বিত্ত মন্ত্ৰালয়

‘অসীম আন্তঃগাঁথনি বিত্ত পৰিসীমিত’ আৰু ‘এনআইআইএফ আন্তঃগাঁথনি বিত্ত পৰিসীমিত’ৰ পৃষ্টপোষকতাৰে গঠিত ‘এনআইআইএফ আন্তঃগাঁথনি ঋণৰ বিত্তীয়-পোষণ মঞ্চ’লৈ মূলধনী সহযোগিতা সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে

Posted On: 25 NOV 2020 3:31PM by PIB Guwahati

অসীম আন্তঃগাঁথনি বিত্ত পৰিসীমিত আৰু এনআইআইএফ আন্তঃগাঁথনি বিত্ত পৰিসীমিতৰে গঠিত ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজি(এনআইআইএফ)ৰ পৃষ্টপোষকতাৰে গঠিত  এনআইআইএফ আন্তঃগাঁথনি ঋণৰ বিত্তীয়-পোষণ মঞ্চলৈ মূলধনী সহযোগিতা সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই নিম্নোল্লিখিত চৰ্ত সাপেক্ষে এই মঞ্চলৈ ৬,০০০ কোটি টকাৰ অংশীদাৰিত্ব আগবঢ়াব। এই সম্পৰ্কীয় চৰ্তকেইটা হৈছে :

  1. চলিত বিত্তীয় বৰ্ষ ২০২০-২১ত মাত্ৰ ২,০০০ কোটি টকাৰ অনুমোদন জনোৱা হব। অৱশ্যে, অভুতপূৰ্ব বিত্তীয় পৰিস্থিতি আৰু অব্যাহত থকা কভিড-১৯ মহামাৰীৰ বাবে সীমিত হোৱা বিত্তীয় কাম-কাজৰ পৰিপ্ৰেক্ষিতত ঋণ আহৰণৰ চাহিদা সৃষ্টি হোৱা পৰিস্থিতিতহে প্ৰস্তাৱিত ধন ৰাশি বিতৰণৰ দিহা কৰা হব।
  2. ঘৰুৱা আৰু গোলকীয় পেন্সন পুঁজি আৰু সাৰ্বভৌম সম্পদ পুঁজিৰ পৰা আহৰিত বিনিয়োগৰ অনতি বিলম্ব ব্যৱহাৰ কৰাৰ বাবে এনআইআইএফ-য়ে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব।

দেশৰ অৰ্থনৈতিক প্ৰগতিক ক্ষীপ্ৰতা প্ৰদানৰ বাবে আত্মনিৰ্ভৰ ভাৰত ৩.০ আধাৰত যোৱা ১২ নৱেম্বৰ, ২০২০ত কেন্দ্ৰীয় বিত্ত তথা কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে গ্ৰহণ কৰা ১২টা গুৰুত্বপূৰ্ণ পদক্ষেপৰ অন্যতম হৈছে এই পদক্ষেপ।

প্ৰণিধানযোগ্য যে, এনআইআইএফ আন্তঃগাঁথনি ঋণৰ বিত্তীয়-পোষণ মঞ্চ-ই আগন্তুক পাঁচোটা বছৰত আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত প্ৰায় ১ লাখ কোটি টকাৰ ঋণ সহযোগিতা আগবঢ়াব বুলি আশা কৰা হৈছে। এই পদক্ষেপে আন্তঃগাঁথনি নিৰ্মাণ খণ্ডলৈ অধিক বিনিয়োগ আহৰণ কৰাত অনুঘটকৰ ভূমিকাও পালন কৰিব

********

DS/KB



(Release ID: 1675934) Visitor Counter : 169