মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে ৪৬ অনলাইন অটল ফেকাল্টী ডেভেলাপমেণ্ট প্ৰ’গ্ৰেম(এফডিপি) উদ্বোধন কৰে লণ্ডনৰ বুক অফ ৱ’ৰ্ল্ড ৰেকৰ্ডে ‘এফডিপি’ অধীনত ১,০০০ কাৰ্যসূচীত এক লাখ লোকৰ প্ৰশিক্ষণক বিশ্ব অভিলেখ হিচাপে স্বীকৃতি দিছে

বুক অফ ৱ’ৰ্ল্ড ৰেকৰ্ডত অটল একাডেমী অন্তৰ্ভুক্ত হোৱাটো এক গৌৰৱৰ ক্ষণঃ শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’

Posted On: 23 NOV 2020 5:27PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’-এ আজি ৪৬টা অনলাইন এআইচিটিই ট্ৰেইনিং এণ্ড লাৰ্ণিং(অটল) একাডেমী ফেকাল্টী ডেভেলাপমেণ্ট প্ৰ’গ্ৰেম(এফডিপি) উদ্বোধন কৰে। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(এআইচিটিই)ৰ সহযোগত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াবলৈ এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। এফডিপি দেশৰ ২২খন ৰাজ্যত অনুষ্ঠিত হ’ব।

অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয় যে বুক অফ ৱ’ৰ্ল্ড ৰেকৰ্ডত অটল একাডেমী অন্তৰ্ভুক্ত হোৱাটো এক গৌৰৱৰ ক্ষণ। তেওঁ জানিবলৈ দিয়ে যে লণ্ডনৰ প্ৰতিষ্ঠানটোৱে এফডিপিক এক বিশ্ব অভিলেখ হিচাপে স্বীকৃতি দিছে, যাৰ অধীনত ১,০০০ অনলাইন এফডিপিৰ মাধ্যমেৰে আইআইটি, এনআইটি আৰু আইআইআইটিৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ ফেকাল্টী প্ৰায় ১০০ অগ্ৰণী অঞ্চলৰ অতি কমেও এক লাখ ফেকাল্টী মেম্বাৰ উপকৃত হ’ব। এই বছৰ অনলাইন এফডিপি কাৰ্যসূচীত ১০ কোটি টকা ব্য হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এটল একাডেমীয়ে অনলাইন পদ্ধতিৰে এফডিপি সম্পন্ন কৰিছে। ২০২০-২১বৰ্ষত ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট, লাইফ স্কিলছ, ডিজাইন এণ্ড মিডিয়া ক্ষেত্ৰৰ অগ্ৰণী বিষয়সমূহক অন্তৰ্ভুক্ত কৰা হৈছে। অনলাইন এফডিপি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি(২০২০)অনুসৰি সম্পন্ন কৰা হ’ব।

শ্ৰী পোখৰিয়ালে উল্লেখ কৰে যে ১০০০ৰ ভিতৰত ৪৯৯ এফডিপি ইতিমধ্যে সম্পন্ন হৈছে আৰু ইয়াৰ জৰিয়তে ৭০,০০০ৰো অধিক ফেকাল্টীয়ে প্ৰশিক্ষণ লাভ কৰিছে। ২০১৯-২০ত ১৮৫খন পাঁচদিনীয়া মুখামুখি এফডিপিয়ে প্ৰায় ১০,০০০অংশগ্ৰহণকাৰীক উপকৃত কৰিছিল।

এআইচিটিইৰ উপাধ্যক্ষ প্ৰফেচাৰ এম.পি পুনিয়াই কয়, ‘অটল একাডেমীৰ প্ৰধান উদ্দেশ্য হ’ল দেশত উন্নত মানৰ কাৰিকৰী শিক্ষা আগবঢ়োৱা আৰু বিভিন্ন অগ্ৰণী ক্ষেত্ৰত প্ৰশিক্ষণেৰে গৱেষণা আৰু উদ্যমিতাক প্ৰসাৰিত কৰা। আইআইটি,আইআইআইটি, এনআইটি চিইউ আৰু ৰিচাৰ্চ লেবসমূহে এই অটল এফডিপিৰ আয়োজন কৰি আছে।’

*****

MC/KP/AK/MS



(Release ID: 1675238) Visitor Counter : 146