জল শক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সতৰ্কতাৰ মাজেৰে আনন্দ আৰু উৎসাহেৰে ভাৰ্চুৱেলী গঙ্গা উৎসৱ আৰম্ভ

Posted On: 02 NOV 2020 7:02PM by PIB Guwahati

২০২০ ৰ গঙ্গা উৎসৱ সোমবাৰে, ২ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। নেশ্যনেল মিশ্যন ফৰ ক্লীন গঙ্গাৰ সঞ্চালক প্ৰধান শ্ৰী ৰাজীৱ ৰঞ্জন মিশ্ৰই তেওঁৰ শৈশৱ পৰাই গঙ্গা নদীৰ সৈতে থকা সম্পৰ্কৰ কথা এই অনুষ্ঠানত উল্লেখ কৰে। তেওঁ কয়, ৰাষ্ট্ৰীয় নদী গঙ্গাৰ গৌৰৱ এই উৎসৱৰ মাধ্যমেৰেই উদযাপিত হৈ আহিছে। তৰুণ প্ৰজন্মক গঙ্গাৰ প্ৰাচীন ইতিহাস আৰু সাংস্কৃতিক গুৰুত্বৰ কথা জনাব লাগিব, তেতিয়াহে তেওঁলোকে গঙ্গাক কেৱল পানীৰ উৎস হিচাপে বিবেচনা নকৰিব, আমাৰ প্ৰাচীন সভ্যতাৰ অঙ্গ হিচাপেও ভাবিভলৈ আৰম্ভ কৰিব।


এই উৎসৱৰ প্ৰথমটো দিনতে সংগীত শিল্পী ডঃ ৰেৱতী ছকালকাৰে সংগীতানুষ্ঠান পৰিবেশন কৰে। 'কাহানী' অংশত ঋতুপৰ্ণ ঘোষৰ 'হুজ ৰিভাৰ ইজ ইট এনিৱে’ৰ উপৰিও ভালেমান গল্প পাঠো কৰা হয়। চাৰি হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে মিনি গঙ্গা কুৱেষ্ট – কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।


গঙ্গা উৎসৱলৈ বিশ্বৰ বিভিন্ন দেশেও সমৰ্থন আগবঢ়াইছে। ভাৰতস্থ কোৰিয়াৰ ৰাষ্ট্ৰদূত মী ছিং বোংকিলে কয়, গঙ্গা কেৱল ভাৰতৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ই সমগ্ৰ বিশ্বৰ সমূখত ভাৰতৰ আধ্যাত্মিকতাৰ প্ৰতীক। ভাৰতস্থ জাৰ্মান ৰাষ্ট্ৰদূত ভাল্টাৰ জে লিণ্ডাৰে কয়, নেশ্যনেল মিশ্যন ফৰ ক্লীন গঙ্গাৰ এই উদ্যোগ অত্যন্ত প্ৰশংসনীয়। ভাৰতত নিযুক্ত নেডাৰলেণ্ডৰ ৰাষ্ট্ৰদূত মাৰ্টিন ফন ডেন বাৰ্গে গঙ্গা উৎসৱলৈ শুভেচ্ছা জনাই কয়, নেডাৰলেণ্ড চৰকাৰে ভাৰতৰ সৈতে একেলগে গঙ্গা নদী পৰিচ্ছন্ন ৰখাৰ ক্ষেত্ৰত কাম কৰিব।

এই উৎসৱত বৰষুণৰ পানী সংৰক্ষণ কৰি কিদৰে এক খৰাংপ্ৰৱণ জিলাত জল সংৰক্ষণৰ কাম আৰম্ভ কৰিছে ৰিণ্টু থমাচ আৰু সুস্মিত ঘোষৰ ছবি 'দ্য মিৰাকেল ৱাটাৰ ভিলেজ’-ত সেয়াই দেখুওৱা হৈছে। সৌমিত্ৰ দেৰ 'ৰিভাইভেল অৱ আহাৰপাইনছ ছিষ্টেমছ’ ছবিৰ সমান্তৰালকৈ ভালেমান ছবিও এই অনুষ্ঠানত দেখুওৱা হৈছে।


উৎসৱৰ অংশ হিচাপে এনচিচি কেডেটসকলে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে। পৰিচ্ছন্নতাৰ অঙ্গ হিচাপে গঙ্গা নদীৰ দুয়োটা পাৰে বিভিন্ন অভিযান চলোৱা হৈছে। ইয়াৰ উপৰিও, চিত্ৰাঙ্কন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। এই উৎসৱ ৪ তাৰিখে অন্ত পৰিব।.


এই উৎসৱত যোগ দিবলৈ তলৰ লিংকত ক্লিক কৰক - 


http://www.gangautsav.in/
https://www.youtube.com/namamigange
https://www.facebook.com/cleanganganmcg
https://twitter.com/cleanganganmcg

 

*******



(Release ID: 1669700) Visitor Counter : 173