প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সপ্তদশ ভাৰত-আছিয়ান ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
प्रविष्टि तिथि:
12 NOV 2020 5:33PM by PIB Guwahati
নমস্কাৰ,
মাননীয় প্ৰধানমন্ত্ৰী নগুয়েন ছ্যুঅ’ন ফুক,
সুধীবৃন্দ,
প্ৰতি বছৰৰ দৰে এইবছৰ আমি সকলোৱে হাতে হাত ধৰি, আমাৰ ঐতিহ্যগত পৰিয়াল অনুভৱক ছবিখন তুলিব নোৱাৰিলো! কিন্তু তৎসত্ত্বেও আমি অতি আনন্দিত যে আমি ভাৰ্চুৱেল মাধ্যমত সকলো মিলিত হৈছো।
সৰ্বপ্ৰথমে মই প্ৰসংশা কৰিম ভিয়েটনামক, লগতে আছিয়ানৰ বৰ্তমানৰ অধ্যক্ষ আৰু লগতে আছিয়ানত ভাৰতৰ হৈ সমন্বয়ৰক্ষী হিচাপে থকা থাইলেণ্ডকো প্ৰসংশা কৰিম। ক’ভিডৰ সমস্যা সত্ত্বেও আপোনালোকে নিজ নিজ দায়িত্ব অত্যন্ত সুন্দৰকৈ পালন কৰিছে।
সুধীবৃন্দ,
ভাৰত আৰু আছিয়ানৰ কৌশলগত অংশীদাৰীত্ব আমাৰ সমভাৱাপন্ন সমৃদ্ধশালী ঐতিহাসিক, ভৌগলিক আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। আছিয়ান গোষ্ঠীয়ে আৰম্ভণিৰ পৰাই আমাৰ ‘এক্ট ইষ্ট নীতি’-ৰ মূল কেন্দ্ৰ হিচাপে কাম কৰিছে।
ভাৰতৰ ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যোগ’ আৰু আছিয়ানৰ ‘আউটলুক অন ইণ্ডো পেছিফিক’-ৰ মাজত যথেষ্ট মিল আছে। মোৰ দৃঢ় বিশ্বাস যে এক ‘সংযোগশীল তথা দায়িত্বশীল আছিয়ান’ এই অঞ্চলৰ সকলোৰে নিৰাপত্তা তথা বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
ভাৰত আৰু আছিয়ানৰ মাজত ব্যক্তিগত, আৰ্থিক, সামাজিক, ডিজিটেল, অৰ্থনৈতিক, সামুদ্ৰিক౼ প্ৰতিটো ক্ষেত্ৰতে যোগাযোগ বৃদ্ধি কৰাৰ উদ্যোগৰ ক্ষেত্ৰত আমাৰ সকলোৱেই সুলভ অৱস্থাতে অগ্ৰাধিকাৰ পাই আহিছে।
বিগত কেবাবছৰ ধৰি আমি এইবোৰ ক্ষেত্ৰত অত্যন্ত ওচৰে পাজৰেই আছো। মই বিশ্বাস কৰো যে আজি আমাৰ আলাপ-আলোচনা যদিও ভাৰ্চুৱেল মাধ্যমেৰে হৈছে, আমাৰ মাজৰ দূৰত্ব আৰু কম কৰাৰ ক্ষেত্ৰত লাভজনক হ’ব।
মই আৰু এবাৰ আপোনালোক সকলোকে আজিৰ মত-বিনিময়ত অংশগ্ৰহণৰ বাবে ধন্যবাদ জনাইছো।
***
DS/SH/AK/RD
(रिलीज़ आईडी: 1672479)
आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Marathi
,
Telugu
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam
,
Manipuri
,
English
,
Urdu
,
Bengali