বিত্ত মন্ত্ৰালয়
জিএছটি ৰূপায়ণৰ বাবদ ঘাটি পূৰণ কৰিবলৈ পঞ্জাৱে বিকল্প-১ বাচনি কৰিছে
২৬ খন ৰাজ্য আৰু আটাইকেইখন কেন্দ্ৰীয় শাসিত অঞ্চলেও বিকল্প ১ বাচনি কৰিছে
জিএছটি ৰূপায়ণৰ ঘাটি পূৰণ কৰিবৰ বাবে বিশেষ আহৰণ ‘উৱিণ্ডো’ৰ যোগেদি পঞ্জাৱে ৮,৩৫৯ কোটি টকা লাভ কৰিব
পঞ্জাৱক অতিৰিক্ত ৩,০৩৩ কোটি টকা আহৰণৰ যোগেদি উঠাবৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে
Posted On:
28 NOV 2020 2:39PM by PIB Guwahati
জিএছটি ৰূপায়ণৰ বাবদ ৰাজহ ঘাটি পূৰণ কৰিবলৈ পঞ্জাৱ চৰকাৰে বিকল্প-১ বা প্ৰথম বিকল্প পন্থাৰ সুবিধা গ্ৰহণ কৰিব বুলে কেন্দ্ৰীয় চৰকাৰক জনাইছে। এইপৰ্যন্ত ২৬ খন ৰাজ্যই জিএছটি ৰূপায়ণৰ বাবদ ৰাজহ ঘাটি পূৰণ কৰিবলৈ প্ৰথম বিকল্প পন্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও দিল্লী, জম্মু-কাশ্মীৰ আৰু পণ্ডীচেৰী এই তিনটা কেন্দ্ৰশাসিত অঞ্চলে প্ৰথম বিকল্প পন্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।
জিএছটি ৰূপায়ণৰ বাবদ ৰাজহ ঘাটি পূৰণ কৰিবলৈ যি ২৬ খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰশাসিত অঞ্চলে প্ৰথম বিকল্প পন্থাৰ সুবিধা গ্ৰহণৰ সিদ্ধান্ত লৈছে, তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা বিশেষ ঋণৰ সহায় ব্যৱস্থাৰ মাধ্যমেৰে ৰাজহ ঘাটি পূৰণ কৰা হৈছে। বিশেষ এই ঋণ সহায়তা ব্যৱস্থা বিগত ২৩ অক্টোবৰৰ পৰাই আৰম্ভ হৈছে আৰু ৪ টা কিস্তিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলবোৰক ২৪ হাজাৰ কোটি টকাৰ ঋণ সহায়তা দিছে। পঞ্জাৱ চৰকাৰেও বিশেষ এই ঋণ সহায়তা ব্যৱস্থাৰ মাধ্যমেৰে ৰাজহ ঘাটি পূৰণ কৰিবলৈ আৰ্থিক সুবিধা পাব।
প্ৰথম বিকল্প পন্থাৰ সুবিধা গ্ৰহণৰ নিয়ম-নীতি অনুযায়ী জিএছটি ৰূপায়ণৰ বাবদ ৰাজহ ঘাটি পূৰণ কৰিবলৈ বিশেষ ঋণ সহায়তা ব্যৱস্থাত আৰ্থিক সুবিধা গ্ৰহণৰ সমান্তৰালকৈ ৰাজ্যবোৰক সেইবোৰৰ গড় আভ্যন্তৰীণ উপাদনৰ ০.৫০ শতাংশৰ ভিত্তিত চৰ্তবিহীন ঋণ সহায়তা সংগ্ৰহত অনুমতি দিয়া হৈছে। এই ঋণ সহায়তা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আওতাত বিগত ১৭ মে’ তাৰিখে ঘোষিত ২ শতাংশ ঋণ সুবিধা গ্ৰহণৰ অনুমতিৰ অতিৰিক্তকৈ দিয়া হৈছে। বিশেষ ঋণ সহায়তা সুবিধা গ্ৰহণত ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰক যি ১ লাখ ১০ হাজাৰ কোটি টকাৰ আৰ্থিক সহায়তা দিয়া হৈছে সেয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ঘোষিত সুবিধা প্ৰদানত এক অতিৰিক্ত সাহায্য। পঞ্জাৱ চৰকাৰৰ তৰফৰ পৰা প্ৰথম বিকল্প সুবিধা গ্ৰহণৰ বিষয় চৰকাৰীভাৱে অৱগত কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ গড় আভ্যন্তৰীণ উপাদনৰ ০.৫ শতাংশ হাৰ অনুযায়ী অতিৰিক্ত ৩ হাজাৰ ৩৩ কোটি টকাৰ ঋণ সংগ্ৰহৰ অনুমতি দিছে।
