ভাৰতীয় প্ৰতিযোগিতা আয়োগ

গুগল ইণ্টাৰনেচনেল এলএলচিৰ দ্বাৰা জিঅ’ প্লেটফৰ্ম লিমিটেডৰ মুলধনৰ ৭.৭৩% ইকুইটি শ্বেয়াৰ অধিগ্ৰহণত চিচিআইৰ অনুমোদন

Posted On: 12 NOV 2020 10:04AM by PIB Guwahati

ভাৰতৰ প্ৰতিযোগিতা আয়োগে(চিচিআই) প্ৰতিযোগিতা আইন, ২০২০ৰ ধাৰা ৩১(১)ৰ অধীনত গুগল ইণ্টাৰনেচনেল এলএলচি (জিআইএল)ৰ দ্বাৰা জিঅ’ প্লেটফৰ্ম লিমিটেড(জেপিএল)ৰ মুলধন ৭.৭৩% ইকুইটি শ্বেয়াৰ অধিগ্ৰহণত অনুমোদন জনাইছে৷

জিআইএল সৈতে গুগল এলএলচিৰ মালিকীনাধীন এক অংশীদাৰ প্ৰতিষ্ঠান৷ এলএলচি হৈছে এক ডেলাৱেৰ লিমিটেড লায়েবিলিটী কোম্পানী আৰু এলফাবেট আইএনচিৰ মালিকীনাধীন অংশীদাৰী প্ৰতিষ্ঠান৷ জিআইএল এক হোল্ডিং কোম্পানী আৰু ই গুগলৰ কোনো সামগ্ৰী/সেৱা পৰিচালনা নকৰে৷

জেপিএল হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অংশীদাৰী প্ৰতিষ্ঠান, যি ইয়াৰ শ্বেয়াৰ মুলধনৰ অধিকাংশ ইকুইটি জাৰি কৰে৷ জেপিএলে ৱায়াৰলেচ, হোম ব্ৰ’ডবেণ্ড আৰু উদ্যোগৰ ব্ৰ’ডবেণ্ড সেৱা, দূৰসংযোগ সেৱা, ম’বাইল এপ্লিকেশ্যন, বিভিন্ন ডিজিটেল মঞ্চ, ই-বাণিজ্য তথা অন্যান্য সানমিহিল সামগ্ৰীকে ধৰি ডিজিটেল সামগ্ৰী/সেৱা প্ৰদান কৰে৷

পৰৱৰ্তী সময়ত আয়োগে সবিশেষ তথ্য সদৰি কৰিব৷

****

RM/KMN/DB



(Release ID: 1672487) Visitor Counter : 126