পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

মিচন পূৰ্বোদয়ে পূব ভাৰতক আত্মনিৰ্ভৰশীলতাৰ দিশত আগুৱাই নিয়াৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াতো অৰিহণা যোগাবঃ মাৰ্চেণ্ট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ বাৰ্ষিক সাধাৰণ সভাত ক’লে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

Posted On: 19 NOV 2020 1:54PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি কয় যে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ মুলতে হৈছে বিশ্ব মূল্য শৃংখলাত ভাৰতক নিস্ক্ৰিয় বজাৰৰ পৰা এক সক্ৰিয় মেনুফেকচাৰিং হাবত পৰিণত কৰা৷ মাৰ্চেণ্ট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ ১১৯সংখ্যক বাৰ্ষিক সাধাৰণ সভাত আগবঢ়োৱা ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এখন আত্মনিৰ্ভৰ ভাৰত হৈছে এক শক্তিশালী ভাৰত, বিশাল মেনুফেকচাৰিং খণ্ড, আত্মনিৰ্ভৰশীল যদিও বিশ্বজোৰা সংহত অৰ্থনীতি বিদ্যমান৷ তেওঁ লগতে কয় এখন আত্মনিৰ্ভৰশীল ভাৰত হৈছে বিশ্ব অৰ্থনীতিৰ এক বহুপাক্ষিক কাৰক৷ ভাৰতে আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা মানে আত্মকেন্দ্ৰিক ব্যৱস্থাক বুজোৱা নাই৷ ভাৰতৰ আত্মনিৰ্ভৰশীলতাত সমগ্ৰ বিশ্বৰ সুখ, সহযোগিতা আৰু শান্তিৰ দিশতো গুৰুত্ব দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়৷

মন্ত্ৰী প্ৰধানে কয় যে পূব ভাৰতৰ আত্মনিৰ্ভৰতাৰ অবিহনে ভাৰত কেতিয়াও আত্মনিৰ্ভৰ নোৱাৰে৷ তেওঁ কয় যে মিচন পূৰ্বোদয়ে পূব ভাৰতক ৰাষ্ট্ৰীয় বিকাশৰ দিশত আগুৱাই নিব৷ তেওঁ কয়, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পূব ভাৰতৰ অপৰিসীম সম্ভাৱনীয়তাক আহৰণ কৰাৰ লক্ষ্যৰে অঞ্চলটোৰ বিকাশৰ প্ৰয়োজনীয়তাত অধিক গুৰুত্ব প্ৰদান কৰিছে, যাতে ৰাষ্ট্ৰীয় বিকাশত ইন্ধন যোগাব পাৰে৷ এয়াই মিচন পূৰ্বোদয়ৰ সাৰাংশ৷ পেট্ৰলিয়ামৰ লগতে তীখা খণ্ডইও মিচন পূৰ্বোদয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

শ্ৰী প্ৰধানে কয় যে মিচন পূৰ্বোদয়ৰ অধীনত আমি পূব ভাৰতত সংহত তীখা হাব গঢ় দিছো, যিটোৱে তীখা খণ্ডত প্ৰতিযোগিতামুখী পৰিৱেশ গঢ়াৰ লগতে চাকৰি সৃষ্টিৰে আঞ্চলিক উন্নয়নত অৰিহণা যোগাব৷ তদুপৰি, এই ব্যৱস্থাই উদ্যমিতা বৃদ্ধিৰ লগতে চহৰ, বিদ্যালয়, হাস্পতাল, দক্ষতা কেন্দ্ৰসমূহৰ দৰে সামাজিক আন্তঃগাঁথনিৰ দৰে উদ্যোগৰো ব্যাপক বিকাশ সাধন কৰিব৷

