ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

তদাৰকী সজাগতা সপ্তাহ পালন এনএছআইচিৰ

Posted On: 28 OCT 2020 5:30PM by PIB Guwahati

তদাৰকী সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় লঘূ উদ্যোগ নিগমৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰী বিজয়েন্দ্ৰই তদাৰকী সপ্তাহ উপলক্ষে সংস্থাটোৰ কৰ্মচাৰীসকলক ‘সংস্থাৰ প্ৰতি দায়ৱদ্ধতাৰ শপত’ বাক্য পাঠ কৰায়৷ এনএছআইচি হৈছে অতি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা৷

কাৰ্যসূচীত এএছআইচিৰ কৰ্মচাৰীসকলৰ লগতে প্ৰতিষ্ঠানটোৰ পিএণ্ডএমৰ সঞ্চালক শ্ৰী পি. উদয়শংকৰ, বিত্ত বিভাগৰ সঞ্চালক শ্ৰী গৌৰাং দীক্ষিত, চিভিঅ’ শ্ৰী ৰঞ্জন ত্ৰেহানো উপস্থিত থাকে৷

এই সজাগতা সপ্তাহ অভিযানত জনসাধাৰণৰ সহযোগত ৰাজহুৱা জীৱনত দায়ৱদ্ধতা আৰু সত্যনিষ্ঠা প্ৰতি উদ্গনি যোগোৱাৰ ক্ষেত্ৰত এনএছআইচিৰ প্ৰতিশ্ৰুতিকে প্ৰদৰ্শিত কৰে৷ ক’ভিড-১৯ প্ৰতিৰোধী নিৰ্দেশনা মানি পালন কৰা এই কাৰ্যসূচীত আভ্যন্তৰীণ কাম-কাজ, যিবোৰ এই সজাগতাৰ সপ্তাহৰ অংগ হিচাপে মিচন মোডত কাম কৰা হয়, সেই ক্ষেত্ৰত সকলো কৰ্মচাৰীকে গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়া হয়৷ ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈকে পালন কৰিবলগীয়া এই সপ্তাহৰ মুল বিষয়বস্তু হৈছে ‘সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত৷’

.

******

RCJ/RNM/IA/DB



(Release ID: 1668294) Visitor Counter : 117