খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

৩২০ কোটি টকা মূল্যৰ ২৮ খাদ্য সংসাধন প্ৰকল্পত অনুমোদন

প্ৰকল্পসমূহে ১০,০০০ ৰোধিক লোকলৈ নিয়োগ সৃষ্টি কৰিব

আইএমএচিৰ বৈঠকত পৌৰহিত্য কৰিলে শ্ৰী নৰেন্দ্ৰ সিং টোমৰে

प्रविष्टि तिथि: 21 NOV 2020 3:33PM by PIB Guwahati

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত আন্তঃমন্ত্ৰী অনুমোদন কমিটি (IMAC)ৰ বৈঠকত চিইএফপিপিচি আঁচনিৰ অধীনত খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰদ্বাৰা ১০৭.৪২ কোটি টকাৰ অনুদানসহ ৩২০.৩৩ কোটি টকা মূল্যৰ ২৮ প্ৰকল্পত অনুমোদন জনোৱা হয়। ১০ ৰাজ্যত ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পসমূহে প্ৰায় ১০,০০০ লোকক নিয়োগৰ সুবিধা প্ৰদান কৰিব।

শ্ৰী নৰেন্দ্ৰ সিং টোমৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আইএমএচিৰ বৈঠকখনিত পৌৰহিত্য কৰে। ইয়াত যাৱতীয় সহায়ক অনুদানৰ অৰ্থে প্ৰধান মন্ত্ৰী কিষাণ সম্পদা যোজনা (PMKSY)ৰ অধীনত খাদ্য সংসাধন আৰু সংৰক্ষণ সামৰ্থ্যৰ সৃষ্টি/সম্প্ৰসাৰণ আঁচনি (CEFPPC) (ইউনিট স্কিম)ৰ অধীনত প্ৰকল্পসমূহ বিবেচনা কৰা হয়। খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়েও এই বৈঠকখনিত অংশগ্ৰহণ কৰে। আঁচনিখনৰ প্ৰম’টাৰসকলে ভাচুৱেলী উপস্থিত থাকে।

এই ২৮ টা প্ৰকল্পই দৈনিক ১২৩৭ মেট্ৰিক টন সংসাধন সামৰ্থ্যৰ সৃষ্টি কৰিব। মধ্য প্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, তামিল নাডু, উত্তৰাখণ্ড, অসম আৰু মণিপুৰত প্ৰকল্পসমূহ স্থাপন কৰা হ’ব। ২৮ টা প্ৰকল্পৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৬টা প্ৰকল্প খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ২০.৩৫ কোটি টকাৰ অনুদানসহ ৪৮.৮৭ কোটি টকা ব্য়য় সাপেক্ষে স্থাপন কৰা হ’ব।

***

RJ/NG/SB


(रिलीज़ आईडी: 1674844) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Punjabi , Kannada , Malayalam , Urdu , हिन्दी , Bengali , Manipuri , Tamil , Telugu