কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
বান্ধ পুনৰ সংস্থাপন আৰু উন্নয়ন প্ৰকল্পৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাহ্যিক সহায়ত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
29 OCT 2020 3:48PM by PIB Guwahati
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত বিশ্ব বেংক আৰু এছিয়া আন্তঃগাঁথনি বিনিয়োগ বেংকৰ সাহায্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বান্ধ পুনৰ সংস্থাপন আৰু উন্নয়ন প্ৰকল্পত অনুমোদন জনাইছে। দেশজুৰি নির্দিষ্ট কেইটামান বান্ধৰ সুৰক্ষা আৰু মান উন্নয়ন নিশ্চিত কৰাৰ উপৰি এইবোৰ বান্ধৰ পৰিচালন সংক্রান্তীয় বিষয়সমূহ বিবেচনা কৰা হৈছে৷
এই সমগ্ৰ প্ৰকল্পৰ বাবে ১০,২১১ কোটি টকা ব্যয় হ’ব৷ ১০ বছৰ ধৰি দুটা পৰ্যায়ত এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব৷ ২০২১ৰ এপ্রিলৰ পৰা ২০৩১ৰ মার্চ মাহলৈকে প্ৰতিটো পৰ্যায়ৰ ম্যাদ হ’ব ৬ বছৰ৷ এই প্ৰকল্পৰ বাবে ৭,০০০ কোটি টকা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে প্ৰদান কৰিব৷ বাকী ৩,২১১ কোটি টকা ৰূপায়ণকাৰী সংস্থাসমূহে ব্যয় কৰিব৷ কেন্দ্ৰীয় চৰকাৰে ঋণৰ বাবদ ১,০২৪ কোটি টকা আৰু অন্যান্য আনুষংগিক খৰচৰ বাবদ ২৮৫ কোটি টকাৰ খৰচ বহন কৰিব৷
এই প্ৰকল্প ৰূপায়ণৰ উদ্দেশ্যসমূহ হৈছেঃ-
১৷ নির্ধাৰিত বান্ধ আৰু বান্ধ সংলগ্ন ব্যৱস্থাপনাত সুস্থিতৰতাৰে সুৰক্ষামূলক বিষয়সমূহৰ উন্নয়ন সাধন কৰা৷
২৷ বান্ধসমূহৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্রীয় পৰ্যায়ত আৰু সংশ্লিষ্ট ৰাজ্যসমূহক জড়িত কৰা৷
৩৷নির্ধাৰিত কেইটামান বান্ধৰ পৰা ৰাজহ আদায়ৰ বাবে বিকল্প কেতবোৰ পদ্ধতি বিবেচনা কৰা৷ এই ধনৰ জৰিয়তে সেই বান্ধসমূহৰ সুৰক্ষাৰ কাম কৰা হ’ব৷
এই প্ৰকল্পৰ সময়ত বিবেচনা কৰা দিশবোৰ হ’লঃ-
ক৷ বান্ধ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকলৰ পুনৰ সংস্থাপন আৰু উন্নয়নৰ কাম কৰা৷
খ৷ সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংস্থাসমূহে বান্ধৰ সুৰক্ষা সংক্রান্তীয় বিষয়বোৰ আৰু অধিকয সুদৃঢ় কৰা৷
গ৷ একাধিক বান্ধৰ ৰাজহ সংক্রান্তীয় ব্যৱস্থাপনাৰ দিশত চালিজাৰি চোৱা হ’ব যাতে উপার্জিত ধনৰ জৰিয়তে সেই বান্ধসমূহৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ কাম কৰিব পৰা যায়৷
ঘ৷ প্ৰকল্পৰ ব্যৱস্থাপনা৷
এই প্ৰকল্পৰ অধীনত সমগ্ৰ দেশত ৭৩৬টা বান্ধৰ পুনৰ সংস্থাপনৰ কাম কৰা হ’ব৷ তলত ৰাজ্য আৰু ৰূপায়ণ এজেন্সিসমূহৰ লগতে বান্ধৰ সংখ্যাৰ তালিকা উল্লেখ কৰা হৈছে৷
|
Sl. No.
|
ৰাজ্য/এজেন্সি
|
বান্ধৰ সংখ্যা
|
|
১
|
অন্ধ্ৰপ্ৰদেশ
|
৩১
|
|
২
|
ভাক্ৰা বীজ মেনেজমেণ্ট বোৰ্ড (বিবিএমবি)
|
২
|
|
৩
|
চত্তীশগড়
|
৫
|
|
৪
|
কেন্দ্ৰীয় জল আয়োগ
|
|
|
৫
|
দামোদৰ উপত্যকা নিগম
|
৫
|
|
৬
|
গোৱা
|
২
|
|
৭
|
গুজৰাট
|
৬
|
|
৮
|
ঝাৰখণ্ড
|
৩৫
|
|
৯
|
কৰ্ণাটক
|
৪১
|
|
১০
|
কেৰালা
|
২৮
|
|
১১.
|
মধ্যপ্ৰদেশ
|
২৭
|
|
১২.
|
মহাৰাষ্ট্ৰ
|
১৬৭
|
|
১৩.
|
মনিপুৰ
|
২
|
|
১৪.
|
মেঘালয়
|
৬
|
|
১৫.
|
ওড়িশা
|
৩৬
|
|
১৬.
|
পাঞ্জাৱ
|
১২
|
|
১৭.
|
ৰাজস্থান
|
১৮৯
|
|
১৮.
|
তামিলনাডু
|
৫৯
|
|
১৯.
|
তেলেংগানা
|
২৯
|
|
২০.
|
উত্তৰপ্ৰদেশ
|
৩৯
|
|
২১.
|
উত্তৰাখণ্ড
|
৬
|
|
২২.
|
পশ্চিমবংগ
|
৯
|
|
|
মুঠ
|
৭৩৬
|
******
VRRK/DB
(ৰিলিজ আই ডি : 1668717)
অতিথি কক্ষ : 395
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam