যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
খেলো ইণ্ডিয়াৰ নামত তৃণমূল পৰ্যায়ৰ খেলুৱৈৰ বাবে শিৱিৰ আয়োজনৰ ভুল বিজ্ঞান প্ৰচাৰ কৰা তিনিজনক ছাইৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ
प्रविष्टि तिथि:
06 NOV 2020 6:01PM by PIB Guwahati
হাৰিয়ানাৰ পঞ্চখুলাত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়াৰ গেমছৰ নামত তৃণমূল পৰ্যায়ৰ খেলুৱৈৰ বাবে শিৱিৰ আয়োজনৰ ভুল বিজ্ঞান ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰা তিনি জন প্ৰাক্তন খেলুৱৈক ছাইৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জয় প্ৰতাপ সিং, অনুজ কুমাৰ আৰু ৰবি নামৰ আগ্ৰাৰ প্ৰাক্তন কাবাডী খেলুৱৈ তিনিজনে নাম ঠিকনা সলনি কৰি খেলো ইণ্ডিয়াৰ নামত এই ভুল বিজ্ঞাপন প্ৰচাৰ কৰি অংশগ্ৰহণকাৰী সকলো খেলুৱৈক ৬,০০০টকাকৈ জমা দিবলৈ আহ্বান জনাইছিল৷ আৰক্ষীয়ে তিনিওজনক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া ধন জমা কৰা কানাড়া আৰু ষ্টেট বেংকৰ একাউণ্ট দুটাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷
*******
NB/OA/DB
(रिलीज़ आईडी: 1670913)
आगंतुक पटल : 111