৰ

থৌবাল

নংপোকছেকমাই

তামিলনাডু

ছালেমচিটি

এডব্লিউপিএছ-সুৰমঙ্গলম

অৰুণাচলপ্রদেশ

চাঙলাঙ

খাৰছাং

ছট্টিশগড়

সুৰজপুৰ

ঝিলমিলি (ভাইয়াথানা)

গোৱা

দক্ষিণগোৱা

ছাংগুয়েম

আন্দামান-নিকোবৰদ্বীপপুঞ্জ

উত্তৰআৰুমধ্যআন্দামান

কালিঘাট

ছিকিম

পূৱছিকিম

পেকং

উত্তৰপ্রদেশ

মুৰাদাবাদ

কান্থ

দাদৰাআৰুনগৰহাভেলী

দাদৰাআৰুনগৰহাভেলী

খানভেল

১০

তেলেঙ্গানা

কৰিমনগৰ

জাম্মিকুন্তাটাউনপিএছ

 

উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কাচ্চত ২০১৫ চনত আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সন্মিলনত দেশৰ শ্ৰেষ্ঠ থানাবোৰ চিহ্নিত কৰাৰ পৰামৰ্শ দিয়ে। এই পৰিপ্ৰেক্ষিতত শ্ৰী মোদীয়ে কয়, আৰক্ষী থানাবোৰৰ ক্ৰমতালিকা প্ৰণয়ণৰ ক্ষেত্ৰত থানাবোৰৰ কাম-কাজৰ মূল্যায়নৰ বিষয়টোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব।


প্ৰধানমন্ত্ৰীৰ এই প্ৰস্তাৱ অনুযায়ী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইবছৰ অত্যন্ত সমস্যা জৰ্জৰিত পৰিস্থিতিৰ মাজেৰে শ্ৰেষ্ঠ আৰক্ষী থানাবোৰক চিহ্নিতকৰণৰ সমীক্ষা চলায়। ক’ৰোনা মহামাৰীৰ ব্যাপক পৰিস্থিতিত যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞাৰ ফলত প্ৰত্যন্ত অঞ্চলবোৰত আৰক্ষী থানাসমূহৰ কাম-কাজৰ মূল্যায়ন প্ৰকৃততেই জটিল হৈ উঠিছে। এইবোৰ পৰিস্থিতি সত্ত্বেও চৰকাৰৰ নীতি-নিৰ্দেশনা অনুযায়ী শ্ৰেষ্ঠ থানাবোৰ চিহ্নিতকৰণৰ সমীক্ষা চলোৱা হয়।


গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এই সম্পৰ্কে কয়, চিহ্নিত শ্ৰেষ্ঠ আৰক্ষী থানাবোৰৰ অধিকাংশই দেশৰ ক্ষুদ্ৰ চহৰ আৰু গ্ৰামাঞ্চলৰ। গ্ৰামাঞ্চল আৰু ক্ষুদ্ৰ চহৰবোৰৰ আৰক্ষী থানাবোৰে ক্ৰম তালিকাত স্থান লাভ কৰাৰ পৰা এইটোৱেই প্ৰমাণিত হয় যে, সম্পদ যোগানতকৈও সৰ্বাধিক গুৰুত্বপূৰ্ণ হ’ল অপৰাধ নিয়ন্ত্ৰণ আৰু দেশৰ প্ৰতি সেৱাত আৰক্ষী কৰ্মীসকলৰ আন্তৰিকতা আৰু নিষ্ঠা।


দেশত ১৬ হাজাৰ ৬৭১ খন আৰক্ষী থানাৰ মাজত শ্ৰেষ্ঠ ১০ খন থানা চিহ্নিতকৰণৰ উদ্দেশ্য হ’ল – এই থানাবোৰৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজৰ মূল্যায়ন কৰা। কাম-কাজৰ মূল্যায়নৰ ক্ষেত্ৰত একাধিক বিষয়ে অগ্ৰাধিকাৰ পাইছে।


ইয়াৰ ভিতৰত আছে – সম্পত্তিগত বাদ-বিবাদ নিষ্পত্তি আৰু এই সংক্ৰান্তীয় অভিযোগৰ সমাধান; মহিলাসকলৰ বিৰুদ্ধে অপৰাধ ৰুজু কৰা; দুৰ্বলৰ শ্ৰেণীৰ লোকসকলৰ ওপৰত অত্যাচাৰ আৰু শোষণ বন্ধ কৰা; সন্ধানহীন ব্যক্তিসকলক তথা অজ্ঞাত পৰিচয়ৰ ব্যক্তিক উদ্ধাৰ কৰা, অচিনাক্ত লোকৰ শৱদেহ চিহ্নিতকৰণ আদি।


প্ৰাথমিকভাৱে মুঠ ৭৫ খন আৰক্ষী থানাক উক্ত বিষয়বোৰৰ কাম-কাজৰ নিৰিখে চিহ্নিত কৰা হয়। ইয়াৰ মাজৰ পৰা শ্ৰেষ্ঠ ১০ খন আৰক্ষী থানাক বাছি উলিওৱা হৈছে।


********


NW/RK/PK/AY/RD



(Release ID: 1678214) Visitor Counter : 215