বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চিএছআইআৰ-চিআইএমএফআৰৰ প্লেটিনাম জুবিলী প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদ্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ

চিএছআইআৰ-চিআইএমএফআৰৰদ্বাৰা থলুৱাভাৱে প্ৰস্তুত তিনি প্ৰযুক্তি আৰু সুবিধাও ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা

চিআইএমএফআৰক ডিজিটেল চলুচন ব্যৱহাৰেৰে খনন কাৰ্যৰ যান্ত্ৰিকীকৰণ আৰু স্বয়ংচলন সন্দৰ্ভত বহু-বিষয়ক গৱেষণা হাতত ল’বলৈ আহ্বান

“মাটি আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণ, কাৰ্বন ফুটপ্ৰিন্ট, আৰ্থ-সামজিক আৰু কৃষি বাতাবৰণ, বন্যপ্ৰাণী ব্যৱস্থাপনা পৰিকল্পনা, ডিগ্ৰেডেড বাতাবৰণৰ জৈৱ-পুনঃনিৰ্মাণৰ প্ৰতি মনোযোগ প্ৰদান কৰাটো আৱশ্যকীয়”: ডাঃ হৰ্ষ বৰ্ধন

“জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত পেৰিছ চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰেও কাম কৰিব পাৰিম বুলি আমি বিশ্বাসী”: ডাঃ হৰ্ষ বৰ্ধন

Posted On: 17 NOV 2020 6:07PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান ও প্ৰযুক্তি, আৰ্থ চায়েঞ্চ আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি নতুন দিল্লীত ভিডিঅ’-কনফাৰেন্সিঙৰ জৰিয়তে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR)ৰ অন্যতম সন্মানীয় গৱেষণা ও উন্নয়ন পৰীক্ষাগাৰ চিএছআইআৰ-কেন্দ্ৰীয় খনন আৰু ইন্ধন গৱেষণা প্ৰতিষ্ঠান, ধানবাদৰ প্লেটিনাম জুবিলী প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে।

এই কাৰ্যসূচীত, তদুপৰি ডাঃ হৰ্ষ বৰ্ধনে ভাৰ্চুৱেলী কৌশলী আৰু আন্তঃগাঁথনি খণ্ডৰ বাবে ‘ক’ল টু চিংগাছ প্লান্ট’ আৰু ‘চেন্টাৰ অৱ এক্সেলেন্স’; ‘চেন্টাৰ ফৰ এক্সেলেন্স ফৰ ক’ল গেছীফিকেশ্যন’ উদ্বোধন কৰে আৰু ৰাষ্ট্ৰলৈ ‘ইন’ভেটিভ টেকন’লজি ফৰ ইমপ’ৰ্ট চাবচটিটিউশ্যন অৱ কুকিং ক’ল’ উৎসৰ্গা কৰে।

সাত দশকতকৈয়ো অধিক যাত্ৰাকালত চিএছআইআৰ-চিআইএমএফআৰে ভিন্ন গুৰুত্বপূৰ্ণ সফলতা লাভ কৰাৰ বাবে অভিনন্দন জনাই মন্ত্ৰীজনে। তেওঁ চিআইএমএফআৰক ডিজিটেল চলুচন ব্যৱহাৰেৰে খনন কাৰ্যৰ যান্ত্ৰিকীকৰণ আৰু স্বয়ংচলন সন্দৰ্ভত বহু-বিষয়ক গৱেষণা হাতত ল’বলৈ আহ্বান জনায়। ডাঃ হৰ্ষ বৰ্ধনে তদুপৰি কয়, “মাটি আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণ, কাৰ্বন ফুটপ্ৰিন্ট, আৰ্থ-সামজিক আৰু কৃষি বাতাবৰণ, বন্যপ্ৰাণী ব্যৱস্থাপনা পৰিকল্পনা, ডিগ্ৰেডেড বাতাবৰণৰ জৈৱ-পুনঃনিৰ্মাণৰ প্ৰতি মনোযোগ প্ৰদান কৰাটো আৱশ্যকীয়।”

“দেশখনে বিদ্যুৎ উৎপাদনৰ অৰ্থে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব যাৰ জৰিয়তে প্ৰাথমিক প্ৰয়োজনীয়তা দূৰ কৰা হ’ব আৰু বিভিন্ন উদ্যোগসমূহত প্ৰয়োগ কৰা হ’ব” বুলি মন্ত্ৰীজনে গুৰুত্ব আৰোপ কৰে আৰু কয়, “আমি পৰিবেশজনিত প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ স্বচ্ছ উপায় অৱলম্বন কৰিব লাগে।” তেওঁ কয়, “জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত পেৰিছ চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰেও কাম কৰিব পাৰিম বুলি আমি বিশ্বাসী”।

ডাঃ হৰ্ষ বৰ্ধনে তদুপৰি প্ৰতিষ্ঠানটোৰ প্লেটিনাম জুবিলী উদযাপনৰ প্ৰতীকটোও উন্মোচন কৰে। মন্ত্ৰীজনৰ উপস্থিতিতে প্ৰতিষ্ঠানখনি আৰু আন সংস্থাসমূহৰ মাজত পাঁচখন চুক্তিত স্বাক্ষৰ হয়।

এই কাৰ্যসূচীত নিটি আয়োগৰ সদস্য (বিজ্ঞান ও প্ৰযুক্তি) ডঃ ভি কে সাৰশ্বত; চিএছআইআৰৰ ডিজি আৰু ডিএছআইআৰৰ সচিব ডঃ শেখৰ চি. মান্দে; চিএছআইআৰ-কেন্দ্ৰীয় খনন আৰু ইন্ধন গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ প্ৰদীপ সিং তথা ভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

*****

NB/KGS/SB



(Release ID: 1673630) Visitor Counter : 170