যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

জিৰাকপুৰত ছাই আঞ্চলিক কেন্দ্ৰ মুকলি কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুয়ে সমগ্ৰ ভাৰততে বিশ্বমানৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য

Posted On: 02 NOV 2020 4:27PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে আজি পাঞ্জাৱৰ জিৰাকপুৰত ছাইৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰে৷

মুকলি অনুষ্ঠানত শ্ৰী ৰিজিজুৱে নতুন কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া প্ৰশিক্ষক আৰু এথলীটসকলক অভিনন্দন জনায় কয় যে ক’ভিড-১৯ৰ পৰিস্থিতি উন্নত হোৱাৰ পিছত তেওঁ ব্যক্তিগতভাৱে কেন্দ্ৰটো পৰিদৰ্শন কৰিব৷

‘‘ভাৰতৰ নৰ্দাণ বেল্টৰ জম্মু-কাশ্মীৰৰ পৰা আৰম্ভ কৰি হিমাচল প্ৰদেশৰ লেহলৈ আমি বিভিন্ন উন্নয়ন সাধন কৰিছো আৰু সমগ্ৰ ভাৰততে বিশ্বমানৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ আমাৰ যুৱ ক্ৰীড়াবিদসকলৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ভাৰতক ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত এই ক্ৰীড়াবিদসকলে ভৱিষ্যতে বিশেষ ভূমিকা পালন কৰিব’’, শ্ৰী ৰিজিজুৱে এইদৰে কয়৷

কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত পাঞ্জাৱ ক্ৰীড়া সঞ্চালক শ্ৰী ডিপিএছ খাৰবান্দা, ছাইৰ সঞ্চালক প্ৰধান শ্ৰী সন্দীপ প্ৰধান, ছাইৰ সচিব শ্ৰী ৰোহিত ভৰদ্বাজ, ছাইৰ বিভিন্ন আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক, প্ৰশিক্ষক, এথলীটকে ধৰি ৩০০ৰো অধিক  অংশগ্ৰহণকাৰী উপস্থিত আছিল৷

*******

NB/OA/MANN


(Release ID: 1669685) Visitor Counter : 131