বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

উত্তৰ-পূবলৈকে প্ৰসাৰিত ভাৰতৰ কেশৰৰ ভাণ্ডাৰ

উত্তৰ-পূৰ্বাঞ্চলত কেশৰ খেতিৰ সম্ভাৱনীয়তা অন্বেষণ কৰিবলৈ এনইচিটিএআৰ-এ হাতত লৈছে এক পাইলট প্ৰকল্প

পাম্পোৰ(কাশ্মীৰ) আৰু য়াংয়াং(ছিকিম)ৰ জলবায়ু আৰু ভৌগোলিক পৰিস্থিতিৰ সাদৃশ্যৰ ফলত য়াংয়ঙত কেশৰৰ নমুনা খেতি সফল হৈছে

কেশৰৰ খেতি উন্নত কৰিবলৈ বিভিন্ন ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছে কেশৰৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান-এ

Posted On: 09 NOV 2020 3:02PM by PIB Guwahati

ইমান দিনে কাশ্মীৰতে সীমাবদ্ধ হৈ থকা কেশৰৰ ভাণ্ডাৰ অতি শীঘ্রে ভাৰতৰ উত্তৰ পূবলৈকে সম্প্ৰসাৰিত হ’ব। কাশ্মীৰৰ পৰা এই উদ্ভিদৰ বীজ ছিকিমলৈ নিয়া হৈছে আৰু তাত ৰোপণ কৰা হৈছে। ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষিণ ভাগত থকা য়াংয়াঙত এই গছৰ ফুল ফুলিবলৈ আৰম্ভ কৰিছে।

 

জম্মু আৰু কাশ্মীৰৰ কেন্দ্রীয় শাসিত অঞ্চলত ইমানদিনে কেশৰৰ উৎপাদন সীমাবদ্ধ হৈ আছিল। ভাৰতৰ কাশ্মীৰৰ পাম্পোৰ অঞ্চল সাধাৰণতে কেশৰৰ ভাণ্ডাৰ হিচাপে পৰিচিত। ইয়াৰ পাছতে কাশ্মীৰৰ বাদগাম, শ্রীনগৰ, কিস্তিৱাৰ জিলাত কেশৰৰ উত্পাদন হয়। বিখ্যাত কাশ্মীৰি ৰন্ধন শৈলীৰ সৈতে কেশৰৰ পৰম্পৰাগতভাৱে সম্পৰ্ক আছে । ইয়াৰ ঔষধী গুণো আছে। কেশৰৰ কৃষি পদ্ধতিৰ উন্নতি সাধনৰ বাবে নেশ্যনেল মিশ্যন অন ছেফ্ৰনৰ জৰিয়তে একাধিক পদক্ষেপ গ্রহণ কৰা হৈছে।

 

নর্থ ইষ্ট চেন্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্ছ(এনইচিটিএআৰ) ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ অধীনষ্ঠ এটি স্বায়ত্ত শাসিত সংস্থা।  কাশ্মীৰৰ নিচিনাকৈ যাতে উওৰ পূর্বাঞ্চলৰ ৰাজ্যত উচ্চ গুণমান সম্পন্ন কেশৰ খেতি কৰিব পৰা যায় তাৰ বাবে এই সংস্থাটোৱে পাইলট প্রজেক্ট হিচাপে ছিকিমত কেশৰৰ খেতিৰ ওপৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। ছিকিম কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু উদ্যানশস্য বিভাগে ছিকিমৰ য়াংয়াংৰ  মাটি আৰু ভূপ্রকৃতি সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। এই কেশৰ খেতিৰ বাবে কাশ্মীৰৰ পৰা বীজ য়াংয়াংলৈ লৈ যোৱা হৈছে। ছিকিমৰ মাটি, পানী, জলবায়ুত কেশৰৰ খেতি সম্ভৱ হয় নে নহয় সেয়া পৰীক্ষা কৰি চোৱা হৈছে। কাশ্মীৰৰ পাম্পোৰ আৰু ছিকিমৰ য়াংয়াঙৰ মাজত জলবায়ু আৰু ভৌগোলিক অৱস্থাৰ মিল থকাৰ ফলত য়াংয়াঙত কেশৰৰ পৰীক্ষামূলক খেতি আৰম্ভ কৰা হৈছে। এই কেশৰৰ খেতি যাতে সফলভাৱে সম্ভৱ হৈ উঠে আৰু ইয়াৰ উৎপাদন আৰু গুণমান বৰ্তি থাকে তাৰ বাবে যথাযথ ব্যৱস্থা গ্রহণ কৰা হৈছে।

 

 

 ******

NB/KGS/(DST Media Cell)/KG



(Release ID: 1671640) Visitor Counter : 218