মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণত আইআইটি, এনআইটি আৰু বিশিষ্ট কাৰিকৰী প্ৰতিষ্ঠান

আঁচনিৰ বাবে ১৮ আইআইটি, ২৬ এনআইটি, ১৯০ অভিযান্ত্ৰিক মহাবিদ্যালয় মনোনীত

Posted On: 03 DEC 2020 3:08PM by PIB Guwahati

এটি লাভজনক ফলাফলৰ আশাৰে, স্বেচ্ছামূলকভাৱে সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰিত কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ সৈতে আইআইটি, এনআইটি আৰু আন এআইচিটিই অনুমোদিত অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি সমগ্ৰ দেশখনৰ বিশিষ্ট কাৰিকৰী প্ৰতিষ্ঠানসমূহ লগ লাগিছে। এই সম্প্ৰসাৰিতকৰণক উদ্যোগটোৰ শেহতীয়া ট্ৰেণ্ডসমূহৰ সৈতে প্ৰতিষ্ঠানসমূহৰ ফেকাল্টী, গৱেষণাকাৰী আৰু অভ্যস্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ক্ষেত্ৰ অধ্যয়ন হিচাপে ব্যৱহাৰ কৰা হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কামনা অনুসৰি এই ব্যৱস্থাই প্ৰতিষ্ঠানসমূহ আৰু উদ্যোগটোৰ মাজত সেতু বন্ধন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ই তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহত চিভিল/হাইৱে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত সংশ্লিষ্ট অভিজ্ঞতা আদান-প্ৰদানৰ অৰ্থে শিক্ষানুষ্ঠানসমূহ আৰু এনএইচএআইৰ মাজত পাৰিস্পৰিক সহযোগিতাৰ বৰ্ধন ঘটাব।

এই ব্যৱস্থাৰ অধীনত, অংশীদাৰ প্ৰতিষ্ঠানসমূহে সম্প্ৰসাৰিতকৰণত সুৰক্ষা, পৰিচালনা, ৰাইডিং কমফ’ৰ্ট, জুম পইন্টৰ অপসাৰণ আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰ ইত্যাদিৰ অগ্ৰগতি দৃষ্টিকোণ অধ্যয়ন কৰিব আৰু বিবেচনাৰ অৰ্থে এনএইচএআইক উপযুক্ত পৰামৰ্শ প্ৰদান কৰিব। তদুপৰি এই প্ৰতিষ্ঠানসমূহে এনএইচএআইৰ সৈতে নতুন প্ৰকল্পৰ ধাৰণা, ডিজাইন আৰু প্ৰকল্প প্ৰস্তুতিত সহায় কৰিব আৰু ক্ষেত্ৰৰ জলবায়ু, ভূসংস্থান আৰু উত্তম আৰ্থ-সামাজিক ফলাফলৰ অৰ্থে সমলৰ সম্ভাৱনা বিশেষীকৃত অভিজ্ঞতাৰ ভিত্তিত সংযোগী প্ৰাচল আৰু উদ্ভাৱনৰ পৰামৰ্শ প্ৰদান কৰিব।

এই ব্যৱস্থাই তদুপৰি ছাত্ৰ সমাজৰ মাজত স্থানীয় আন্তঃগাঁথনি নিৰ্মাণত বৰঙণি যোগানৰ উদ্দীপনা জাগ্ৰত কৰিব। প্ৰতি বছৰে এনএইচএআয়ে এই শিক্ষানুষ্ঠানসমূহৰ ২০ ইউজি আৰু ২০ পিজি ছাত্ৰ-ছাত্ৰীলৈ ইন্টাৰ্ণশ্বীপ আগবঢ়াব। এবছৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্টাৰ্ণশ্বীপৰ সময়সীমা হ’ব ২ মাহ। এই ইন্টাৰ্ণশ্বীপ স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে হ’ব মাহিলী @ ৮০০০/- টকা আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হ’ব মাহিলী @ ১৫০০০/- টকা। এনএইচএআয়ে প্ৰতিষ্ঠানসমূহত লেব আন্তঃগাঁথনি সৃষ্টিত সহায় আগবঢ়াব আৰু বিকল্প সমল উপাদান ব্যৱহাৰ আৰ পথৰ মান উন্নয়নত সহায় আগবঢ়োৱা সংযোগী গৱেষণা প্ৰকল্পত পৃষ্ঠপোষকতা কৰিব পাৰে।

অতি কম সময়ৰ ভিতৰতে এনএইচএআয়ে এই ব্যৱস্থাৰ বাবে বহু বিশিষ্ট শিক্ষানুষ্ঠানসমূহৰপৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। অদ্যপি, এই আঁচনিৰ বাবে ১৮ আইআইটি, ২৬ এনআইটি আৰু ১৯০ আন বিশিষ্ট অভিযান্ত্ৰিক মহাবিদ্যালয়ক মনোনীত কৰা হৈছে। এই সম্প্ৰসাৰিতকৰণৰ অৰ্থে কাৰিকৰী প্ৰতিষ্ঠানসমূহ আৰু এনএইচএআইৰ মাজত যথোচিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এতিয়ালৈকে প্ৰায় ২০০ শিক্ষানুষ্ঠানে এই আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। চিভিল ইঞ্জিনিয়াৰিঙৰ ইউজি আৰু পিজি পাঠ্যক্ৰম আগবঢ়োৱা ৩০০ ৰোধিক শিক্ষানুষ্ঠানে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰিতকৰণত ভাগ ল’ব বুলি আশা কৰা হৈছে।

*****

MC/KP/AK/SB



(Release ID: 1678176) Visitor Counter : 136