ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

সাৰৰ অভিলেখ পৰিমাণৰ উত্পাদন আৰু বিক্ৰীৰ সুবাদত ‘এফএচিটি’-য়ে ৩০ ছেপ্টেম্বৰ ২০২০ত সামৰণি পৰা ত্ৰিমাসিকত গঢ়িলে ৮৩.০৭ কেটি টকাৰ লাভৰ অভিলেখ

Posted On: 07 NOV 2020 2:55PM by PIB Guwahati

সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ‘ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভাংকৰ লিমিটেড’(এফএচিটি)-য়ে ৩০ ছেপ্টেম্বৰ ২০২০ত সামৰণি পৰা ত্ৰিমাসিকত ৮৩.০৭ কেটি টকাৰ লাভ আহৰণ কৰিবলৈ সক্ষম হয়। কোনো এটা ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৱে এই পৰ্যন্ত সম্ভৱ কৰা লাভৰ এই পৰিমাণ সৰ্বকালৰ সৰ্বা্ধিক আছিল বুলি তথ্য প্ৰকাশ কৰা হৈছে। বিগত বৰ্ষত এই একেছোৱা সময়ত প্ৰতিষ্ঠানটোৱে আহৰণ কৰা লাভৰ পৰিমাণ আছিল ৬.২৬ কোটি টকা। একেদৰে উল্লিখিত ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৰ আয়ৰ পৰিমাণ আছিল পূৰ্বৰ বৰ্ষৰ ৯৩১ কোটি টকাৰ বিপৰীতে ১০৪৭ কোটি টকা।

৩০ছেপ্টেম্বৰ ২০২০ত সামৰণি পৰা ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৰ ধ্বজাবাহী উত্পাদন-সামগ্ৰী ফেক্টামফছ আৰু এমনিয়া ছালফেটৰ উত্পাদনে কোনো এটা ত্ৰিমাসিকত কৰা উত্পাদনৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।

প্ৰতিষ্ঠানটোৱে প্ৰথম ছমাহত এমঅপি-ৰ দুটা খেপ আৰু এনপিকে সাৰৰ এটা খেপ আমদানি কৰিছিল।

উল্লেখনীয় তথ্যাৱলী :

কোনো ত্ৰিমাসিকত কৰা সৰ্বাধিক পৰিমাণৰ ফেক্টামফছ’-ৰ উত্পাদন ২.৩৬ লাখ মেট্ৰিকটন

কোনো ত্ৰিমাসিকত কৰা সৰ্বাধিক পৰিমাণৰ এমনিয়া ছালফেট’-ৰ উত্পাদন ০.৬৯ লাখ মেট্ৰিকটন

ফেক্টামফছ আৰু এমনিয়া ছালফেট’-ৰ বিক্ৰীৰ পৰিমাণ হয়গৈ ক্ৰমে ২.৭৭ লাখ মেট্ৰিকটন আৰু ০.০৮ লাখ মেট্ৰিকটন

এমঅপিৰ বিক্ৰীৰ পৰিমাণ ০.৪৬লাখ মেট্ৰিকটন আৰু আমদানীকৃত এনপিকেৰ বিক্ৰীৰ পৰিমাণ ০.২৬ মেট্ৰিকটন

ছমাহত ফেক্টামফছ-ৰ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী ৪.৬৩ লাখ মেট্ৰিকটন

বছৰৰ দ্বিতীয়টো ত্ৰিমাসিকত উপকূলীয় পথেৰে সাৰৰ পৰিবহণ আৰম্ভ কৰা হয়।

পশ্চিম বংগ আৰু ওড়িশাৰ বজাৰত নতুনকৈ প্ৰৱেশ কৰে প্ৰতিষ্ঠানটোৱে।

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ মাজতো প্ৰতিষ্ঠানটোৱে এই সাফল্য আহৰণ কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰোতে প্ৰতিষ্ঠানটোৱে সকলো পৰ্যায়তে ভাৰত চৰকাৰ আৰু কেৰালা চৰকাৰে ঘোষণা কৰা সকলো ধৰণৰ কভিড প্ৰটোকল আৰু নিৰ্দেশনা বিধি মানি চলাৰ ব্যৱস্থা কৰিছিল।

*****

RCJ/RKM/KB


(Release ID: 1671094) Visitor Counter : 137