শ্ৰী প্ৰধানে কয় যে ভাৰতীয় গেছ গ্ৰিডে পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ইন্দ্ৰধনূষ উত্তৰ-পূব গেছ গ্ৰিড প্ৰকল্পৰ অধীনত আৰ্থিক সাহায্য আগবঢ়াইছে৷ প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অধীনত পূৰ্বাঞ্চলৰ কোটি কোটি পৰিয়ালত পাইপযোগে ৰন্ধন গেছ যোগান ধৰা হৈছে৷

মন্ত্ৰীগৰাকীয়ে কয় যে ভিড-১৯ মহামাৰীয়ে বিশ্বত চাহিদাৰ লগতে যোগান শৃংখলাত ব্যাপক প্ৰভাৱ পেলাইছে, যাৰ বাবে বিশ্বৰ অৰ্থনীতি নিম্নগামী হৈছে৷ মহামাৰীৰ সংহাৰ অব্যাহত থাকিলেও ভাৰতৰ ঘৰুৱা অৰ্থনীতিত কিছুপৰিমাণে উত্থান পৰিলক্ষিত হৈছে৷ শ্ৰী প্ৰধানে কয় যে আত্মনিৰ্ভৰ ভাৰত পেকেজ আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাই সমাজৰ সকলো শ্ৰেণীৰ লোকক সাহায্য প্ৰদানৰ লগতে প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে বিকাশৰ পথত সহজে অগ্ৰসৰ বলৈ সক্ষম হৈছে৷

মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সুস্থিৰ গণতন্ত্ৰ আৰু শক্তিশালী ৰাজনৈতিক নেতৃত্বৰ লগতে বিশাল ঘৰুৱা বজাৰ আৰু যুৱ জনগাঁথনিকে এই বিকাশৰ মুল কাৰক হিচাপে গণ্য কৰিছে৷ তেওঁ লগতে শক্তি খণ্ডটো দ্ৰুত পৰিৱৰ্তনৰ সন্দৰ্ভত উল্লেখ কৰে৷ মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা কেতবোৰ দূৰদৰ্শী পদক্ষেপে দেশৰ শক্তিখণ্ডৰ বিকাশত ইন্ধন যোগোৱা বুলিও কয়৷

ইফালে, উজ্জ্বালা যোজনাই দেশৰ আৰ্থ-সামাজিক দিশত ব্যাপক পৰিৱৰ্তন অনা বুলি সদৰি কৰি মন্ত্ৰী প্ৰধানে কয় যে এই পদক্ষেপে ভাৰতত মহিলা সবলীকৰণত বৰঙণি যোগোৱাৰ লগতে দেশত এলপিজি সংযোগো দুগুণ বৃদ্ধি পালে৷ বৰ্তমান এলপিজিয়ে দেশৰ ৯৮শতাংশ লোকক সামৰি লৈছে৷

তীখা উদ্যোগক ভাৰত মেৰুদণ্ড বুলি অভিহিত কৰি শ্ৰী প্ৰধানে কয় যে তীখাই আমি এক আধুনিক অৰ্থনীতি গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে আমাৰ দেশত এই খণ্ডটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ বিশ্বৰ দ্বিতীয় বৃহত্তম তীখা উৎপাদনকাৰী দেশ হোৱা সত্বেও ভাৰতৰ বছৰি জনমূৰি তীখা উপভোগৰ পৰিমাণ হৈছে ৭৪. কিলোগ্ৰাম, যিটো বিশ্বৰ গড় হাৰৰ এক তৃতীয়াংশ৷ তেওঁ লগতে তীখা মন্ত্ৰালয়ে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ কথাও উল্লেখ কৰে৷

মন্ত্ৰী প্ৰধানে মাৰ্চেণ্ট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সদস্যসকলক তেল আৰু গেছ তথা তীখা খণ্ডৰ ব্যাপক সুযোগ গ্ৰহণৰ লগতে ভোকেল ফৰ লোকেলবলৈ আৰু এখন আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তবায়িত কৰিবলৈ আহ্বান জনায়৷

******

YB/TFK/DB



(Release ID: 1674275) Visitor Counter : 159