স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডঃ হৰ্ষ বৰ্দ্ধনে ৭খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ ৰাজ্যিক বিষয়াসকলৰ সৈতে কভিড পৰিস্থিতি আৰু জনস্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কৰে

‘কভিড উপযুক্ত আচৰণৰ বাবে পৰামৰ্শ দিয়া প্ৰধানমন্ত্ৰীৰ জন আন্দোলনে কভিড নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উপলব্ধ সৰ্বশ্ৰেষ্ঠ ৰণনীতিৰ ইংগিত দিয়ে’

‘এতিয়ালৈকে লাভ কৰা সফলতা অথলে নাযাবলৈ উৎসৱ আৰু শীতকালীন ঋতুত অধিক সতৰ্কতাৰ প্ৰয়োজন’

‘কভিড উপযুক্ত আচৰণ হৈছে আটাইতকৈ শক্তিশালী সামাজিক ভেকচিন’

Posted On: 11 NOV 2020 4:29PM by PIB Guwahati

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষবর্ধনে আজি ভিডিঅ কনফাৰেন্সৰ জৰিয়তে ৭খন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু গোৱাৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আৰু মুখ্য সচিব/অতিৰিক্ত মুখ্য সচিবসকলৰ সৈতে মত-বিনিময় কৰে।      

 

সন্মিলনত আভাসী মাধ্যমেৰে অংশ লয় ক্ৰমে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী টী.এছ. ৰাৱাট (যি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দায়িত্বতো আছে), মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিং,মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী ৰাজেশ টোপে, মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ডঃ আৰ. লালথাংলিআনা, গোৱাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী বিশ্বজিত প্ৰতাপসিং ৰাণে, ত্ৰিপুৰাৰ স্কুলীয়া শিক্ষা, উচ্চ শিক্ষা, আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰতন লাল নাথে।

 

ডঃ হৰ্ষ বৰ্দ্ধনে অলপতে অন্ধ্ৰ প্ৰদেশ, অসম, পশ্চিম বংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, তেলেংগানা, পঞ্জাৱ, হাৰিয়ানা আৰু কেৰালাৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈছিল। তেওঁ লগতে গুজৰাট, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, চত্তীশগড় আৰু দিল্লীৰ সৈতে কভিড প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

 

প্ৰত্যেক ৰাজ্যৰ গুৰুত্ব আৰোপ কৰিবলগীয়া নিৰ্দিষ্ট ক্ষেত্ৰবোৰৰ ওপৰত আলোকপাত কৰি ডঃ হৰ্ষ বৰ্দ্ধনে উল্লেখ কৰে যে মহাৰাষ্ট্ৰত সক্ৰিয় ঘটনাবোৰ হ্ৰাস হৈছে যদিও এক উচ্চ মৃত্যুৰ হাৰ(২.৬শতাংশ)ৰ সৈতে যি মুম্বাই আৰু ইয়াৰ আশ-পাশৰ অঞ্চলত ৩.৫শতাংশ বৃদ্ধিৰে সক্ৰিয় ৰোগীৰ বৃহৎ সংখ্যা অব্যাহত আছে। উত্তৰাখণ্ডত ৰোগীৰ মৃত্যুৰ হাৰ ১.৬৪শতাংশ, যি ৰাষ্ট্ৰীয় গড়তকৈ অধিক। মণিপুৰত শেহতীয়াভাৱে সক্ৰিয় ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ কয় যে ৰাজ্যখনত উচ্চ সংক্ৰমণৰ হাৰে গোপন সংক্ৰমণৰ ইংগিত দিছে। গোৱাত মুঠ মৃত্যুৰ ৪০শতাংশ কেৱল যোৱা এমাহত হৈছে যি এক চিন্তাৰ বিষয়। মিজোৰামত সক্ৰিয় ঘটনাৰ সংখ্যা বৃদ্ধি পাই আছে যত ৭০ শতাংশ ঘটনা ৰাজধানী আইজল কেন্দ্ৰিক। ত্ৰিপুৰা আৰু মেঘালয়ত ৪৫-৬০ বয়সৰ মাজৰ ব্যক্তিৰ মাজত অধিক সংখ্যক(৩৭শতাংশ)মৃত্যু পৰিলক্ষিত হৈছে যি প্ৰতিৰোধযোগ্য।

 

 

