ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

কৃষকসকলৰ চাহিদা পূৰণ কৰিবলৈ তুতিকোৰিন বন্দৰত FACT এ আমদানি কৰা ২৭,৫০০ মেট্ৰিক টন এমঅ’পি পটাছ সাৰৰ তৃতীয়খন জাহাজ আহি পাইছে

Posted On: 28 OCT 2020 1:46PM by PIB Guwahati

দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰিভাংকাৰ লিমিটেড (FACT)-এ আমদানি কৰা ২৭,৫০০ মেট্ৰিক টন এমঅ’পি পটাছ সাৰৰ তৃতীয়খন জাহাজ সোমবাৰে তামিলনাড়ুৰ তুতিকোৰিন বন্দৰত উপস্থিত হৈছে। আমদানি কৰা পটাছ সাৰ এতিয়া জাহাজৰ পৰা বেগত ভৰোৱাৰ কাম চলি আছে।

 

তুতিকোৰিন বন্দৰত পটাছ সাৰৰ এই জাহাজখন আহি পোৱাৰ লগে লগে আমদানিকৃত মুঠ সাৰৰ পৰিমাণ ৮২ হাজাৰ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সংস্থা FACT এ তৃতীয়বাৰ সাৰ আমদানিৰ অৰ্ডাৰ দিছিল। আমদানিকৃত এই সাৰ আৰু ৰাষ্ট্ৰীয় সংস্থা FACT-ৰ উৎপাদিত FACT মাফছ (এনপি ২০:২০:০:১৩) দক্ষিণ ভাৰতৰ কৃষকসকলৰ বাবে অন্যতম এক প্ৰধান সাৰৰ সুন্দৰ মিশ্ৰণ হৈ উঠিছে।

ৰাষ্ট্ৰীয় সংস্থা FACT এ চলিত বছৰত আৰু দুই জাহাজ সাৰ আমদানিৰ পৰিকল্পনা কৰিছে।

ইয়াৰ পূৰ্বে সংস্থাটোৰ তৰফৰ পৰা দুখনকৈ জাহাজত পটাছ সাৰ আমদানি কৰা হৈছিল। খাৰিফ ছিজনত কৃষকসকলৰ চাহিদা পূৰণ কৰিবলৈ এনপিকে সাৰ আৰু এক জাহাজ আমদানি কৰা হৈছিল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সংস্থা FACT হৈছে দেশৰ অন্যতম বৃহৎ সাৰ উৎপাদক সংস্থা। সংস্থাটোৱে চলিত বছৰত সাৰৰ উৎপাদন আৰু বিপণনত সুনাম বজাই ৰাখিছে।

 

****

RCJ/RKM/RD

 



(Release ID: 1668331) Visitor Counter : 125