হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ অধীনত ২৫ লাখৰো অধিক আবেদন লাভ

এই পৰ্যন্ত ১২লাখ আবেদনৰ বিপৰীতে অনুমোদন

Posted On: 18 NOV 2020 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী স্বনিধি-প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্ম-নিৰ্ভৰ নিধি আঁচনিৰ অধীনত এই পৰ্যন্ত ২৫ লাখৰো অধিক আবেদন লাভ কৰা হৈছে। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি এক বিশেষ শ্ৰেণীৰ ক্ষুদ্ৰ-ঋণ সহযোগিতা আঁচনি, যাৰ জৰিয়তে পদ পথত ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এই পৰ্যন্ত ১২লাখ আবেদনৰ বিপৰীতে ঋণৰ অনুমোদন জনোৱাৰ লগতে এই পৰ্যন্ত ৫.৩৫ লাখ আবেদনৰ বিপৰীতে ঋণৰ ধন মোকলাই দিয়া হৈছে। ইফালে উত্তৰ প্ৰদেশত ৬.৫ লাখৰো অধিক আবেদন লাভ কৰা হৈছে আৰু ইয়াৰে ৩.২৭লাখ আবেদনৰ বিপৰীতে ঋণৰ অনুমোদন জনোৱাৰ লগতে ১.৮৭লাখৰ বিপৰীতে ঋণৰ ধন মোকলাই দিয়া হৈছে। প্ৰণিধানযোগ্য যে, উত্তৰ প্ৰদেশত স্বনিধি যোজনাৰ অধীনত মোকলাই দিয়া ঋণৰ চুক্তি পত্ৰৰ বাবদ আদায় দিব লগা ষ্টাম্প-ডিউটী ৰেহাই দিয়া হৈছে।

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত জন্মস্থানলৈ ঢাপলি মেলিব লগা হোৱা ভেণ্ডৰসকলে তেওঁলোকৰ ব্যৱসায়ীক স্থানসমূহলৈ উভতি আহিলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে যিকোনো উমৈহতীয়া সেৱা কেন্দ্ৰৰ পৰা অনলাইনৰে ইচ্ছুক সকলে নিজাববীয়াকৈ ঋণৰ আবেদন কৰিব পাৰিব অথবা বেংকলৈ পোণ-পতীয়াকৈ গৈয়ো আবেদন কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।  

 

***

RJ/NG/KB



(Release ID: 1673909) Visitor Counter : 128