শক্তি মন্ত্ৰালয়

এনটিপিচিয়ে নিজৰ সকলো বিদ্যুৎ কেন্দ্ৰত সতৰ্কতা সজাগতা সপ্তাহৰ আৰম্ভণি কৰিছে

Posted On: 29 OCT 2020 3:35PM by PIB Guwahati

দেশৰ সবাতোকৈ ডাঙৰ বিজুলি উৎপাদনকাৰী আৰু বিদ্যুৎ মন্ত্ৰালয়ৰ অধীনস্থ সাৰ্বজনীন ক্ষেত্ৰৰ প্ৰতিষ্ঠান এনটিপিচি লিমিটেডে 'সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত' গঢ়াৰ সংকল্পৰে সতৰ্কতা সজাগতা সপ্তাহ (২৭ অক্টোবৰৰ পৰা ২ নবেম্বৰ, ২০২০ পৰ্যন্ত) কাৰ্যক্ৰম আৰম্ভ কৰিছে। এনটিপিচিৰ সকলো বিদ্যুৎ কেন্দ্ৰত সতৰ্কতা সজাগতা সপ্তাহ পালন কৰা হৈছে।

 

সতৰ্কতা সজাগতা সপ্তাহৰ আৰম্ভণি এনটিপিচিৰ শীৰ্ষ পৰিচালনা বিভাগৰ দ্বাৰা কোভিড-১৯ৰ সময়ত সকলো সুৰক্ষা প্ৰট'কল পালন কৰি জীৱনৰ সকলো ক্ষেত্ৰত জবাবদিহিক উৎসাহিত কৰা আৰু ভ্ৰষ্টাচাৰ ৰোধ কৰাৰ সংকল্প গ্ৰহণেৰে কৰা হয়।

 

দৃষ্টিকোন -সঞ্চালিত আৰু মান্যতাসহকাৰে প্ৰশাসিত এটা সংগঠন হিচাপে, এনটিপিচিৰ প্ৰয়াস সদায় নৈতিকতাৰে উৎকৃষ্টতা আহৰণ কৰা। সতৰ্কতা সজাগতা সপ্তাহৰ মাধ্যমত, এনটিপিচিয়ে এখন 'আত্মনিৰ্ভৰ ভাৰত'ৰ নিৰ্মাণৰ প্ৰতি নিজৰ সংকল্পবদ্ধতা পুনৰ প্ৰতিপন্ন কৰিব। এই প্ৰক্ৰিয়াত, এনটিপিচি সকলো হিতধাৰক আৰু ব্যাপক হাৰত সমাজৰ প্ৰতি নিজৰ কামৰ ক্ষেত্ৰত সতৰ্ক, পাৰদৰ্শী আৰু জবাবদিহি হৈ থাকিবৰ বাবে সংকল্পবদ্ধ। এনটিপিচিৰ সতৰ্কতা বিভাগে নিজৰ কাম-কাজক কোম্পানীৰ সকলো প্ৰক্ৰিয়াৰ সৈতে সংযুক্ত কৰিবৰ বাবে সততাৰে প্ৰয়াস কৰিছে। মানুহৰ মাজত ব্যাপক হাৰত এই ধাৰণা প্ৰচাৰ কৰিবলৈ ফিল্ম, ৰেডিঅ' জিংগল আৰু ছ'চিয়েল মিডিয়া বাৰ্তা প্ৰদৰ্শন আৰু পৰামৰ্শ দান কৰি থকা হৈছে।

 

সতৰ্কতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে এনটিপিচিয়ে নিজৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে প্ৰশ্নোত্তৰ, ভাষণ, নিবন্ধ আৰু চিত্ৰকলা প্ৰতিযোগিতাৰ দৰে বিভিন্ন কাৰ্যক্ৰমৰ সঞ্চালন কৰিব। এই বিষয়ত সজাগতা বৃদ্ধি কৰিবৰ বাবে বিভিন্ন সামাজিক অভিযানো চলোৱা হ'ব। সতৰ্কতা সজাগতা সপ্তাহৰ মহত্বৰ বিষয়ে বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োধৰণৰ হিতধাৰকক শিক্ষিত কৰি তুলিবলৈ এনটিপিচি বিদ্যুৎ কেন্দ্ৰসমূহত বেনাৰ আৰু পোষ্টাৰ লগোৱা হ'ব।

 

*******

RCJ/M



(Release ID: 1668589) Visitor Counter : 66