ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

প’ষ্টমেনৰ জৰিয়তে ডিজিটেল লাইফ চাৰ্টিফিকেট দাখিলৰ অৰ্থে ড’ৰষ্টেপ ছাৰ্ভিচৰ শুভাৰম্ভ

ঘৰতে থাকি লাইফ চাৰ্টিফিকেট দাখিল কৰিবলৈ পেঞ্চনাৰসকলৰ অৰ্থে বৃহৎ সকাহ

Posted On: 12 NOV 2020 4:08PM by PIB Guwahati

ডাক বিভাগৰ ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক, আইপিপিবি ও ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে “পষ্টমেনৰ জৰিয়তে ডিজিটেল লাইফ চাৰ্টিফিকেট দাখিলৰ অৰ্থে ডৰষ্টেপ ছাৰ্ভিচ” শীৰ্ষক পেঞ্চন ও পেঞ্চনাৰ কল্যাণ বিভাগৰ ব্যৱস্থা সফলতাৰে আৰম্ভ কৰিছে। ২০১৪ৰ নৱেম্বৰত মাননীয় প্ৰধানমন্ত্ৰীৰদ্বাৰা জীৱন প্ৰমাণ পৰ্টেলৰ জৰিয়তে অনলাইনৰ দ্বাৰা লাইফ চাৰ্টিফিকেট দাখিলৰ ব্যৱস্থাটো শুভাৰম্ভ কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল লাইফ চাৰ্টিফিকেট দাখিলৰ অৰ্থে পেঞ্চনাৰসকললৈ নিৰ্ভৰযোগ্য আৰু স্বচ্ছ সুবিধা প্ৰশস্ত কৰা।

তেতিয়াৰপৰাই, পাৰ্ছনেল, পিজি ও পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ তত্বাৱধানত পেঞ্চন ও পেঞ্চনাৰ কল্যাণ বিভাগে ব্যৱস্থাটোক বৃদ্ধ পেঞ্চনাৰসকলৰ অৰ্থে সুচল আৰু নিৰ্ভৰযোগ্য কৰি তুলিবলৈ প্ৰতি বছৰে প্ৰযুক্তিৰ সংযোগ ঘটাই আহিছে।

সমগ্ৰ দেশখনতে এই ব্যৱস্থা উপলব্ধ কৰি তুলিবলৈ, পেঞ্চন ও পেঞ্চনাৰ কল্যাণ বিভাগে ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক (IPPB)ৰ লগ লাগিছে। যাৰ জৰিয়তে প’ষ্টমেন আৰু গ্ৰামীণ ডাক সেৱকসকলৰ বিশাল নেটৱৰ্কটো ব্যৱহাৰ কৰা হ’ব। তেওঁলোকে লাইফ চাৰ্টিফিকেট ডিজিটেলী দাখিলৰ অৰ্থে পেঞ্চনাৰসকলক ড’ৰষ্টেপ সুবিধা আগবঢ়াব।

আইপিপিবিয়ে ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY) আৰু ইউআইডিএআইৰ জীৱন প্ৰমাণ ছফ্টৱেৰ সৈতে ইয়াৰ বেংক ছফ্টৱেৰটোক সামঞ্জস্য ৰক্ষা কৰি যুগুত কৰি উলিয়াইছে। যাৰ ফলত পেঞ্চনাৰসকলক দুৱাৰদলিতে ডিএলচি সেৱা আগবঢ়োৱাটো নিশ্চিত কৰা হয়। এই ব্যৱস্থাত আন সুবিধাৰ সংযোজন ঘটোৱা হ’ব। ইয়াৰ ভিতৰত থাকিব ঘৰতে বহি বেংক একাউন্টৰপৰা ধন উলিওৱা ইত্যাদি। উল্লেখযোগ্য যে আইপিপিবিয়ে ডাকঘৰসমূহৰ ১,৩৬,০০০ ৰোধিক একচেচ পইন্ট আৰু ১,৮৯,০০০ ৰোধিক প’ষ্টমেন ও গ্ৰামীণ ডাক সেৱকসকলৰ ৰাষ্ট্ৰীয় নেটৱৰ্কক ব্যৱহাৰ কৰিছে। দুৱাৰদলিতে বেংকিং সেৱা আগবঢ়াবলৈ তেওঁলোকৰ হাতত স্মাৰ্ট ফোন আৰু বাঅ’মেট্ৰিক ডিভাইচসমূহ তুলি দিয়া হৈছে। প্ৰসংগক্ৰমে, সমগ্ৰ দেশখনৰ পেঞ্চনাৰৰ সংখ্যা অধিক। সেয়ে, তেওঁলোকে বেংকৰ শাখালৈ নোযোৱাকৈয়ে বা বেংকৰ শাখাৰ বাহিৰত শাৰী নপতাকৈয়ে প’ষ্টমেন/গ্ৰামীণ ডাক সেৱকসকলৰ জৰিয়তে দুৱাৰদলিতে সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।

আইপিপিবিৰ জৰিয়তে “ডিএলচি দাখিলৰ অৰ্থে ড’ৰষ্টেপ ছাৰ্ভিচ” লাভ কৰিবলৈ, পেঞ্চনাৰসকলে ippbonline.com ত সৱিশেষ তথ্য লাভ কৰিব পাৰে। এইটো এটা চাৰ্জেৱল ছাৰ্ভিচ আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো পেঞ্চনাৰৰ বাবে এই সেৱা উপলব্ধ। দেশখনৰ ভিন্ন প্ৰান্তৰ সকলো এনে পেঞ্চনাৰেই যিকোনো বেংকতে একাউন্ট থকা মাত্ৰকে এই সেৱা গ্ৰহণ কৰিব পাৰিব। আইপিপিবিৰ জৰিয়তে ডিএলচিৰ ড’ৰষ্টেপ সেৱা লাভৰ প্ৰক্ৰিয়াটো ইউটিউব (Pension DOPPW) আৰু D/o Pension & Pensioners Welfare ৰ ফেচবুকত প্ৰত্যক্ষ কৰিব পাৰিব। সাম্প্ৰতিক মহামাৰীৰ পৰিপ্ৰেক্ষিতত, ঘৰতে থাকি লাইফ চাৰ্টিফিকেট দাখিল কৰিবলৈ ই পেঞ্চনাৰসকলক এটা বৃহ সকাহ প্ৰদান কৰিছে।

******

SNC/SS/SB



(Release ID: 1672485) Visitor Counter : 161