ডঃ হর্ষবর্ধনে অসংখ্য কভিড যোদ্ধা আৰু প্ৰথম শ্ৰেণীৰ কৰ্মীসকলৰ নিৰলস আৰু উৎসৰ্গিত সেৱাক গভীৰভাৱে প্ৰশংসা কৰে যিসকলে ভাগৰ লগাৰ লক্ষণ প্ৰদৰ্শন নকৰাকৈ দৃঢ়তাৰে পৰিস্থিতি মোকাবিলা কৰাত ব্যস্ত হৈ আছে। তেওঁ আৰু কয় যে আজিৰ তাৰিখত অক্সিজেনৰ সহায়ত মাত্ৰ ৪.০৯শতাংশ সক্ৰিয় ঘটনা, আইচিইউত ২.৭৩শতাংশ সক্ৰিয় ঘটনা আৰু ভেণ্টিলেটৰৰ সহায়ত মাত্ৰ ০.৪৫শতাংশ ঘটনা আছে। কিন্তু আগন্তুক শীতকালীন সময় আৰু উত্সৱৰ দীঘলীয়া সময়ত সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি কভিড-১৯ৰ বিৰুদ্ধে এতিয়ালৈকে লাভ কৰা সফলতাক দুৰ্বল কৰিব পাৰে।

 

সংক্ৰমণৰ শৃংখলা বন্ধ কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে আৰম্ভ কৰা জন আন্দোলনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। জনসাধাৰণৰ মাজত জন আন্দোলন প্ৰচাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ আলোচনা কৰি তেওঁ কয় যে কভিড অনুকুল ব্যৱহাৰেই সৰ্বাধিক প্ৰভাৱশালী সামাজিক ভেকচিন।

 

    

ডঃ হর্ষবর্ধনে ৰাজ্যসমূহক বিশেষভাৱে অধিক সংক্ৰমিত জিলাসমূহত অধিক পৰীক্ষা কৰা, লক্ষণযুক্ত সন্দেহজনক ব্যক্তিৰ আৰএটি ঋণাত্মক আহিলে বাধ্যতামূলক পৰীক্ষা কৰোৱা, SARI/ILI নিৰীক্ষণৰ বাবে উচ্চ শংকাযুক্ত গোট আৰু স্পৰ্শকাতৰ জনসংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰা যিয়ে সংক্ৰমণৰ ইংগিত দিব পাৰে, সংক্ৰমিতৰ সংস্পৰ্শলৈ অহাসকলৰ চিনাক্তকৰণ বৃদ্ধি কৰা, হোম আইচোলেশ্যনত থকাসকলক সঠ্ক অনুসৰণ আৰু নিৰীক্ষণকৰা, বিশেষভাৱে স্পৰ্শকাতৰ গোটক। তেওঁ আইইচি অভিযানৰ প্ৰসাৰতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে হোম আইচোলেশ্যনত থকা লোকসকলে ফলপ্ৰসূ চিকিত্সা ব্যৱস্থাপনা লাভৰ বাবে সঠিক সময়ত হাস্পতাল পায় আৰু বহু ৰাজ্য আৰু জিলাত অধিক হোৱা প্ৰথম ২৪/৪৮/৭২ ঘণ্টাত মৃত্যু হ্ৰাস কৰিব পাৰি। তেওঁ বজাৰ অঞ্চল, কৰ্মস্থান, মানুহ জুম হোৱা এলেকাত অধিক পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ইংগিতো দিয়ে।

 

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু স্বাস্থ্যমন্ত্ৰী সকলে এইক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত মত ব্যক্ত কৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ৰাৱাটে তেওঁৰ ৰাজ্যত মাস্ক পৰিধান নকৰাৰ বাবে ৪.৫লাখ জৰিমণা বিহা আৰু সামাজিক দূৰত্ব নমনাৰ বাবে ১.৪লাখ টকা জৰিমণা বিহাৰ কথা উল্লেখ কৰে। শ্ৰী ৰাজেশ টোপে কয় মহাৰাষ্ট্ৰত গ্ৰহণ কৰা মোৰ পৰিয়াল মোৰ দায়িত্ব অভিযানৰ কথা উল্লেখ কৰে।

 

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে তিনিটা ক্ষেত্ৰৰ ওপৰত ৰাজ্যসমূহক নজৰ দিবলৈ পৰামৰ্শ দিয়ে। সেইকেইটা হৈছে-সংক্ৰমণৰ শৃংখলা দমন কৰা আৰু ভাঙি পেলোৱা, মৃত্যুৰ হাৰ ১শতাংশৰ তলত ৰখা আৰু দীঘলীয়া আচৰণ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা।

 

বৈঠকত স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব শ্ৰীমতী আৰতী আহুজা, যুটীয়া সচিব শ্ৰী লাভ আগৰাৱাল, এনচিডিচিৰ সঞ্চালক ডঃ এছ কে সিং আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

 

******

MV/KG



(Release ID: 1672177) Visitor Counter : 170