প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৬ নৱেম্বৰত ৮০ সংখ্যক অল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰ্চ কনফাৰেন্সৰ সামৰণি অধিৱেশন সম্বোধন কৰিব প্রধানমন্ত্রীয়ে

Posted On: 24 NOV 2020 5:54PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী ৰেন্দ্র মোদীয়ে ২৬ ৱেম্বৰৰ দুপৰীয়া ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৮০ সংখ্যক অল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰ্চ কনফাৰেন্সৰ সামৰণি অধিৱেশন সম্বোধন কৰিব।

 

অল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰ্চ কনফাৰেন্স ১৯২১ চনত প্ৰথম আৰম্ভ হৈছিল। চলিত বৰ্ষটো প্ৰিজাইডিং অফিচাৰ্চ কনফাৰেন্সৰ শতবৰ্ষ হিচাপেও উদযাপন কৰা হৈছে। শতবৰ্ষ উদযাপন উপলক্ষে অহা ২৫ আৰু ২৬ নৱেম্বৰত গুজৰাটৰ কেভাডিয়াত দুদিনীয়াকৈ অধিৱেশনৰ আয়োজন কৰা হৈছে। এই বছৰৰ অধিৱেশনৰ থীম হৈছে ‘বিধায়িনী মণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সু-সংগতিপূৰ্ণ সমন্বয়-এখন প্ৰাণৱন্ত গণতন্ত্ৰৰ চাবিকাঠী’।

 

অধিৱেশনখনি ২৫ নৱেম্বৰত উদ্বোধন কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে। অধিৱেশনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম. ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ আৰু অধিৱেশনৰ সভাপতি শ্ৰী ওম বিৰলা, গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেবব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।   

**********

DS/SKS/KG



(Release ID: 1675473) Visitor Counter : 120