ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

৪৫১ কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্যৰে ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিভাগৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ এইচআইএলৰ

Posted On: 06 NOV 2020 2:37PM by PIB Guwahati

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইচআইএল(ইণ্ডিয়া) লিমিটেডে চলিত বিত্তীয় বৰ্ষ(২০২০-২১)ত ৪৫১ কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্যৰে ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিভাগৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷

একাংশ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত এইচআইএল (ইণ্ডিয়া) লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক(চিএমডি) শ্ৰী এছ পি ম’হাণ্টি আৰু ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিভাগৰ সচিব শ্ৰী ৰাজেশ কুমাৰ চতুৰ্বেদীয়ে এই চুক্তিত স্বাক্ষৰ কৰে৷

এই উপলক্ষে অধ্যক্ষ ম’হাণ্টিয়ে কয় যে চলিত বি্তীয় বৰ্ষত এইচআইএলে এই লক্ষ্যত উপনীত হোৱাটো অতি সহজ৷ চলিত বৰ্ষৰ প্ৰথম দুটা ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৰ বিকাশৰ হাৰ ৬৫% হৈছে৷ প্ৰতিষ্ঠানটোৱে যোৱা বৰ্ষৰ প্ৰথম দুটা ত্ৰিমাসিকত ৩৭৫.৫ মেট্ৰিকটনৰ বিপৰীতে একে সময়ছোৱাত চলিত বৰ্ষত ৫৩০.১০ মেট্ৰিক টন মালিথিয়ান প্ৰস্তুত কৰি অভিলেখ ৰচনা কৰিছে৷

কৃষি মন্ত্ৰালয়ৰ কাকতি ফৰিং নিয়ন্ত্ৰণ আৰু সমগ্ৰ দেশত ভেক্টৰ নিয়ন্ত্ৰণৰ দৰে কাম-কাজৰ বাবে এই সময়ছোৱাত কোম্পানীটোৱে উপাদিত সামগ্ৰীৰো সৰ্বাধিক বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷

****

RCJ/RKM/DB



(Release ID: 1670909) Visitor Counter : 114