প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেডে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙলৈ ১৭৪.৪৪ কোটিৰ অন্তিম লাভাংশৰ চেক আগবঢ়ায়

प्रविष्टि तिथि: 28 OCT 2020 3:42PM by PIB Guwahati

ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেডে ভাৰতৰ ৰাষ্ট্ৰপতিৰদ্বাৰা ৰখা ১৪০ শতাংশ শ্বেয়াৰৰ অন্তিম লাভাংশ হিচাপে ১৭৪,৪৩,৬৩,৫৬৯.২০টকাৰ চেক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙক প্ৰদান কৰে।ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী এম.ভি গৌতমে আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ হাতত চেক তুলি দিয়ে। ফেব্ৰুৱাৰী,২০২০ত ১৪০শতাংশৰ অন্তৰ্ৱৰ্তনীকালীন লাভাংশ ভাৰত চৰকাৰলৈ আগবঢ়োৱা হৈছিল।

নৱৰত্ন প্ৰতিৰক্ষা পিএছইউ ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেডে ২০১৯-২০ বিত্তীয় বৰ্ষত ভাৰত চৰকাৰক ২৮০শতাংশৰ মুঠ লাভাংশ আদায় দিছিল।

প্ৰতিৰক্ষা প্ৰকাডচনৰ সচিব শ্ৰী ৰাজকুমাৰ অনুষ্ঠানত উপস্থিত আছিল।

*****

ABB/Nampi/KA/Rajib/MS


(रिलीज़ आईडी: 1668327) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil , Telugu , Malayalam