সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

পীতমপুৰাৰ দিল্লীহাটত “হুনৰ হাট” উদ্বোধন কৰিব মুখটাৰ অব্বাছ নকবীয়ে

“ভকেল ফৰ লোকেল” বিষয়বস্তুৰে পুনৰ আৰম্ভ হোৱা হুনৰ হাট অনুষ্ঠিত হ’ব ১১-২২ নৱেম্বৰত

“মাটি (মৃত্তিকা), ধাতু আৰু মাচিয়া (কাঠ ও মৰাপাটৰ সামগ্ৰী)”ৰপৰা প্ৰস্তুত থলুৱা উত্তম পণ্য হ’ব মূল আকৰ্ষণ
১০০ ৰোধিক ষ্টল স্থাপন

দুৰ্লভ উত্তম থলুৱা হস্তনিৰ্মিত পণ্যসমূহৰ নিৰ্ভৰযোগ্য ব্ৰেণ্ড হৈ পৰিছে “হুনৰ হাট”: মুখটাৰ অব্বাছ নকবী

“হুনৰ হাট”ত ক’ৰোনা মহামাৰী সন্দৰ্ভত সামাজিক দূৰত্ব আৰু আন নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলা হ’বঃ মুখটাৰ অব্বাছ নকবী

Posted On: 10 NOV 2020 1:06PM by PIB Guwahati

’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৭ মাহ বিৰতিৰ পাছত কাইলৈৰপৰা হুনৰ হাট পুনৰ আৰম্ভ হ’ব। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাছ নকবীয়ে পীতমপুৰাৰ দিল্লী হাটত হুনৰ হাট উদ্বোধন কৰিব। ভকেল ফৰ লোকেল বিষয়বস্তুৰে ইয়াৰ মুখ্য আকৰ্ষণ হ’ব মাটি (মৃত্তিকা), ধাতু আৰু মাচিয়া (কাঠ ও মৰাপাটৰ সামগ্ৰী)ৰপৰা প্ৰস্তুত থলুৱা উত্তম পণ্য।

আজি শ্ৰী মুখটাৰ অব্বাছ নকবীয়ে কয় যে মৃত্তিকাৰপৰা প্ৰস্তুত দুৰ্লভ উত্তম সামগ্ৰী, ভিন্ন ধাতৱ আৰু কাঠৰ সামগ্ৰী, বেত-বাঁহৰপৰা প্ৰস্তুত সামগ্ৰী, বিমুগ্ধকাৰী মৃশিল্প ইত্যাদি “হুনৰ হাট”ত প্ৰদৰ্শনৰ বাবে ৰখা হ’ব আৰু বিক্ৰী কৰা যাব। ২০২০ৰ ১১ ৰপৰা ২২ নৱেম্বৰলৈ পীতমপুৰাৰ দিল্লী হাটত ইয়াৰ আয়োজন কৰা হৈছে।

শ্ৰী নকবীয়ে কয় যে দেশখনৰ প্ৰতিটো অঞ্চলৰে থলুৱা সামগ্ৰীৰ পৰম্পৰাগত আৰু বংশগত উত্তৰাধিকাৰ আছে। এই উত্তৰাধিকাৰ, যিসমূহ বিলুপ্তিৰ গৰাহত পৰাৰ উপক্ৰম হৈছে, সেই সমূহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “স্বদেশী”ৰ প্ৰতি আহ্বানৰ পাছতে পুনৰ জীৱন লাভ কৰে। শ্ৰী মোদীয়ে “ভকেল ফৰ লোকেল”ৰ পোষকতা কৰাৰ পাছতেই ভাৰতীয় থলুৱা উদ্যোগটোৱে এটা গতি লাভ কৰিলে। স্বদেশী সামগ্ৰীসমূহৰ আকৰ্ষণীয় পেকেজিঙৰ অৰ্থে ভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে এই থলুৱা সামগ্ৰী প্ৰস্তুতত জড়িত শিল্পীসকললৈ সহায় আগবঢ়োৱা হৈছে। “আত্ম নিৰ্ভৰ ভাৰত”ৰ অভিযানটোক শক্তিশালী কৰি তুলিছে।

শ্ৰী নকবীয়ে কয় যে দেশখনৰ প্ৰতিটো প্ৰান্তয়ে থলুৱা সামগ্ৰীৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ। কাঠ, পিতল, বাঁহ, গ্লাছ, কাপোৰ, কাগজ, মৃত্তিকা ইত্যাদিৰপৰা এয়া প্ৰস্তুত কৰা হয়। এনে থলুৱা উত্তম হস্তনিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰা দক্ষ শিল্পীসকলক “হুনৰ হাট”এ বজাৰ আৰু সুযোগ লাভৰ সুবিধা আগবঢ়াব। ইয়াত প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰয়োগত গুৰুত্ব আৰোপ কৰা হ’ব আৰু বৈশ্বিক মানদণ্ডৰ সৈতে ফেৰ মাৰিব পৰা মানসম্পন্ন পণ্য প্ৰস্তুতত বিশেষ মনোযোগ দিয়া যাব।

