আয়ুষ

আয়ুস মন্ত্ৰালয়ত বিত্তীয় পৰিচালনা আৰু শাসন সংস্কাৰ সম্পৰ্কীয় পদক্ষেপ

পোষ্ট কৰা হৈছে: 19 NOV 2020 3:14PM by PIB Guwahati

আয়ুস মন্ত্ৰালয়ে বিত্তীয় পৰিচালনা উন্নত কৰিবলৈ আৰু শাসন সংস্কাৰত ক্ষিপ্ৰতা আনিবৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহত দুটা ক্ষেত্ৰত জোৰ দিয়া হৈছে, চৰকাৰী যোজনা (কেন্দ্ৰীয় ক্ষেত্ৰ আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতা দুয়োবিধ) আৰু মন্ত্ৰালয়ৰ স্বায়ত্ব নিকায়।

 

ছেপ্টেম্বৰ, ২০২০ত মন্ত্ৰালয়ত অনুষ্ঠিত এক উচ্চ স্তৰীয় বৈঠকত বৈদ্য ৰাজেশ কোটেচা, সচিব (আয়ুস) আৰু অতিৰিক্ত সচিব তথা বিত্তীয় পৰামৰ্শদাতা শ্ৰী ধৰ্মেন্দ্ৰ সিংহ গংগৱাৰে এই পদক্ষেপৰ বাবে ৰোডমেপ প্ৰস্তুত কৰিছিল। বিভিন্ন ইকায়ে অগ্ৰাধিকাৰভিত্তিত এওঁলোকৰ কাৰ্য ৰূপায়ণৰ দায়িত্ব লয়। বিত্তীয় আৰু প্ৰশাসন সংস্কাৰৰ সূচী প্ৰস্তুত কৰা, আৰু এই কথা সুনিশ্চিত কৰিবৰ বাবে কাৰ্যক্ৰম/যোজনা প্ৰস্তুত কৰা যাতে কোষৰ প্ৰবাহ অবাধে আৰু পোনপটীয়াকৈ পৰিকল্পনা ৰূপায়ণ এজেঞ্চিলৈকে হয়, চিহ্নিত কৰা মূল কাৰ্য গতিবিধিত অন্তৰ্ভুক্ত আছে। ইয়াৰ লগতে ৰাজ্য চৰকাৰসমূহক মেচ্চিং শ্বেয়াৰ আৰু প্ৰি-ডিফাইণ্ড ট্ৰিগাৰৰ সৈতে সময়মতে ধন জাৰি কৰা হ'ব যাতে কোনো স্তৰতে ধনৰ প্ৰবাহ বন্ধ নহয়। এনেদৰে, এই পদক্ষেপে চৰকাৰী পৰিকল্পনাত সাধাৰণতে বিলম্ব কৰা বাধাবিলাক আঁতৰোৱাৰ কাম কৰে।

 

এই পদক্ষেপৰ এটা তাৎক্ষণিক প্ৰভাৱ হৈছে মন্ত্ৰালয়ৰ স্বায়ত্ব নিকায় আৰু যোজনা ইকায়ৰ দ্বাৰা সাৰ্বজনীন বিত্তীয় পৰিচালনা প্ৰণালী, চৰকাৰৰ আধুনিক আৰু ক্ষিপ্ৰ লেখা পৰিচালনা প্ৰণালীক দ্ৰুততাৰে প্ৰয়োগ কৰা।

 

প্ৰদৰ্শনৰ লক্ষ্যৰ সৈতে স্বায়ত্ব নিকায় (এবি)ৰ আয়ুস মন্ত্ৰালয়ৰ সৈতে এক বুজাবুজি চুক্তি (এমঅ'ইউ)ত হস্তাক্ষৰ কৰাৰ ব্যৱস্থাকো প্ৰয়োগ কৰা হৈছে আৰু কেইবাটাও স্বায়ত্ব নিকায়ৰ সন্দৰ্ভত ৰূপায়ণ কৰা হৈছে। এই বুজাবুজি চুক্তি মন্ত্ৰালয়ৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ সৈতে স্বায়ত্ব নিকায়ৰ পৰিমাণ সংৰক্ষিত কৰা আৰু প্ৰয়াস তথা সম্পদৰ অ'ভাৰলেপ আৰু অপব্যয় ৰোধ কৰাত সহায়ক হ'ব।

