কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

মন্ত্ৰীসভাই আধাৰভূত আন্তঃগাঁথনিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব পৰিকল্পনাৰ ৰূপায়ণ অন্তৰ বিত্ত পোষন (ভিজিএফ) অব্যাহত ৰখা আৰু ইয়াৰ পুনৰ গঠনক মঞ্জুৰী দিছে

Posted On: 11 NOV 2020 3:51PM by PIB Guwahati

 মন্ত্ৰীসভাই আধাৰভূত আন্তঃগাঁথনিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব পৰিকল্পনাৰ ৰূপায়ণ অন্তৰ বিত্ত পোষন (ভিজিএফ) অব্যাহত ৰখা আৰু ইয়াৰ পুনৰ গঠনক মঞ্জুৰী দিছে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে আধাৰভূত আন্তঃগাঁথনিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব পৰিকল্পনাৰ ৰূপায়ণ অন্তৰ বিত্ত পোষন (ভিজিএফ) অব্যাহত ৰখা আৰু ইয়াৰ পুনৰ গঠনক মঞ্জুৰী দিছে। ইয়াৰ সময় অৱধি ২০২৪-২৫লৈকে আছে আৰু ইয়াৰ মুঠ ব্যয় ৮১০০ কোটি টকা।

 

এই সংশোধিত পৰিকল্পনাত সামাজিক আধাৰভূত আন্তঃগাঁথনিত ব্যক্তিগত ক্ষেত্ৰৰ অংশীদাৰিত্বক মুখ্য ধাৰালৈ আনিবৰ বাবে দুটা উপ-পৰিকল্পনা আৰম্ভ কৰা হৈছেঃ

 

ক। উপ-পৰিকল্পনা-১

এই পৰিকল্পনা সামাজিক ক্ষেত্ৰ যেনে অৱশিষ্ট জল শোধন, পানী যোগান, গোটা জাবৰ ব্যৱস্থাপনা, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰসমূহৰ আৱশ্যকতা পূৰণ কৰিব। এনেধৰণৰ পৰিকল্পনাত পুঁজিৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে পূৰণ কৰিবৰ বাবে বেংক সম্পৰ্কীয় সামৰ্থ্য আৰু কম ৰাজহৰ দৰে বিষয়ৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই শ্ৰেণীৰ জৰিয়তে পাত্ৰ পৰিকল্পনাৰ কমেও ১০০% সঞ্চালন লগ্নি পুনৰ প্ৰাপ্ত হোৱা দৰকাৰ। ইয়াত কেন্দ্ৰীয় চৰকাৰে ভিজিএফৰ জৰিয়তে মুঠ পৰিকল্পনা লগ্নিৰ অধিকতম ৩০% উপলব্ধ কৰাব আৰু ৰাজ্য চৰকাৰে/প্ৰায়োজক কেন্দ্ৰীয় মন্ত্ৰালয়ে/বিধিগত নিকায়ে মুঠ পৰিকল্পনা লগ্নিৰ অতিৰিক্ত ৩০% সহায় উপলব্ধ কৰাব পাৰে।

 

খ। উপ-পৰিকল্পনা-২

এই উপ-পৰিকল্পনাই নিৰূপণ/সামাজিক ক্ষেত্ৰৰ প্ৰায়োগিক পৰিকল্পনাক সাহায্য দিব আৰু এই পৰিকল্পনাসমূহ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰসমূহৰ পৰা হ'ব পাৰে য'ত কমেও ৫০% সঞ্চালন লগ্নি পুনৰ প্ৰাপ্তি আছে। এই পৰিকল্পনাসমূহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে লগ হৈ প্ৰথম পাঁচ বছৰত পুঁজি লগ্নিৰ ৮০% আৰু সঞ্চালন তথা চোৱাচিতা (অ'এণ্ডএম) লগ্নিৰ ৫০% অংশ উপলব্ধ কৰাব। কেন্দ্ৰীয় চৰকাৰে এই পৰিকল্পনাত মুঠ পৰিকল্পনা লগ্নিৰ অধিকতম ৪০% অংশ উপলব্ধ কৰাব। ইয়াৰ উপৰিও প্ৰথম পাঁচ বছৰত বাণিজ্যিক কাৰ্যকলাপৰ বাবে পৰিকল্পনাৰ অধিকতম ২৫% সঞ্চালন লগ্নিও উপলব্ধ কৰাব পাৰে।

 

এই পৰিকল্পনাৰ আৰম্ভণিৰ জৰিয়তে ৬৪টা পৰিকল্পনাক অন্তিম মঞ্জুৰীৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ মুঠ পৰিকল্পনা ব্যয় ৩৪,২২৮ কোটি টকা তথা ভিজিএফ ৫,৬৩৯ কোটি টকা। ২০১৯-২০ বিত্ত বৰ্ষৰ শেষলৈকে ৪,৩৭৫ কোটি টকাৰ ভিজিএফ ধনৰাশি বিতৰণ কৰা হৈছে।

 

