স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এইচআইভি প্ৰতিৰোধৰ বাবে গ্ল’ৱেল প্ৰিভেনশ্যন কোৱালিশ্যন (GPC) সম্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ “ভাৰতৰ প্ৰতিৰোধ আৰ্হিক স্থানীয় সুবিধা অনুসৰি বহু দেশে প্ৰয়োগ আৰু স্কেল আপ কৰিব পাৰে”

ক’ভিড-১৯ মহামাৰীৰ সময়ত এইচআইভি প্ৰতিৰোধৰ অৰ্থে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা সদৰী কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

Posted On: 18 NOV 2020 5:05PM by PIB Guwahati

আজি ইয়াত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ’ কনফাৰেন্সৰদ্বাৰা এইচআইভি প্ৰতিৰোধৰ অৰ্থে গ্ল’ৱেল প্ৰিভেনশ্যন কোৱালিশ্যন (GPC)ৰ মন্ত্ৰীৰ বৈঠক ডিজিটেলী সম্বোধন কৰে।

গ্ল’ৱেল এইচআইভি প্ৰিভেনশ্যন কোৱালিশ্যন (GPC)ৰ হৈ এই বৈঠকখনি অনুষ্ঠিত কৰে ইউএনএআইডিএছ আৰু ইউএনএফপিএয়ে। এই বৰ্ষৰ বৈঠকখনিত ২০১৬ ইউএনজিএ অংগীকাৰৰ অধীনত লাভ কৰা সফলতা তথা ২০৩০ ৰ ভিতৰত এইডছক অন্ত পেলোৱা সন্দৰ্ভত আলোচনা কৰা হয়। জিপিচিৰ সদস্য ৰাষ্ট্ৰসমূহে ২০১০ৰ স্তৰতকৈ ২০২০ৰ শেষৰফালে নতুন প্ৰাপ্তবয়স্ক এইচআইভি সংক্ৰমণ ৭৫% হ্ৰাস কৰাৰ অংগীকাৰ কৰে।

নতুন সংক্ৰমণ হ্ৰাস, প্ৰধানত জনসমষ্টিৰ প্ৰতি প্ৰতিৰোধী সেৱা লাভ উন্নত কৰা আৰু এইচআইভি (পিএলএইচআইভি)ৰে সহবাস কৰা লোকৰ ট্ৰিটমেন্ট সেৱা উন্নত কৰা, এইডছ সম্পৰ্কীয় মৃত্যুৰ সংখ্যা হ্ৰাস কৰা, মাতৃৰপৰা শিশুলৈ এইডছৰ সংক্ৰমণ হ্ৰাস কৰা আৰু এটা সুবিধাজনক পৰিবেশ সৃষ্টিত গ্ল’ৱেল এইডছ সঁহাৰিয়ে লাভ কৰা সফলতাৰ শলাগ লৈ, ডাঃ হৰ্ষ বৰ্ধনে উল্লেখ কৰে যে এই সংস্থাটোৱেবিশ্বখনৰ অৰ্থে এটা আৰ্হি প্ৰদৰ্শন কৰিছে ’ত বহু পক্ষ ওলাই আহিব পাৰিছে আৰু এটা সামূহিক লক্ষ্য অভিমুখে কাম কৰিছে।

ডাঃ হৰ্ষ বৰ্ধনে কয় যে ভাৰতৰপৰা বিশ্বখনলৈ ৰপ্তানি হোৱা জেনেৰিক এন্টি-ৰিট্ৰ’ভাইৰেল ড্ৰাগছ (ARV)এ এইটআইভি নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰিছে। তেওঁ তদুপৰি কয় যে গ্ল’ৱেল এইডছ সঁহাৰি কাৰ্যক্ৰমে উদ্ভাৱনীমূলক সেৱা প্ৰদান আৰ্হি ৰূপায়ণ কৰি আহিছে য’ত সামাজিক সংগঠনসমূহৰ অংশগ্ৰহণ আৰু জ্ঞানৰ আদান-প্ৰদান আশাব্যঞ্জক।

মন্ত্ৰীজনে ভাৰতৰ একক এইচআইভি প্ৰতিৰোধ আৰ্হি সন্দৰ্ভত উল্লেখ কৰি কয়, “বেচৰকাৰী সংস্থাসমূহৰ সহযোগিতাত এই কাৰ্যক্ৰমেৰে আউটৰীছ, ছাৰ্ভিচ ডেলিভাৰী, কাউন্সেলিং ও টেষ্টিঙৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় আৰু এইচআইভি কেয়াৰ সুনিশ্চিত কৰা হয়। ভাৰতৰ প্ৰতিৰোধ আৰ্হিক স্থানীয় সুবিধা অনুসৰি বহু দেশে প্ৰয়োগ আৰু স্কেল আপ কৰিব পাৰে। এই আৰ্হিক আন প্ৰতিৰোধী আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমটো প্ৰয়োগ কৰিব পাৰি।

’ভিড-১৯ মহামাৰীটোৰ সময়ত এইচআইভি প্ৰতিৰোধত ভাৰতে লাভ কৰা সফলতাৰ কথা ডাঃ হৰ্ষ বৰ্ধনে সদৰী কৰে।ভাৰত চৰকাৰখনে সমাজ, সামাজিক অনুষ্ঠান, উন্নয়ন অংশীদাৰৰ সহযোগত সময়োচিত আৰু সুচল ব্যৱস্থা গ্ৰহণ কৰিছিল। তদুপৰি চৰকাৰখনে মূল জনসমষ্টি আৰু পিএলএইচআইভিক ভিন্ন সামাজিক কল্যাণ আঁচনিসমূহৰে সংযোজিত কৰে। এই প্ৰসংগত বৈশ্বিক নীতি-নিৰ্দেশনাৰে ৰজিতা খুৱাই এনএচিঅ’য়ে সময়ে-সময়ে নীতি-নিৰ্দেশনা জাৰি কৰি আহিছে”, তেওঁ উল্লেখ কৰে।

মন্ত্ৰীজনে সংক্ৰমিত আৰু প্ৰভাৱিত লোকসকলৰ মানৱ অধিকাৰ ৰক্ষা সুনিশ্চিত কৰিবলৈ দ্য হিউমেন ইম্মিউন’ডেফিচিয়েন্সি ভাইৰাছ এণ্ড একুৱাৰড ইম্মিউন’ ডেফিচিয়েন্সি চিনড্ৰম (প্ৰিভেনশ্যন এণ্ড কনট্ৰল) এক্ট, ২০১৭ প্ৰৱৰ্তনৰ কথা সদৰী কৰে।

এই বৈঠকত অতিৰিক্ত সচিব (স্বাস্থ্য) শ্ৰীমতী আৰ্টি আহুজা, যুটীয়া সচিব (স্বাস্থ্য) শ্ৰী আলোক চেক্সেনা, এনএচিঅ’ৰ এডিজি শ্ৰীমতী শ্ববিনী ৰঞ্জনো উপস্থিত থাকে।

****

MV/SB



(Release ID: 1673916) Visitor Counter : 183