ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিডে ৰোগ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ লগতে স্বাস্থ্যসন্মত জীৱনযাত্রাত বিশ্বজুৰি যোগ, আয়ুর্বেদ আৰু নেচাৰ’পেথীৰ প্ৰতি আকর্ষণ বৃদ্ধি কৰিছেঃ ড০ জিতেন্দ্ৰ সিং

Posted On: 30 OCT 2020 5:36PM by PIB Guwahati

উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰ (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কর্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিকমন্ত্রী ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত শৰীৰৰ ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তোলাৰ লগতে স্বাস্থ্যসন্মত জীৱনযাত্রাত যোগ, আয়ুর্বেদ আৰু নেচাৰ’পেথীৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছে৷ এছোচেমৰ দ্বাৰা আয়োজিত ভার্চুৱেল বিশ্ব আয়ুষ মেলাৰ উদ্বোধনী ভাষণত তেওঁ কয় যে বিগত ৪-৫ মাহত বিকল্প চিকিসা ব্যৱস্থা বিচাৰি ভাৰতৰ ফালে চাই ৰৈছে পশ্চিমীয়া দেশসমূহ৷

ড০ জিতেন্দ্ৰ সিঙে কয় যে নতুন ভাৰত স্বাস্থ্য সেৱাত আত্মনির্ভৰ হ’ব আৰু পৰম্পৰাগত চিকিসা ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে বিশ্বক পথৰ সন্ধান দিব৷ তেওঁ কয় যে ক’ভিডৰ সময়ত সুসংহত স্বাস্থ্য সেৱাৰ গুণসমূহৰ প্ৰয়োজনীয়তাক বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশ্বৰ চিকিসা ব্যৱস্থাই ইয়াৰ অংগ কৰি তোলাৰ প্ৰয়োজনীয়া বৰ্তমান উপলব্ধি কৰিছে৷

ড০ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ প্ৰধানমন্ত্রী হিচাপে দায়িত্ব লোকৰ পাছৰে পৰা নৰেন্দ্ৰ মোদীয়ে দেশীয় চিকিসা পদ্ধতিৰ গুণসমূহ তুলি ধৰিছে৷ তেওঁ কয় যে মোদীয়ে ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনত সর্বসম্মতিক্ৰমে প্ৰস্তাৱ উত্থাপন কৰিছিল, যাৰ ফলত যোগ বাস্তৱিকতে সমগ্ৰ বিশ্বৰ প্ৰতি ঘৰে ঘৰে পাইছে। তেওঁ কয় যে প্ৰধানমন্ত্রী মোদীয়ে পুনৰবাৰ আয়ুষ নামেৰে পৃথক মন্ত্ৰালয় গঠন কৰি দেশীয় চিকিসা পদ্ধতিৰ গুৰুত্ব বিবেচনা কৰে

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয় যে হিমালয়, পার্বত্য অঞ্চল আৰু ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহত মূল্যবান ঔষধি গাছ-গছনি আছে, তেওঁ সকলোকে তাৰ ব্যৱহাৰ কৰাৰ লগতে আৰু বিশ্ব পৰ্যায়লৈ নিয়াৰ আহ্বানন জনায়৷

ড০ জিতেন্দ্ৰ সিঙে বিশ্ব আয়ুষ মেলাৰ আয়োজন কৰাৰ বাবে এছোচেমেৰ সভাপতি ড০ নিৰঞ্জন হিৰানন্দানি আৰু মহাসচিব দীপক সুদক অভিনন্দন জনোৱাৰ লগতে তেওঁ ইয়াক মহামাৰীৰ সময়ত ভার্চুৱেল মাধ্যমেৰে প্ৰকৃততে আন্তঃৰাষ্ট্ৰীয় পৰ্য়াযয়লৈ নিয়াৰ আহ্বান জনায়৷

আয়ুষ মন্ত্ৰালয়ৰ সচিব শ্রী ৰাজেশ কোটেচাই কয় যে চৰকাৰে আত্মনির্ভৰ ভাৰত অভিযানৰ অধীনত ৪,০০০ কোটি টকা খৰচ কৰি ১০ লাখ হেক্টৰ ভূমিত ঔষধি গছ ৰোপণ কৰাৰ বিষয়টো বিবেচনা কৰিছে৷

আচার্য্ বালকৃষ্ণই ভাষণ প্ৰসংগত কয় যে পতঞ্জলি আয়ুর্বেদক সমগ্ৰ বিশ্বত উপলব্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিছে আৰু তেওঁ এই কামত সকলোৰে সহযোগিতা কামনা কৰে৷

অনুষ্ঠানত ড০ জিতেন্দ্ৰ সিঙে ঔষধি গছক লৈ এছোচেম-নাবার্ডৰ প্ৰতিবেদন প্ৰকাশ কৰে৷ তেওঁ গুজৰাটত ইউছুফ শ্বেখৰ কুদৰতি আয়ুর্বেদৰ এক নতুন কাৰখানাৰ অনলাইনযোগে উদ্বোধন কৰে৷

বেৱিনাৰত বাংগালুৰুৰ ডিমড বিশ্ববিদ্যালয় স্বামী বিবেকানন্দ অনুসন্ধান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা, উপাচার্য, লেখক, শিক্ষাবিদ, আৰু যোগথেৰাপীষ্ট পদ্মশ্রী এইচ আৰ নগেন্দ্ৰ, স্বামী ছাবিনছা গ্রুপৰ প্ৰতিষ্ঠাতা, অধ্যক্ষ ড০ মহম্মদ মজিদ, উদ্যোগপতি আৰু বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

<><><><><>

SNC/DB



(Release ID: 1669019) Visitor Counter : 163