লাভঃ

এই পৰিকল্পনাৰ উদ্দেশ্য সামাজিক আৰু অৰ্থনৈতিক আধাৰভূত আন্তঃগাঁথনিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বক উসাহিত কৰা যাতে পৰিসম্পত্তিৰ উন্নত সৃষ্টি হয় আৰু ইয়াৰ ব্যৱহাৰে সঞ্চালন তথা চোৱাচিতা সুনিশ্চিত কৰিব পৰা যায় আৰু অৰ্থনৈতিক আৰু সামাজিকভাৱে জৰুৰী পৰিকল্পনাসমূহক বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়। এই পৰিকল্পনাৰ জৰিয়তে দেশৰ জনসাধাৰণৰ যথেষ্ট লাভ হ'ব কিয়নো ই দেশত আধাৰভূত আন্তঃগাঁথনিৰ বিকাশত সহায় কৰিব।

 

ৰূপায়ণৰ ৰণনীতিঃ

নতুন পৰিকল্পনা মন্ত্ৰীসভাৰ মঞ্জুৰী পোৱাৰ এমাহৰ সময়ত বলৱ হৈ যাব আৰু নতুন ভিজিএফ পৰিকল্পনাত প্ৰস্তাৱিত সংশোধনসমূহক ইয়াৰ দিক-নিৰ্দেশনাক উপযুক্ত ৰূপত অন্তৰ্ভুক্ত কৰা হ'ব। নতুন ভিজিএফ পৰিকল্পনাক উসাহিত কৰা আৰু সাহায্য দিয়া পৰিকল্পনাৰ তত্বাৱধানৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ'ব।

 

প্ৰভাৱঃ

প্ৰস্তাৱিত ভিজিএফ পৰিকল্পনাক নতুন ৰূপত বলৱ কৰিলে ৰাজহুৱা ব্যক্তিগত ক্ষেত্ৰৰ অধিক পৰিকল্পনাক আকৰ্ষিত কৰিব পৰা যাব আৰু সামাজিক ক্ষেত্ৰবিলাক (স্বাস্থ্য, শিক্ষা, অৱশিষ্ট পানী, গোটা আৱৰ্জনা ব্যৱস্থাপনা, পানী যোগান আদি)ৰ বাবে ব্যক্তিগত বিনিয়োগত সাহায্য পোৱা যাব। নতুন হাস্পতাল আৰু স্কুল নিৰ্মাণ হ'লে কৰ্ম সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব।

 

অন্তৰ্ভুক্ত ব্যয়ঃ

এই নতুন পৰিকল্পনাক বিত্ত মন্ত্ৰালয়ৰ বাজেট সাহায্যৰে বিত্তৰ যোগান ধৰা হ'ব। নতুন ভিজিএফ পৰিকল্পনাৰ বাবে বিত্ত বৰ্ষ ২০২৪-২৫ত মুঠ আনুমানিক ব্যয় এনেধৰণৰঃ

 

 

বিত্তীয় বৰ্ষ

অৰ্থনৈতিক আধাৰভূত আন্তঃগাঁথনি ক্ষেত্ৰত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বক বিত্তীয় সমৰ্থন দিয়াৰ পৰিকল্পনা (কোটি টকা)

সামাজিক ক্ষেত্ৰৰে জড়িত আধাৰভূত আন্তঃগাঁথনিক বিত্তীয় সমৰ্থন দিয়াৰ পৰিকল্পনা (কোটি টকা)

2020-21

১,০০০

৪০০

2021-22

১,১০০

৪০০

2022-23

১,২০০

৪০০

2023-24

১,৩০০

৪০০

2024-25

১,৪০০

৫০০

মুঠ

৬,০০০

২,১০০

 

পৃষ্ঠভূমিঃ

বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০০৬ বৰ্ষত 'আধাৰভূত আন্তঃগাঁথনি (ব্যৱহাৰয্যতা অন্তৰ বিত্ত পোষণ পৰিকল্পনা)ত ৰাজহুৱা ব্যক্তিগত ক্ষেত্ৰৰ অংশীদাৰিত্বক বিত্তীয় সমৰ্থন দিবলৈ এই পৰিকল্পনা'ৰ আৰম্ভণি সেই পৰিকল্পনাসমূহৰ বাবে কৰিছিল যিবিলাক অৰ্থনৈতিকভাৱে ন্যায়সংগত যদিও বাণিজ্যিকভাৱে ব্যৱহাৰিক নহয়। ইয়াৰ প্ৰধান কাৰণ বিশাল পুঁজিৰ আৱশ্যকতা, ইয়াৰ যথেষ্ট দীঘলীয়া সময় আৰু বাণিজ্যিক স্তৰত ব্যৱহাৰ কৰিবলগীয়া শুল্কৰ ক্ষেত্ৰত বৃদ্ধি নোহোৱাৰ অক্ষমতা অন্তৰ্ভুক্ত আছে। বৰ্তমানৰ পৰিকল্পনাত মুঠ পৰিকল্পনাৰ ৪০% ভিজিএফ অংশ কেন্দ্ৰীয় চৰকাৰ আৰু পৰিকল্পনাৰ আৰম্ভণিৰ স্থিতিত (২০%+২০%) পুঁজি অনুদান হিচাপে প্ৰায়োজক প্ৰাধিকৰণৰ ফালৰ পৰা উপলব্ধ কৰোৱা হয়।

***

DS



(Release ID: 1672134) Visitor Counter : 235