শক্তি মন্ত্ৰালয়

‘গ্ৰীণ ইনিচিয়েটিভ’-ৰ অধীনত জাপানী চৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠানৰে ৫০ ‘বিলিয়ন জাপানী য়েন’ ঋণৰ বাবে ‘বিদেশী মুদ্ৰ ঋণ চুক্তি’ সম্পাদিত কৰিলে ‘এনটিপিচি লিমিটেড’য়ে

‘ফ্লু গেছৰ গন্ধকমুক্তকৰণ’(এফজিডি) তথা ‘নবীকৰণযোগ্য শক্তি প্ৰকল্প’ৰ মূলধনী ব্যয়ৰ পুঁজি হিচাপে এই ঋণ ব্যৱহাৰ কৰিব ‘এনটিপিচি’-য়ে

Posted On: 28 OCT 2020 4:53PM by PIB Guwahati

জাপান বেংক ফৰ ইণ্টাৰনেশ্যনেল ক-অপাৰেশ্যন(জেবিআইচি)ৰ গ্লোবেল একশ্যন ফৰ ৰিকনচিলিং ইকনমিক গ্ৰথ এণ্ড এনভাৰ্নমেণ্ট পিজাৰ্ভেশ্যন ইনিচিয়েটিভ চমুকৈ গ্ৰীণ ইনিচিয়েটিভ-ৰ অধীনত ৫০ বিলিয়ন জাপানী য়েন(প্ৰায় ৪৮২ নিযুত মাৰ্কিন ডলাৰ বা ৩,৫৮২ কোটি টকা) পৰিমাণৰ ঋণ আহৰণৰ বাবে আজি প্ৰথমবাৰৰ বাবে বিদেশী মুদ্ৰ ঋণ চুক্তি সম্পাদিত কৰিলে ভাৰতৰ বৃহত্তম শক্তি উত্পাদক সংস্থা এনটিপিচি লিমিটেডয়ে। জেবিআইচি-য়ে এই ঋণৰ ৬০শতাংশ ধন যোগান ধৰাৰ বিপৰীতে জেবিআইচি-য়ে প্ৰদান কৰা নিৰ্ভয়তাৰ প্ৰতিশ্ৰুতিৰ আধাৰত বাকী ধন ৰাশি আগবঢ়াব কেইটামান বাণিজ্যিক বেংক(যথা- ছুমিটমো মিত্ছুই বেংকিং কৰ্পোৰেশ্যন’, দি বেংক অব য়কোহামা লিমিটেড, দি ছেন-ইন গডো বেংক লিমিটেড, দি জয়ো বেংক লিমিটেড আৰু দি নাণ্টো বেংক লিমিটেড)য়ে।

গোলকীয় পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণ নিশ্চিত কৰা জেবিআইচিসম্প্ৰসাৰিত প্ৰকল্প সম্পৰ্কীয় উদ্যোগৰ অধীনত এই সুবিধা আগবঢ়োৱা হৈছে। ফ্লু গেছৰ গন্ধকমুক্তকৰণ(এফজিডি) তথা নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ মূলধনী ব্যয়ৰ পুঁজি হিচাপে এই ঋণ ব্যৱহাৰ কৰিব ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এনটিপিচি-য়ে। তাপ বিদ্যুত্ প্ৰকল্পসমূহত হোৱা SOx-ৰ প্ৰদূষণ এফজিডি-য়ে লক্ষ্যণীয় হাৰত হ্ৰাস কৰাৰ লগতে ইয়াক পাৰিৱেশিক বহনক্ষমতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়।

ঋণ চুক্তিখনত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে স্বাক্ষৰ দান কৰে এনটিপিচি-ৰ সঞ্চালক(বিত্ত) শ্ৰী অনিল কুমাৰ গৌতম আৰু জেবিআইচি-ৰ গ্লোবেল হেড অব ইনফ্ৰাষ্ট্ৰাকশ্যাৰ এণ্ড এনভাৰ্নমেণ্ট ফাইনেন্স গ্ৰুপ-ৰ পৰিচালন কাৰ্যবাহী বিষয়া শ্ৰী টানিমটো মাছায়ুকীয়ে।

******

RCJ/M/KB



(Release ID: 1668298) Visitor Counter : 163