প্ৰতিৰক্ষা মন্ত্ৰালয়

ডাইৰেক্টৰ জেনেৰেল ব’ৰ্ডাৰ ৰোডছ (ডিজিবিআৰ)ৰ মুৰব্বী হিচাপে নিযুক্তি পালে লেঃ জেঃ ৰাজীৱ চৌধুৰীয়ে

Posted On: 02 DEC 2020 6:07PM by PIB Guwahati

০১ ডিচেম্বৰ ২০২০ তাৰিখে ২৭তম ডাইৰেক্টৰ জেনেৰেল ব’ৰ্ডাৰ ৰোডছ (ডিজিবিআৰ)ৰ দায়িত্ব গ্ৰহণ কৰে লেঃ জেঃ ৰাজীৱ চৌধুৰীয়ে৷

লেঃ জেঃ চৌধুৰীয়ে ১৯৮৩ চনত ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ পৰা উত্তীৰ্ণ হৈছিল আৰু তেওঁ ভাৰতীয় সেনাৰ সকলো সন্মানীয় পাঠ্যক্ৰমত অংশগ্ৰহণ কৰাৰ লগতে ডিফেন্স ছাৰ্ভিচ ষ্টাফ কলেজ, উইলিংটন, আৰ্মী ৱাৰ কলেজত হায়াৰ কমাণ্ড ক’ৰ্চ, মৌ আৰু নতুন দিল্লীৰ নেচনেল ডিফেন্স কলেজৰো পাঠ্যক্ৰম গ্ৰহণ কৰে৷ তেওঁ আইআইএছচি বেংগালোৰৰ পৰাও এম টেক ডিগ্ৰী লাভ কৰিছে৷

*****

ABB/Nampi/Rajib/MANN



(Release ID: 1677904) Visitor Counter : 141