মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
আইআইটি খড়গপুৰ ইণ্ডিয়ান নলেজ ছিষ্টেমৰ বাবে উৎকৰ্ষ সাধন কেন্দ্ৰ নিৰ্মাণৰ কথা ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ
আইআইটি খড়গপুৰ ‘ভাৰতীয় সত্ত্বাৰ আত্মসমীক্ষা আৰু ভাৰত তীৰ্থ ‘আৰু গৱেষণাৰ মাধ্যমেৰে সঠিক দিশেৰে কাম কৰিছে : ডঃ ৰমেশ পোখৰিয়াল নিশাঙ্ক
শিক্ষামন্ত্ৰীয়ে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাদান আৰু সংস্কৃতৰ পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে
प्रविष्टि तिथि:
06 NOV 2020 5:57PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডঃ ৰমেশ পোখৰিয়াল নিশাঙ্কই ঘোষণা কৰিছে যে আইআইটি খড়গপুৰত ইণ্ডিয়ান নলেজ ছিষ্টেমেৰ বাবে উৎকৰ্ষ সাধন কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। আইআইটি খড়গপুৰত আয়োজিত ‘ভাৰত তীৰ্থ’ শীৰ্ষক এক আন্তৰ্জাতিক ৱেবিনাৰৰ উদ্বোধন কৰি ডঃ নিশাঙ্কই এই ঘোষণা কৰে আজি। এই ৱেবিনাৰত প্ৰধান অতিথি হিচাপে বক্তব্য ৰখাৰ সময়তে তেওঁ ভাৰতীয় জ্ঞান চৰ্চাৰ বিভিন্ন শাখাত এই প্ৰতিষ্ঠানৰ বহুমুখী উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে।
মন্ত্ৰীগৰাকীয়ে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাদান আৰু সংস্কৃতৰ পুনৰুজ্জীৱনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, এই ধৰণৰ উদ্যোগ গ্ৰহণ কৰিলে দেশৰ বিভিন্ন প্ৰান্তত বৈচিত্ৰ্যময় মাতৃভাষাসমূহ সমৃদ্ধ হ’ব আৰু ইয়াৰ লগে লগে ভাৰতৰ সমৃদ্ধশালী শিক্ষাৰ ঐতিহ্য সম্পৰ্কে মানুহ অৱগত হ’ব। কাৰিকৰী শিক্ষা ব্যৱস্থাক সাহায্যৰ বাবে ৰাষ্ট্ৰীয় স্তৰত এক এডুকেশ্যন টেকন’লজী ফ’ৰাম গঠনৰ প্ৰসঙ্গ উল্লেখ কৰি ডঃ পোখৰিয়ালে কয়, ইয়াৰ ফলত গৱেষকসকলে ভাৰতীয় বিজ্ঞানচৰ্চা আৰু এইদেশৰ ভাষাগত ঐতিহ্যক লৈ গৱেষণাৰ প্ৰতি উৎসাহী হ’ব। এই প্ৰসঙ্গতে তেওঁ ‘ষ্টাডি ইন ইণ্ডিয়া’, জিআইএএন, জিআইএএন+ সহ অন্যান্য গৱেষণামূলক বিভিন্ন কাৰ্যসূচীৰ কথা জনায়। ইয়াৰ ফলত, আন্তৰ্জাতিক স্তৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ সৃষ্টি হ’ব আৰু ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মানোন্নয়ন ঘটিব।
অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় শিক্ষা, যোগাযোগ, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেও উপস্থিত আছিল। তেওঁ ভাৰতীয় জ্ঞান চৰ্চাৰ বিষয়ত বৰ্তমান যুগত আৰু ব্যাপক পৰীক্ষা-নিৰীক্ষাৰ আহ্বান জনায়। তেওঁ আশা প্ৰকাশ কৰি কয়, ২০২০ ৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতীয় সত্ত্বাক আৰু অধিক বিকশিত কৰিবৰ বাবে সহায় কৰিব।
আইআইটি খড়গপুৰৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ কে তিৱাৰীয়ে শান্তি স্বৰূপ ভাটনগৰ পুৰস্কাৰ ব্যৱস্থাত ভাৰতীয় বিজ্ঞান চৰ্চাৰ ঐতিহ্যৰ ওপৰত যিয়ে গৱেষণা কৰিব তেওঁলোকৰ বাবেও স্বীকৃতিৰ প্ৰস্তাৱ দিয়ে।
তিনিদিনীয়া এই ৱেবিনাৰত ভাৰততত্ত্ব বিষয়ত আন্তৰ্জাতিক বিশেষজ্ঞসকলে বক্তব্য ৰাখিব। ইয়াৰ মাজতে অৰ্থশাস্ত্ৰ, সংস্কৃত ভাষাৰ স্বাভাৱিক নিয়মলৈ অহা বিৱৰ্তন, বৈদিক আৰু প্ৰাচীন ভাৰতৰ গণিত শাস্ত্ৰ- সংখ্যাতত্ত্ব, বীজগণিত আৰু জ্যামিতি, ৰসায়ন, আয়ুৰ্বেদ, জ্যোতিৰ্তত্ত্ব, মহাজাগতিক বিদ্যা, প্ৰকৃতি বিদ্যা আৰু নন্দনতত্ত্ব তথা বাস্তুবিদ্যাক লৈও বিশদ আলোচনা হ’ব।
***********
SSS/RD
(रिलीज़ आईडी: 1670887)
आगंतुक पटल : 207