প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰত-চীন ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টম বৈঠক

Posted On: 08 NOV 2020 8:10AM by PIB Guwahati

ভাৰত-চীনৰ মাজত ৬ নৱেম্বৰত চুশূলত ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমখন বৈঠক অনুষ্ঠিত হয়৷ দুয়োপক্ষই ভাৰত-চীনৰ পশ্চিমাঞ্চলৰ সীমান্তৱৰ্তী এলেকাত বাস্তৱিক নিৰ্মাণ ৰেখাৰ সমীপত অসন্মতিপূৰ্ণ কাম-কাজক লৈ স্পষ্ট, গম্ভীৰ আৰু ইতিবাচক আলোচনা হয়৷ দুয়োপক্ষই উভয় দেশৰ নেতাৰ দ্বাৰা গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সহমত শীঘ্ৰে ৰূপায়ণ কৰাৰ লগতে নিজৰ অগ্ৰণী সৈন্যসকলৰ মাজত সংযম সুনিশ্চিত কৰা তথা ভুল বুজাবুজি দূৰ কৰাৰ ক্ষেত্ৰতো সহমত পোষণ কৰে৷ উভয় পক্ষই সৈন্য আৰু ৰাজনৈতিক মাধ্যমেৰে বাৰ্তা আৰু সংবাদ বিনিময় কৰি ৰখা তথা এই বৈঠকৰ আলাপ-আলোচনাক আগবঢ়াই নিয়া, সকলো বিষয় সমাধান কৰাৰ ক্ষেত্ৰত জোৰ দিয়াত সহমত পোষণ কৰে, যাতে সীমান্তৱৰ্তী অঞ্চলত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব পাৰে৷ উভয় পক্ষই শীঘ্ৰে পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো সহমতত উপনীত হয়৷

.

****

ABB/Nampi/Rajib/DB



(Release ID: 1671335) Visitor Counter : 196