গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এখন পৰ্যালোচনা বৈঠকত দিল্লীত ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা জাৰি কৰে

দিল্লীত আৰটি-পিচিআৰ টেষ্টিং ক্ষমতা দুগুণ কৰা হ’ব

দিল্লীত মেডিকেল ষ্টাফৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিএপিএফৰ পৰা অতিৰিক্ত চিকিৎসক আৰু চিকিৎসা কৰ্মী আগবঢো়ৱাৰ সিদ্ধান্ত লোৱা হৈছে, তেওঁলোকক বিমানেৰে শীঘ্ৰে দিল্লীলৈ লৈ অহা হ’ব

শ্ৰী অমিত শ্বাহে ৪৮ঘণ্টাৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ বিআইপিএপি মেছিন আৰু উচ্চ প্ৰবাহযুক্ত নাছাল কেনুলাছৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক নিৰ্দেশ দিছে

এইমছ, দিল্লী চৰকাৰ আৰু দিল্লী নগৰ নিগমৰদ্বাৰা সমগ্ৰ দিল্লীৰ ঘৰে ঘৰে সমীক্ষা চলাব
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ ৰোগীৰ তৎকালীন চিকিৎসাৰ বাবে প্লাছমা থেৰাপী আৰু প্লাছমা প্ৰশাসনৰ এক মানক প্ৰট’ক’ল জাৰি কৰিব

সমাজৰ দৰিদ্ৰ আৰু দূৰ্বল শ্ৰেণীৰ লোক বাস কৰা স্থানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু আইচিএমআৰ-এ মোবাইল টেষ্টিং লেব’ৰেটৰী স্থাপন কৰিব

ধুলা কুৱাস্থিত ডিআৰডিঅ’ৰ বৰ্তমানৰ চিকিৎসা সা-সুবিধাত অতিৰিক্তকৈ আইচিইউযুক্ত ২৫০-৩০০ বিচনা সংযুক্ত কৰা হৈছে

চাট্টাৰপুৰত স্থাপিত ১০,০০০ বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰো শক্তিশালী কৰি তোলা হ’ব
ক’ভিড-১৯ৰ চিকিৎসা আন্তঃগাথনিৰ উ

Posted On: 15 NOV 2020 8:36PM by PIB Guwahati

সংক্ৰমণৰ ঘটনা বৃদ্ধি আৰু ৰাজধানী চহৰ দিল্লীৰ চিকিৎসালয়সমূহত ৰোগীৰ সংখ্যা বৃদ্ধিৰ সময়তে  কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি দিল্লীত কভিড-১৯ৰ স্থিতি পৰ্যবেক্ষণ কৰে। বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, দিল্লীৰ ৰাজ্যপাল, দিল্লীৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, গৃহ সচিব; স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব, এইমছৰ সঞ্চালক ড০ ভি.কে পল, আইচিএমআৰৰ সঞ্চালক প্ৰধান, ডিআৰডিঅৰ সচিব, সশস্ত্ৰ বাহিনীৰ মেডিকেল ছাৰ্ভিচেছৰ সঞ্চালক প্ৰধান আৰু অন্যান্য জেষ্ঠ বিষয়ববীয়াসকল।

পৰ্যালোচনা বৈঠকত গৃহমন্ত্ৰীয়ে দিল্লীত কভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা জাৰি কৰেতেওঁ কয় যে দিল্লীত আৰটি-পিচিআৰ টেষ্টিং ক্ষমতা দুগুণ কৰা হদিল্লীত মেডিকেল ষ্টাফৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিএপিএফৰ পৰা অতিৰিক্ত চিকিৎসক আৰু চিকিৎসা কৰ্মী আগবঢো়ৱাৰ সিদ্ধান্ত লোৱা হৈছে, তেওঁলোকক বিমানেৰে শীঘ্ৰে দিল্লীলৈ লৈ অহা হব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

শ্ৰী অমিত শ্বাহে ৪৮ঘণ্টাৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ বিআইপিএপি মেছিন আৰু উচ্চ প্ৰবাহযুক্ত নাছাল কেনুলাছৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক নিৰ্দেশ দিছেএইমছ, দিল্লী চৰকাৰ আৰু দিল্লী নগৰ নিগমে সমগ্ৰ দিল্লীৰ ঘৰে ঘৰে সমীক্ষা চলাবস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কভিড-১৯ ৰোগীৰ তৎকালীন চিকিৎসাৰ বাবে প্লাছমা থেৰাপী আৰু প্লাছমা প্ৰশাসনৰ এক মানক প্ৰটল জাৰি কৰিবকেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী শ্বাহে কয় যে সমাজৰ দৰিদ্ৰ আৰু দূৰ্বল শ্ৰেণীৰ লোক বাস কৰা স্থানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু আইচিএমআৰ-এ মোবাইল টেষ্টিং লেবৰেটৰী স্থাপন কৰা হব। তেওঁ পুনৰ উল্লেখ কৰে যে ধুলা কুৱাস্থিত ডিআৰডিঅৰ বৰ্তমানৰ চিকিৎসা সা-সুবিধাত অতিৰিক্তকৈ আইচিইউযুক্ত ২৫০-৩০০ বিচনা সংযুক্ত কৰা হৈছেএকেদৰে, চাট্টাৰপুৰত স্থাপিত ১০,০০০ বিছনাযুক্ত কভিড কেয়াৰ চেণ্টাৰো শক্তিশালী কৰি তোলা হ

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কভিড-১৯ৰ চিকিৎসা আন্তঃগাথনিৰ উপলব্ধতা আৰু ৰোগী ভৰ্ত্তিৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ এটা বহু-বিভাগীয় দলে দিল্লীৰ সকলো ব্যক্তিগত চিকিৎসালয় পৰিদৰ্শন কৰিবকেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে হোম আইছলেচনত থকা ৰোগীসকলৰ ট্ৰেকিং ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে আৰু তেওঁলোকক জৰুৰী চিকিৎসাৰ প্ৰয়োজন হলে তৎকালীনভাৱে চিকিৎসালয়লৈ স্থানান্তৰ কৰা নিৰ্দেশ দিয়ে

দিল্লী চৰকাৰ আৰু দিল্লীৰ আৰক্ষী আয়ুক্তই কভিড প্ৰতিৰোধী ব্যৱস্থা যেনে ফেচ মাস্ক পৰিধান কৰাটো কঠোৰভাৱে বলবৎ হোৱাত জোৰ দিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক জানিবলৈ দিয়া হয়।

*****

NW/RK/PK/AD/MS



(Release ID: 1673107) Visitor Counter : 230