এইপৰ্যন্ত ২৬ খন ৰাজ্যক অতিৰিক্ত ঋণ সংগ্ৰহৰ অনুমতি দিয়া হৈছে। ইয়াৰ উপৰিও জিএছটি ৰূপায়ণৰ বাবদ ৰাজহ ক্ষতিৰ ঘাটি পূৰণ কৰিবলৈ বিশেষ ঋণ সাহায্য সুবিধাৰ মাধ্যমেৰে ১৮ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰশাসিত অঞ্চলক তাৰ গড় আভ্যন্তৰীণ উপাদনৰ ০.৫০ শতাংশৰ হিচাপ অনুযায়ী বিগত ২৮ নৱেম্বৰ পৰ্যন্ত ২৪ হাজাৰ কোটি টকাৰ ঋণ সাহায্য দিয়া হৈছে।
পশ্চিমবঙ্গই জিএছটি ৰূপায়ণৰ বাবদ ৰাজহ ঘাটি পূৰণ কৰিবলৈ বিশেষ ঋণ সাহায্য সুবিধাৰ সমান্তৰালকৈ ৰাজ্যৰ গড় আভ্যন্তৰীণ উপাদানৰ ০.৫০ শতাংশৰ নিৰিখত অতিৰিক্ত ঋণ সাহায্যৰ বাবদ ৬ হাজাৰ ৭৮৭ কোটি টকা লাভ কৰিছে।
(ধন - কোটিত)
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰ শাসিত এলেকাৰ নাম
|
ৰাজ্যসমূহক অনমতি দিয়া ০.৫০ শতাংশ অতিৰিক্ত আহৰণ
|
বিশেষ উইণ্ডো যোগে উঠোৱা ধন- ৰাজ্য/কেন্দ্ৰীয় শাসিত এলেকাত
|
1
|
অন্ধ্ৰপ্ৰদেশ
|
5051
|
672.61
|
2
|
অৰুণাচল প্ৰদেশ*
|
143
|
0.00
|
3
|
অসম
|
1869
|
289.54
|
4
|
বিহাৰ
|
3231
|
1136.27
|
5
|
গোৱা
|
446
|
244.39
|
6
|
গুজৰাট
|
8704
|
2683.88
|
7
|
হাৰিয়ানা
|
4293
|
1266.68
|
8
|
হিমাচল প্ৰদেশ
|
877
|
499.74
|
9
|
কৰ্ণাটক
|
9018
|
3611.17
|
10
|
কেৰালা#
|
4,522
|
0.00
|
11
|
মধ্যপ্ৰদেশ
|
4746
|
1321.98
|
12
|
মহাৰাষ্ট্ৰ
|
15394
|
3486.24
|
13
|
মণিপুৰ*
|
151
|
0.00
|
14
|
মেঘালয়
|
194
|
32.51
|
15
|
মিজোৰাম*
|
132
|
0.00
|
16
|
নাগালেণ্ড*
|
157
|
0.00
|
17
|
ওড়িষা
|
2858
|
1112.42
|
18
|
পঞ্জাৱ#
|
3033
|
0.00
|
19
|
ৰাজস্থান
|
5462
|
645.06
|
20
|
চিকিম*
|
156
|
0.00
|
21
|
তামিলনাডু
|
9627
|
1816.66
|
22
|
তেলেংগানা
|
5017
|
164.41
|
23
|
ত্ৰিপুৰা
|
297
|
66.04
|
24
|
উত্তৰ প্ৰদেশ
|
9703
|
1748.29
|
25
|
উত্তৰাখণ্ড
|
1405
|
674.27
|
26
|
পশ্চিমবঙ্গ#
|
6787
|
0.00
|
|
মুঠ (ক):
|
103273
|
21472.16
|
1
|
দিল্লী
|
প্ৰযোজ্য নহয়
|
1706.93
|
2
|
জম্মু-কাশ্মীৰ
|
প্ৰযোজ্য নহয়
|
661.21
|
3
|
পণ্ডীচেৰী
|
প্ৰযোজ্য নহয়
|
159.70
|
|
মুঠ (খ):
|
প্ৰযোজ্য নহয়
|
2527.84
|
|
সৰ্বমুঠ (ক+খ)
|
103273
|
24000.00
|
* এইবোৰ ৰাজ্যৰ কোনো GST ঘাটি পূৰণৰ ব্যৱস্থা নাই।
# পৰৱৰ্তী ৰাউণ্ডৰ আহৰণ আৰম্ভ হোৱাৰ পিছত পুঁজি মোকলাই দিয়া হ’ব।
***
RM/KMN/RD
(Release ID: 1676904)