বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
বৌদ্ধিক সম্পত্তি সহযোগিতা সম্পৰ্কীয় এক বুজাবুজি চুক্তিত স্বাক্ষৰ ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্র
Posted On:
03 DEC 2020 2:58PM by PIB Guwahati
ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রই ২ ডিচেম্বৰত বৌদ্ধিক সম্পত্তি সহযোগিতা সম্পৰ্কীয় এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ মন্ত্ৰালয় আৰু মার্কিন যুক্তৰাষ্ট্রৰ বাণিজ্য বিভাগৰ ইউনাইটেড ষ্টেটছ পেটেণ্ট এণ্ড ট্রেডমার্ক অফিচ (ইউএছপিটিঅ’)ৰ মাজত এই চুক্তিখন স্বাক্ষৰিত হয়৷ ভাৰতৰ হৈ উ্দ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য মন্ত্ৰালয়ৰ সচিব ড০ গুৰুপ্রসাদ মহাপাত্র আৰু ইউএছপিটিঅ’ৰ হৈ অৱৰ সচিব শ্ৰীযুত আন্দ্রে ইয়াঞ্চুই অলনাইন পদ্ধতিৰে এই চুক্তিত স্বাক্ষৰ কৰে৷
কেন্দ্রীয় কেবিনেটে ১৯ ফেব্রুৱাৰীত বৌদ্ধিক সম্পত্তি সহযোগিতা সম্পৰ্কীয় এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছিল। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বৌদ্ধিক সম্পত্তি ক্ষেত্রত নিম্নোলিখিত দিশত সহযোগিতা বৃদ্ধি পাবঃ
ক৷ বৌদ্ধিক সম্পত্তিৰ বিষয়ত আটাইতকৈ ভাল নিয়ম, অভিজ্ঞতা আৰু প্রয়োজনীয় জ্ঞান জনসাধাৰণ আৰু উদ্যোগ প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, গৱেষণা-উন্নয়ন সংস্থা, সৰু আৰু মজলীয়া উদ্যোগসমূহৰ মাজত প্রচাৰ কৰা হ’ব। ইয়াৰ বাবে বিভিন্ন কাৰ্যসূচী গ্রহণ কৰা হ’ব৷
খ৷ প্রশিক্ষণ কর্মশালা, বিশেষজ্ঞসকলৰ মাজত মত-বিনিময়, তথ্যৰ আদান-প্রদানৰ ক্ষেত্রত সহযোগিতা গঢ়ি তোলা হ’ব।
গ৷ পেটেণ্ট, ট্রেডমার্ক, স্বত্ত্বাধিকাৰ, ভৌগোলিক স্বীকৃতি আৰু বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা প্রয়োগৰ বিষয়ত ভাল নিয়মসমূহক লৈ তথ্যৰ আদান-প্রদান কৰা হ’ব। এই ক্ষেত্রত আবেদন আৰু নিৱন্ধীকৰণৰ প্রক্রিয়াক লৈও তথ্যৰ আদান-প্রদান কৰা হ’ব।
ঘ৷ বৌদ্ধিক সম্পত্তিৰ বাবে স্বয়ংক্রিয় আৰু আধুনিক পদ্ধতিত নতুন নথি আৰু তথ্যৰ আদান-প্রদান আৰু বৌদ্ধিক সম্পত্তিৰ বিভাগৰ পৰিচালনাক লৈ মত বিনিময় কৰা হ’ব।
ঙ৷ পৰম্পৰাগত জ্ঞান আৰু ভাল নিয়মসমূহৰ বিষয়ত বুজাবুজিৰ বাবে সহযোগিতা গঢ়ি তোলা হ’ব। পৰম্পৰাগত তথ্য সম্বলিত তথ্য ভাণ্ডাৰ আৰু বৌদ্ধিক সম্পত্তিৰ বিষয়ত বিভিন্ন নিয়মাৱলীৰ বিষয়ে সজাগতা গঢ়ি তোলা হ’ব।
চ৷ উভয় পক্ষই পাৰস্পৰিক সহমতৰ ভিত্তিতে অন্যান্য সহযোগিতাৰ বিষয়সমূহ চিহ্নিত কৰিব৷
বুজাবুজি চুক্তিখন ৰূপায়ণৰ বাবে প্রতি ২ বছৰৰ মুৰে মুৰে এক পৰিকল্পনা প্ৰস্তুত কৰা হ’ব, য’ত বিস্তৃতভাৱে সহযোগিতাৰ ক্ষেত্রসমূহক লৈ আলোচনা কৰা হ’ব৷
ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজত এই সহযোগিতাৰ ফলত দুয়োখন দেশে এখনে আনখন দেশৰ ভাল নিয়মসমূহৰ বিষয়ে জানিব পাৰিব৷ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত উদ্ভাৱনৰ বাবে গুৰুত্বপূর্ণ অংশীদাৰ হোৱাৰ ক্ষেত্রত ভাৰতৰ পক্ষে এয়া এক যুগান্তকাৰী ঘটনা। ইয়াৰ ফলত ৰাষ্ট্ৰীয় বৌদ্ধিক সম্পত্তি অধিকাৰ নীতি, ২০১৬ৰ লক্ষ্য পূৰণ হ’ব।
***
YB/AP/DB
(Release ID: 1678211)