শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

তদাৰকী সজাগতা সপ্তাহ পালন কৰ্মচাৰী ৰাজ্যিক বীমা নিগম(ইএছআইচি)ৰ

Posted On: 03 NOV 2020 5:19PM by PIB Guwahati

তদাৰকী সজাগতা সপ্তাহ" অংশ হিচাপে কর্মচাৰী ৰাজ্য বীমা নিগমে(ইএছআইচি) ২৭ অক্টোবৰৰ পৰা ২নৱেম্বৰলৈকে উৎসাহ উদ্দীপনাৰে প্ৰতিষ্ঠানটোৰ সদৰ কাৰ্যালয়সহ সমগ্ৰ দেশজুৰি অন্যান্য কার্যালয়ত একাধিক কাৰ্যসূচী পালন কৰে৷ এই উপলক্ষে সাধাৰণ জনতাৰ সুবিধার্থে ইএছআইচিয়ে সপ্তাহজোৰা জন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। চলিত বৰ্ষৰ তদাৰকী সজাগতা সপ্তাহৰ বিষয়বস্তু আছিলসতর্ক ভাৰত, সমৃদ্ধ ভাৰত

 

এই উপলক্ষে ২৭ অক্টোবৰত ইএছআইচিৰ সঞ্চালক শ্রীমতী অনুৰাধা প্ৰসাদে কর্মচাৰীসকলক শপত বাক্য পাঠ কৰায়৷ ইয়াৰ পাছত এক অনুষ্ঠানত তেওঁ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সততাৰ গুৰুত্বৰ সন্দৰ্ভত মত ব্যক্ত কৰে৷ ইএছআইচিৰ মুখ্য তদাৰকী বিষয়া শ্রীমতী গৰিমা ভগতে প্ৰতিষ্ঠানটোৰ কার্যালয়ৰ বাবে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্রত দুর্নীতি প্ৰতিৰোধী নিৰীক্ষণ ব্যৱস্থাপনাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ এই ক্ষেত্রত সকলো কর্মাচাৰীক সততা বজাই ৰখাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷

 

তদুপৰি, ইএছআইচিৰ প্ৰধান কার্যালয়ত "তদাৰকী সজাগতা সপ্তাহ" চলিত বৰ্ষৰ বিষয়বস্তুৰ ওপৰত কর্মচাৰীসকলৰ পৰিয়ালৰ সদস্যসকলক একাধিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত পোষ্টাৰ প্ৰতিযোগিতাত বিজয়ী শ্ৰীমতা শ্ৰেয়া সিং, সহট মংহিয়া আৰু লক্ষ্মী বিষ্টক পুৰস্কাৰো বিতৰণ কৰা হয়। জন সজাগতাৰ উদ্দেশ্যে পুৰস্কাৰ বিজয়ী পোষ্টাৰসমূহ ইএছআইচিৰ কার্যালয়ত প্ৰদর্শন কৰা হব৷

*****

RCJ/RNM/IA/DB



(Release ID: 1669959) Visitor Counter : 126