মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে মাতৃ ভাষাত কাৰিকৰী শিক্ষা প্ৰয়োগৰ ক্ষেত্ৰত এক ৰোডমেপ তৈয়াৰ কৰিবলৈ এখন টাস্ক ফ’ৰ্চ গঠন কৰিছে

Posted On: 02 DEC 2020 6:12PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে আজি মাতৃ ভাষাত কাৰিকৰী শিক্ষা প্ৰয়োগৰ ক্ষেত্ৰত এক ৰোডমেপ তৈয়াৰ কৰিবলৈ এখন টাস্ক ফৰ্চ গঠন কৰিছে। উচ্চ শিক্ষাৰ সচিবৰ অধ্যক্ষতাত গঠিত টাস্ক ফৰ্চে বিভিন্ন ক্ষেত্ৰৰ লোকৰ পৰামৰ্শ গ্ৰহণ কৰি এমাহৰ ভিতৰত এখন প্ৰতিবেদন দাখিল কৰিব। মাতৃ ভাষাত কাৰিকৰী শিক্ষা প্ৰয়োগ সন্দৰ্ভত আয়োজিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উচ্চ শিক্ষাৰ সচিব শ্ৰী অমিত খাৰে, আইআইটিৰ অধ্যক্ষ, শিক্ষাবিদ আৰু জেষ্ঠ বিষয়ববীয়াসকল বৈঠকত উপস্থিত আছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰা বৈঠকৰ মূল বিষয় আছিল।

শ্ৰী পোখৰিয়ালে কয় যে প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীয়ে মাতৃভাষাত মেডিকেল, ইঞ্জিনিয়াৰিং, আইন আদিৰ দৰে পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰাটো বিচাৰে। প্ৰধানমন্ত্ৰীৰ এই লক্ষ্য পূৰণৰ দিশত আজিৰ বৈঠকৰ আয়োজন কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে কোনো শিক্ষাৰ্থীৰ ওপৰত কোনো ভাষা জাপি দিয়া নহয়, ইয়াত মাথো নিজৰ পছন্দৰ ভাষা বাছনি কৰাৰহে সুবিধা থাকিব; যাতে কোনো মেধাবী ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাৰ জ্ঞানৰ অভাৱত কাৰিকৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হব নালাগে।

******

MC/KP/AK/MS



(Release ID: 1677919) Visitor Counter : 182