প্ৰতিৰক্ষা মন্ত্ৰালয়

১২-১৫ নৱেম্বৰত ফেডাৰেশ্যন ইকুৱেষ্টাৰ ইন্টাৰনেশ্যনেল (FEI) ইভেন্টিঙৰ আয়োজন ইকুৱেষ্ট্ৰেইন ফেডাৰেশ্যন অৱ ইণ্ডিয়া (EFI)ৰ

পোষ্ট কৰা হৈছে: 11 NOV 2020 2:04PM by PIB Guwahati

১২-১৫ নৱেম্বৰ, ২০২০ত দিল্লী কেন্টস্থিত আৰ্মি প’ল’ এণ্ড ৰাইডিং চেন্টাৰ (APRC)ত এফইআই ইভেন্টিং প্ৰতিযোগিত অনুষ্ঠিত হ’ব।

তিনিটা পৰ্যায়ত টেষ্টৰে ইভেন্টিং অনুষ্ঠিত কৰা হ’ব। এয়া হৈছেঃ ড্ৰেচেজ, ক্ৰছ-কান্ট্ৰী ও শ্ব’ জাম্পিং। ওৱান ষ্টাৰ ইনট্ৰ’ আৰু টু ষ্টাৰ শ্বৰ্ট পৰ্যায়ত ন্যূনতম পেনাল্টিৰ খেলুৱৈজনেই হ’ব বিজেতা।

চাৰিদিন ধৰি এই টুৰ্নামেন্ট অনুষ্ঠিত হ’ব। প্ৰথম দিনা ভেটেৰিনেৰী ইন্সপেকশ্যন, দ্বিতীয় দিনা ড্ৰেচেজ টেষ্ট, তৃতীয়-দিনা ক্ৰছ-কান্ট্ৰী টেষ্ট আৰু অন্তিম দিনা শ্ব’ জাম্পিং টেষ্ট অনুষ্ঠিত হ’ব।

ড্ৰেচেজ টেষ্ট ৬০মি x ২০মি স্থানত অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰত নিৰ্ধাৰিত দূৰত্বত মাৰ্কাৰ প্লেচ থাকিব। উক্ত টেষ্টত আগবঢ়োৱা ভিন্ন ক্ৰম যথাঃ হাল্ট, ৱাক, ট্ৰট, কেন্টাৰ ইত্যাদি অনুসৰি অশ্বাৰোহী কম্বিনেশ্যনে ভিন্ন সঞ্চালন প্ৰদৰ্শন কৰিব। প্ৰতিটো সঞ্চালনতে ১০ নম্বৰ থাকিব আৰু চূড়ান্ত ড্ৰেচেজ স্ক’ৰৰ অৰ্থে প্ৰতিজন বিচাৰকৰ মুঠ গড় গণনা কৰা হ’ব। শতাংশ আকাৰে ইয়াক প্ৰকাশ কৰা যাব।

দ্বিতীয়টো দিনা, ঘোঁৰা ও আৰোহীৰ কম্বিনেশ্যনৰ অৰ্থে অনুষ্ঠিত হ’ব ক্ৰছ-কান্ট্ৰী। এটা নিৰ্দিষ্ট দৈৰ্ঘ্যৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত এটা নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত পূৰ্ব-নিৰ্ধাৰিত প্ৰতিবন্ধকতা থাকিব। প্ৰথমটো পৰ্বত যিকোনো উপেক্ষাৰ বাবে পেনাল্টি হ’ব ২০ আৰু একেটা জাঁপতে দ্বিতীয়টো উপেক্ষাৰ বাবে পেনাল্টি হ’ব ৪০। একেটা প্ৰতিবন্ধকতাতে তৃতীয়টো পেনাল্টিৰ বাবে বাহিৰ হ’ব লাগিব। আৰোহী বা আৰোহী/ঘোঁৰা কম্বিনেশ্যনৰ পতন মাত্ৰেকে বাহিৰ হ’ব লাগিব।

এই কাৰ্যসূচীৰ অন্তিম আৰু চূড়ান্ত আয়োজন হৈছে শ্ব’ জাম্পিং। ইয়াৰ বাবে ৬০মি x ৪০মি আকাৰৰ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিটো পতন/উপেক্ষাৰ বাবে পেনাল্টি হ’ব ৪ পইন্ট আৰু কম্বিনেশ্যনটোৰ তৃতীয়টো উপেক্ষাত বাহিৰ হ’ব লাগিব।

এই সকলো টেষ্টৰ মুঠ স্ক’ৰৰ জৰিয়তে চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব। ২০১৮ৰ এছিয়ান গেমছত ভাৰতীয় দলে একক আৰু দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰাৰপৰাই যুৱ পৰিক্ৰমা ও ক্ৰীড়া (MYAS) মন্ত্ৰালয়ৰদ্বাৰা ইএফআইক “অগ্ৰাধিকাৰ” ক্ৰীড়া হিচাপে সূচীবদ্ধ কৰা যায়। ইভেন্টিং ডিচিপ্লিন পৰম্পৰাগতভাৱে ভাৰতৰ শক্তি য’ত পূৰ্বৰ এছিয়ান গেমছসমূহত সৰ্বাধিক পদক লাভ কৰা হৈছে।

২০২২ত চীনত অনুষ্ঠিতব্য এছিয়ান গেমছৰ প্ৰস্তুতিৰ অৰ্থে ভাৰতত এফইএ পৰ্যায়ৰ ইভেন্টৰ অনুষ্ঠিত কৰা হৈছে। ইয়াত প্ৰায় ৫০ বিশিষ্ট আৰোহী আৰু ৬০ ঘোঁৰাই অংশগ্ৰহণ কৰিব।

*****

AA/BSC/KV/SB


(ৰিলিজ আই ডি : 1671923) অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Punjabi , Tamil , Telugu