শক্তি মন্ত্ৰালয়
২০২১ বিত্তীয় বৰ্ষ(Q2FY21)ৰ দ্বিতীয় ত্ৰিমাসিকত ৩,১১৭ কোটি টকা পৰিমাণৰ ‘কৰৰ পিচত লাভ’ (পিএটি) আহৰণ ‘পাৱাৰগ্ৰীড’-ৰ
৮ শতাংশ বৃদ্ধিৰে ৯,৮৯০ কোটি টকাৰ মুঠ আয় আহৰণ
Posted On:
12 NOV 2020 12:52PM by PIB Guwahati
দেশৰ ‘কেন্দ্ৰীয় সংপ্ৰেৰণ উপযোগিতা’(চিটিইউ), ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ‘মহাৰত্ন’ শ্ৰেণীৰ প্ৰতিষ্ঠান ‘পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড’(পাৱাৰগ্ৰীড)য়ে ২০২১ বিত্তীয় বৰ্ষ (Q2FY21)ৰ দ্বিতীয় ত্ৰিমাসিকত ৩,০৯৪ কোটি টকা পৰিমাণৰ ‘কৰৰ পিচত লাভ’(পিএটি) আহৰণ কৰাৰ লগতে সামগ্ৰিক ভিত্তিত মুঠ ৯,৮৩১ কোটি টকাৰ আয় আহৰণ কৰে। ইফালে, প্ৰতিষ্ঠানটোৱে ‘ষ্টেণ্ডএল’ন’ ভিত্তিত আহৰণ কৰা ‘কৰৰ পিচৰ লাভ’ আৰু মুঠ আয়ৰ পৰিমাণ হ’ল ক্ৰমে ৩,১১৭ কোটি আৰু ৯,৮৯০কোটি টকা। বিগত বৰ্ষ, অৰ্থাত্ বিত্তীয় বৰ্ষ ২০২০ (Q2FY2০)ৰ তুলনাত এইবেলিৰ ‘কৰৰ পিচত লাভ’ আৰু মুঠ আয় বৃদ্ধিৰ হাৰ আছিল ক্ৰমে ২৩% আৰু ৮%।
ইফালে, প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষ ২০২১ৰ প্ৰথম ৬মাহত আহৰণ কৰা ‘পিএটি’ আৰু সামগ্ৰিক আয়ৰ পৰিমাণ হ’ল ক্ৰমে ৫,১৪২ কোটি আৰু ১৯,৬৪৮ কোটি টকা। বিগত বৰ্ষৰ তুলনাত এই পৰিমাণ ক্ৰমে প্ৰায় ১% আৰু ৬% অধিক আছিল। ইফালে, প্ৰতিষ্ঠানটোৱে ‘ষ্টেণ্ডএল’ন’ ভিত্তিত আহৰণ কৰা ‘কৰৰ পিচৰ লাভ’ আৰু মুঠ আয়ৰ পৰিমাণ হ’ল ক্ৰমে ৫,০৯৭ কোটি আৰু ১৯,৫১১ কোটি টকা। বিগত বৰ্ষ অৰ্থাত্ বিত্তীয় বৰ্ষ ২০২০ৰ তুলনাত এইবেলিৰ কৰৰ পিচত লাভ আৰু মুঠ আয় বৃদ্ধিৰ হাৰ আছিল ক্ৰমে ৩% আৰু ৬%।
প্ৰতিষ্ঠানটোৱে ২০২১ বিত্তীয় বৰ্ষ (Q2FY21)ৰ দ্বিতীয় ত্ৰিমাসিকত প্ৰায় ৩,১০০ কোটি টকাৰ মূলধনী পুঁজিৰ ব্যয় কৰাৰ বিপৰীতে সামগ্ৰিক ভাবে ১০,৬৯৩ কোটি টকা পৰিমাণৰ পুঞ্জীকৃত সম্পত্তি(এফইআৰভি-ৰ বাহিৰে) আহৰণ কৰে।
******
RCJ/M/KB
(Release ID: 1672484)
Visitor Counter : 116