 

লিকেজ ৰোধ কৰা আৰু গতি বৃদ্ধি কৰিবলৈ, ছাত্ৰ-ছাত্ৰীক বৃত্তিৰ দৰে সকলো পৰিশোধ, ইলেকট্ৰনিক ম'ডত প্ৰত্যক্ষ লাভ হস্তান্তৰণ (ডিবিটি) প্লেটফৰ্মত কৰা হ'ব।

 

মন্ত্ৰালয়ৰ সকলো চৰকাৰী যোজনাৰ তৃতীয় পক্ষৰ মূল্যাংকনৰ আৰম্ভণি হৈছে আন এটা পদক্ষেপ, আৰু ইয়াক নবেম্বৰ, ২০২০ পৰ্যন্ত সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ জৰিয়তে পৰিণামসমূহৰ বস্তুনিষ্ঠ মূল্যাংকন হ'ব আৰু ইয়াৰ পৰিণাম স্বৰূপে প্ৰদৰ্শনত সংস্কাৰ হ'ব।

 

এই কথাৰ প্ৰতি লক্ষ্য ৰাখি, যে ৰাষ্ট্ৰীয় আয়ুস মিছন (এনএএম) আয়ুস প্ৰণালীক উৎসাহিত কৰাৰ দেশজোৰা প্ৰভাৱ থকা এটা প্ৰধান যোজনা, ইয়াৰ সঞ্চালন কাৰ্যকৰী কৰিবলৈ বিশেষ প্ৰয়াস কৰা হ'ব। ৰাষ্ট্ৰীয় আয়ুস মিছন (এনএএম)-মাৰ্চ, ২০২১ৰ বাবে এন-এফএএমএছ (এনএএম ফাইনেঞ্চিয়েল একাউণ্টিং মেনেজমেন্ট ছিষ্টেম)ৰ তত্বাৱধানত এটা প'ৰ্টেল বিকশিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ধনৰ প্ৰবাহৰ ৰিয়েল টাইম মণিটৰিঙৰ বাবে এটা ডেছব'ৰ্ড বিকশিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

মন্ত্ৰালয়ত ছেপ্টেম্বৰ,২০২০ত আৰম্ভ কৰা এই বিত্তীয় শাসন সংস্কাৰ প্ৰথমৰে পৰা কেন্দ্ৰীয় পৃষ্ঠপোষকতা আৰু কেন্দ্ৰীয় ক্ষেত্ৰৰ যোজনাসমূহৰ পৰিণামৰ লগতে স্বায়ত্ব নিকায়সমূহৰ কাম-কাজত ব্যৱহৃত হৈ আছে। বিভিন্ন ইকায়ে ইউটিলাইজেচন চাৰ্টিফিকেট, ফিজিকেল এণ্ড ফাইনেঞ্চিয়েল ৰিপ'ৰ্ট, ৰাজ্য বাৰ্ষিক কাৰ্য যোজনা আৰু ডিবিটি সম্পৰ্কীয় তথ্য অনলাইন জমা কৰিবৰ বাবে প'ৰ্টেলৰ প্ৰয়োগ বৃদ্ধি কৰিছে।

 

এই পদক্ষেপসমূহৰ জৰিয়তে স্বায়ত্ব নিকায়সমূহৰ ক্ষেত্ৰত বিত্তীয় বিষয়বোৰ নিয়ন্ত্ৰণ কৰাত সহায় হৈছে আৰু পৰিণতিত এটা স্পষ্ট সংস্কাৰ আহিছে।

 

*****

 

MV/SK


(ৰিলিজ আই ডি : 1674270) অতিথি কক্ষ : 257