শ্ৰী নকবীয়ে কয় যে এই “হুনৰ হাট”ত ১০০ ৰোধিক ষ্টল থাকিব। অসমৰ শুকান ফুল, অন্ধ্ৰ প্ৰদেশৰ পুচামপল্লী ইক্কাট, বিহাৰৰ মুংগা ছিল্ক, মধুবনী চিত্ৰ আৰু কৃত্ৰিম আ-অলংকাৰ, কৰ্ণাটকৰ কাঠৰ পুতলা, মণিপুৰৰ পুতলা, উত্তৰ প্ৰদেশৰ কাঠ আৰু গ্লাছৰ পুতলা, দিল্লীৰ কেল্লীগ্ৰাফী চিত্ৰ, গোৱাৰ হেণ্ড ব্লক প্ৰিন্ট, গুজৰাটৰ আজৰাখ, জম্মু-কাশ্মীৰৰ পছমিনা শ্বল, ঝাৰখণ্ডৰ টুছাৰ ছিল্ক আৰু বেত-বাঁহৰ সামগ্ৰী, মধ্য প্ৰদেশৰ বনৌষধি সামগ্ৰী, বাঘ প্ৰিন্ট, বটিক, মহাৰাষ্ট্ৰৰ বেত আৰু বাঁহৰ পণ্য, নাগালেণ্ডৰ হস্তনিৰ্মিত বস্ত্ৰশিল্প, মৃত্তিকা, ধাতু ইত্যাদিৰপৰা প্ৰস্তুত ভিন্ন ৰাজ্যৰ পুতলাসমূহ পীতমপুৰাৰ “হুনাৰ হাট”ত প্ৰদৰ্শন আৰু বিক্ৰী কৰা হ’ব। ইয়াৰোপৰি, দৰ্শনাৰ্থীসকলে বিহাৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, জম্মু-কাশ্মীৰ, দিল্লী, হাৰিয়ানা ইত্যাদিৰ পৰম্পৰাগত খাদ্য-সম্ভাৰৰো সোৱাদ ল’ব পাৰিব।

শ্ৰী নকবীয়ে কয় যেহুনৰ হাটএ যোৱা ৫ টা বছৰত ইয়াৰ সৈতে জড়িত ৫ লাখৰো অধিক ভাৰতীয় শিল্পী, কাৰিকৰ, ৰন্ধন বিশেষজ্ঞ আৰু আন লোকক নিয়োগ আৰু নিয়োগৰ সুযোগ প্ৰদান কৰিছে। এই সময়ছোৱাত ই জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। দেশখনৰ প্ৰত্যন্ত অঞ্চলসমূহৰ অভিজ্ঞ শিল্পী আৰু কাৰিকৰসকলক “হুনৰ হাট”এ বজাৰ আৰু সুযোগ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে ই হৈ পৰিছে দুৰ্লভ উত্তম থলুৱা হস্তনিৰ্মিত সামগ্ৰীসমূহৰ নিৰ্ভৰযোগ্য ব্ৰেণ্ড।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এতিয়ালৈকে দেশখনৰ ভিন্ন প্ৰান্তত ২ ডজনৰো অধিক “হুনৰ হাট” অনুষ্ঠিত কৰিছে। ইয়াৰ জৰিয়তে লাখ-লাখ শিল্পী, কাৰিকৰলৈ নিয়োগ আৰু নিয়োগৰ সুযোগ আগবঢ়োৱা হয়। অনাগত দিনসমূহত, জয়পুৰ, চণ্ডীগড়, ইন্দোৰ, মুম্বাই, হায়দৰাবাদ, লক্ষ্নৌ, ইণ্ডিয়া গেট, নতুন দিল্লী, ৰাঁচী, কোটা আৰু চুৰাট/আহমেদাবাদত “হুনৰ হাট” অনুষ্ঠিত কৰা হ’ব।

শ্ৰী নকবীয়ে কয় যে এই “হুনৰ হাট” ভাৰ্চুৱেলীও উপলব্ধ হ’ব।

এইবাৰ, জনসাধাৰণে “হুনৰ হাট” সামগ্ৰীসমূহ ডিজিটেলী আৰু অনলাইনত ক্ৰয় কৰিবলৈ সক্ষম হ’ব। শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ http://hunarhaat.org ত উপলব্ধ হ’ব। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে “জিইএম” (গৰ্ভামেন্ট ই মাৰ্কেটপ্লেছ)ত এই শিল্পীসকল আৰু তেওঁলোকৰ থলুৱা সামগ্ৰীসমূহৰ পঞ্জীয়ন কৰি আছে।

শ্ৰী নকবীয়ে কয় যে “হুনৰ হাট”ত সামাজিক দূৰত্ব আৰু ক’ৰোনা মহামাৰী সন্দৰ্ভত আন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলা হ’ব। পুনৰাই “হুনৰ হাট” অনুষ্ঠিত কৰাক লৈ সমগ্ৰ দেশৰ লাখ-লাখ দক্ষ শিল্পী আৰু কাৰিকৰে আনন্দ প্ৰকাশ আৰু পুলক অনুভৱ কৰিছে বুলি মন্ত্ৰীজনে কয়।

***

NB/KGS/SB



(Release ID: 1671840) Visitor Counter : 192