ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

প্ৰবাসী শ্ৰমিকৰ বাবে কেভিআইচিৰ হানী মিছনৰ প্ৰথম উপাৰ্জন, পৰৱৰ্তী মাহবিলাকত অধিক আয়ৰ আশা

Posted On: 30 NOV 2020 3:59PM by PIB Guwahati

খাদী তথা গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি)ৰ দ্বাৰা কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা স্বনিয়োজন উপায়ৰ শুভ পৰিণাম আহিবলৈ ধৰিছে। বিপদৰ সময়ত আবদ্ধ প্ৰবাসী শ্ৰমিক আগষ্ট মাহত উত্তৰ প্ৰদেশত কেভিআইচিৰ মৌ মিছন (হানী মিছন)ত অন্তৰ্ভুক্ত হয়। শ্ৰমিকসকলে প্ৰথম মৌ উৎপাদনত লাভ অৰ্জন কৰিছে। আশা কৰা হৈছে যে ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত উৎপাদন বৃদ্ধি পাব।

পশ্চিম উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত পাঁচজন প্ৰবাসী শ্ৰমিকে মৌমাখিৰ ৫০টা বাকচৰ পৰা ২৫৩ কিলোগ্ৰাম মৌ উলিয়ায়। এই বাকচবিলাক চলিত বৰ্ষত ২৫ আগষ্টত তেওঁলোকক দিয়া হৈছিল। অপৰিষ্কৃত মৌ ২০০ টকা প্ৰতি কিলোৰ গড় হিচাপত বিক্ৰী কৰা হয় আৰু এই দামত প্ৰবাসী শ্ৰমিকসকলে প্ৰায় ৫০ হাজাৰ টকা পোৱাৰ আশা আছে। ইয়াৰ অৰ্থ প্ৰত্যেক লাভাৰ্থীৰ ১০ হাজাৰ টকাৰ গড় আয় হৈছে। এই ক্ষেত্ৰত কেভিআইচিৰ প্ৰশিক্ষণৰ পিছত ৭০জন প্ৰবাসী শ্ৰমিকক মৌমাখিৰ ৭০০টা বাকচ দিয়া হৈছিল। মৌমাখিৰ অন্তিম বাকচবিলাকৰ পৰা অনাগত দিনবিলাকত মৌ উলিওৱা হ'ব।

ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত মৌমাখিৰ এই বাকচবিলাকৰ পৰা কমেও ৫ গুণ মৌ পোৱা যাব কিয়নো ছিজনৰ সময়ত ইউকেলিপ্টাছ আৰু সৰিয়হৰ ফচল পূৰ্ণ পৰ্যায়ত থাকিব। ইয়াৰ প্ৰতিটো বাকচৰ পৰা পীক ছিজনত ২৫ কিলোগ্ৰাম মৌ ওলাব। মৌমাখি পালকে নিজৰ বাকচবিলাক হাৰিয়ানা, ৰাজস্থান তথা পূব উত্তৰ প্ৰদেশলৈ পঠিয়াব পাৰিব। এই ক্ষেত্ৰসমূহত মৌমাখিয়ে পৰ্যাপ্ত পৰাগ তথা নেকটাৰ পাব। ইয়াৰ ব্যৱহাৰ মৌ উৎপাদনত হ'ব।

কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই কৈছে যে প্ৰবাসী শ্ৰমিকে নিজৰ শিপাৰ সৈতে সংলগ্ন হোৱা আৰু স্বৰোজগাৰ প্ৰাপ্ত কৰা দেখি আনন্দ পাইছে। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে মৌ মিছনৰ সৈতে অন্য চহৰৰ পৰা নিজৰ ঘৰলৈ গুছি যোৱা শ্ৰমিকসকলক এই কামত লগোৱা হয়। শ্ৰমিকে প্ৰায় তিনি মাহত নিজৰ বলেৰে জীৱিকা অৰ্জন কৰিছে। শ্ৰী ছাক্সেনাই কয় যে অহা মাহবিলাকত মৌৰ উৎপাদন আৰু শ্ৰমিকসকলৰ আয় কেইবাগুণ বাঢ়িব।

লাভাৰ্থীসকলে সমৰ্থনৰ বাবে কেভিআইচিক ধন্যবাদ দিয়ে আৰু কয় যে আয়োগে তেওঁলোকক মৌমাখি পালনেৰে কামৰ সন্ধানত অন্য চহৰলৈ নোযোৱাকৈ নিজৰ জীৱিকা অৰ্জন কৰাত সক্ষম কৰি তুলিলে। সহাৰনপুৰ জিলাৰ কেভিআইচিৰ মৌপালক অমিত কুমাৰে কয়, ''মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো যে আত্মনিৰ্ভৰ ভাৰতৰ বাবে তেওঁৰ ভিজনৰ জৰিয়তে আমাৰ বাবে স্থানীয় ৰোজগাৰ সৃষ্টি হৈছে। আমি পাঁচজন শ্ৰমিকে তিনি মাহতে ৫০টা মৌমাখিৰ বাকচ পালো। ইয়াৰ পৰা ২৫৩ কিলোগ্ৰাম মৌ উলিওৱা হয়।''

প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি কেভিআইচিয়ে উত্তৰ প্ৰদেশ তথা বিহাৰত বহুতো প্ৰবাসী শ্ৰমিকক মৌ মিছন, কুমাৰ সবলীকৰণ যোজনা আৰু ডিগনিটী পৰিকল্পনাত অন্তৰ্ভুক্ত কৰে। তেওঁলোকক আৱশ্যকীয় উপকৰণ প্ৰদান কৰাৰ লগতে কেভিআইচিয়ে নতুন মৌপালকসকলক সমৰ্থন দিবলৈ কাৰিকৰী প্ৰশিক্ষণো দিয়ে।

 

  ******

RCJ/RNM/IA



(Release ID: 1677243) Visitor Counter : 236